Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k.. * - Vertimų turinys


Reikšmių vertimas Aja (Korano eilutė): (22) Sūra: Sūra Al-Fath
وَلَوْ قَاتَلَكُمُ الَّذِیْنَ كَفَرُوْا لَوَلَّوُا الْاَدْبَارَ ثُمَّ لَا یَجِدُوْنَ وَلِیًّا وَّلَا نَصِیْرًا ۟
হে মুমিনসকল! আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰা লোকসকলে যদি তোমালোকৰ সৈতে যুদ্ধ কৰিলেহেঁতেন তেন্তে নিশ্চয় সিহঁতে পৰাজিত হৈ পলায়ন কৰিলেহেঁতেন, তথা ইয়াৰ পিছত সিহঁতে নিজৰ সুৰক্ষাৰ বাবে কোনো সংৰক্ষক বিচাৰি নাপালেহেঁতেন, লগতে তোমালোকৰ সৈতে যুদ্ধ কৰাৰ বাবে কোনো সহায়কো বিচাৰি নাপালেহেঁতেন।
Tafsyrai arabų kalba:
Šiame puslapyje pateiktų ajų nauda:
• إخبار القرآن بمغيبات تحققت فيما بعد - مثل الفتوح الإسلامية - دليل قاطع على أن القرآن الكريم من عند الله.
কোৰআনুল কাৰীমে কিছুমান এনেকুৱা অদৃশ্য বিষয় সম্পৰ্কে সংবাদ দিছে, যিবোৰ পিছলৈ বাস্তৱত পৰিণত হৈছে, যেনে- ইছলামী বিজয় আদি। কোৰআনুল কাৰীম সম্পৰ্কে এইবোৰেই হৈছে অকাট্য প্ৰমাণ যে, ই আল্লাহৰ ফালৰ পৰা অৱতীৰ্ণ।

• تقوم أحكام الشريعة على الرفق واليسر.
চৰীয়তৰ বিধি-বিধানবোৰ সহজ-সৰল আৰু কৃপা নিৰ্ভৰশীল।

• جزاء أهل بيعة الرضوان منه ما هو معجل، ومنه ما هو مدَّخر لهم في الآخرة.
বাইআতে ৰিজৱানত অংশগ্ৰহণ কৰা চাহাবাসকলক তেওঁলোকৰ প্ৰতিদানৰ কিছু অংশ পৃথিৱীতেই দান কৰা হৈছে আৰু বাকীখিনি আখিৰাতৰ বাবে সঞ্চয় কৰি ৰখা হৈছে।

• غلبة الحق وأهله على الباطل وأهله سُنَّة إلهية.
সত্য আৰু সত্যবাদীসকলে, অসত্য তথা অসত্যবাদীসকলৰ ওপৰত সদায় বিজয় লাভ কৰিব, এইটোৱে চলি অহা আল্লাহৰ ৰীতি।

 
Reikšmių vertimas Aja (Korano eilutė): (22) Sūra: Sūra Al-Fath
Sūrų turinys Puslapio numeris
 
Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k.. - Vertimų turinys

Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k., išleido Korano studijų interpretavimo centras.

Uždaryti