Check out the new design

Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. * - Vertimų turinys


Reikšmių vertimas Sūra: At-Takuyr   Aja (Korano eilutė):

আত-তাকৱীৰ

Sūros prasmės:
كمال القرآن في تذكير الأنفس باختلال الكون عند البعث.
মানৱ আত্মাক স্মৰণ কৰোৱাবলৈ পুনৰুত্থানৰ সময়ত হ'বলগীয়া ভয়াৱহ পৰিস্থিতি সম্পৰ্কে কোৰআনে উল্লেখ কৰিছে।

اِذَا الشَّمْسُ كُوِّرَتْ ۟
যেতিয়া সূৰ্যৰ অস্তিত্ব সংকীৰ্ণ কৰি দিয়া হব আৰু সূৰ্যৰ পোহৰ সমাপ্ত কৰি দিয়া হব।
Tafsyrai arabų kalba:
وَاِذَا النُّجُوْمُ انْكَدَرَتْ ۟
আৰু যেতিয়া খহি পৰিব আৰু তাৰ পোহৰ শেষ হৈ যাব।
Tafsyrai arabų kalba:
وَاِذَا الْجِبَالُ سُیِّرَتْ ۟
আৰু পৰ্বতবোৰক তাৰ স্থানৰ পৰা চলমান কৰি দিয়া হ'ব।
Tafsyrai arabų kalba:
وَاِذَا الْعِشَارُ عُطِّلَتْ ۟
যিবোৰ গৰ্ভৱতী উটকলৈ গৰাকীয়ে গৌৰৱ কৰে, সেইসময়ত সেইবোৰ উটক অযত্নে এৰি দিয়া হ'ব।
Tafsyrai arabų kalba:
وَاِذَا الْوُحُوْشُ حُشِرَتْ ۟
আৰু যেতিয়া বনৰীয়া জন্তুবোৰক মানুহৰ লগত একে স্থানত একত্ৰিত কৰা হ'ব।
Tafsyrai arabų kalba:
وَاِذَا الْبِحَارُ سُجِّرَتْ ۟
আৰু যেতিয়া সাগৰবোৰক উদগনি দিয়া হব, ফলত সেইবোৰ জুইত পৰিণত হ'ব।
Tafsyrai arabų kalba:
وَاِذَا النُّفُوْسُ زُوِّجَتْ ۟
আৰু যেতিয়া প্ৰাণবোৰক তেওঁলোকৰ লগত মিলিত কৰা হব যিবোৰ তাৰ সমান হব। গতিকে পাপীৰ লগত পাপী আৰু সদাচাৰৰ লগত সদাচাৰক মিলিত কৰা হ'ব।
Tafsyrai arabų kalba:
وَاِذَا الْمَوْءٗدَةُ سُىِٕلَتْ ۟
আৰু যেতিয়া জীৱন্ত সমাধিস্থ কন্যা শিশুক সোধা হ'ব।
Tafsyrai arabų kalba:
بِاَیِّ ذَنْۢبٍ قُتِلَتْ ۟ۚ
তোমাৰ হত্যাকাৰীয়ে তোমাক কি কাৰণত হত্যা কৰিছিল?
Tafsyrai arabų kalba:
وَاِذَا الصُّحُفُ نُشِرَتْ ۟
আৰু যেতিয়া বান্দাৰ আমাল নামা খুলি দিয়া হব, যাতে প্ৰত্যেক ব্যক্তিয়ে নিজ নিজ আমল নামা (কৰ্ম পত্ৰ) পঢ়িব পাৰে।
Tafsyrai arabų kalba:
وَاِذَا السَّمَآءُ كُشِطَتْ ۟
আৰু যেতিয়া আকাশৰ আৱৰণ খুলি দিয়া হব যিদৰে ছাগলীৰ ছাল খুলা হয়।
Tafsyrai arabų kalba:
وَاِذَا الْجَحِیْمُ سُعِّرَتْ ۟
আৰু যেতিয়া জাহান্নামক ভীষণ ভাৱে প্ৰজ্জ্বলিত কৰা হ'ব।
Tafsyrai arabų kalba:
وَاِذَا الْجَنَّةُ اُزْلِفَتْ ۟
আৰু যেতিয়া জান্নাতক মুত্তাক্বীসকলৰ ওচৰত ৰখা হ'ব।
Tafsyrai arabų kalba:
عَلِمَتْ نَفْسٌ مَّاۤ اَحْضَرَتْ ۟ؕ
যেতিয়া এইবোৰ সংঘটিত হব, তেতিয়া প্ৰত্যেক ব্যক্তিয়ে জানিব যে, তেওঁ সেই দিনৰ বাবে কি আমল আগবঢ়াইছে।
Tafsyrai arabų kalba:
فَلَاۤ اُقْسِمُ بِالْخُنَّسِ ۟ۙ
আল্লাহ তাআলাই সেইবোৰ নক্ষত্ৰৰ শপত খাইছে যিবোৰ ৰাতিত প্ৰকাশ হোৱাৰ আগতে লোকাই থাকে।
Tafsyrai arabų kalba:
الْجَوَارِ الْكُنَّسِ ۟ۙ
যিবোৰ নিজ নিজ অক্ষ ৰেখাত ঘূৰি থাকে আৰু প্ৰভাত অহাৰ লগে লগে তেনেদৰে লুকাই যায় যিদৰে হৰিণে নিজৰ ঘৰত সোমায়।
Tafsyrai arabų kalba:
وَالَّیْلِ اِذَا عَسْعَسَ ۟ۙ
আৰু ৰাতিৰ প্ৰথম ভাগ যেতিয়া আহে আৰু ৰাতিৰ শেষ ভাগ যেতিয়া যাবলৈ ধৰে আল্লাহ তাআলাই ইয়াৰো শপত খাইছে।
Tafsyrai arabų kalba:
وَالصُّبْحِ اِذَا تَنَفَّسَ ۟ۙ
আৰু যেতিয়া পুৱাৰ ভাগত পোহৰ প্ৰসাৰিত হয়, আল্লাহ তাআলাই সেই সময়ৰ শপত খাইছে।
Tafsyrai arabų kalba:
اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۙ
নিশ্চয় মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআন আল্লাহ তাআলাৰ বাণী। যাক আমানতদাৰ ফিৰিস্তা অৰ্থাৎ জিব্ৰীল আলাইহিছ ছালামে পৌঁছাইছে। আল্লাহ তাআলাই তেখেতক এই দায়িত্ব অৰ্পন কৰিছিল।
Tafsyrai arabų kalba:
ذِیْ قُوَّةٍ عِنْدَ ذِی الْعَرْشِ مَكِیْنٍ ۟ۙ
তেওঁ অতি শক্তিশালী আৰু আকাশৰ গৰাকীৰ ওচৰত তেওঁ মৰ্যদা সম্পন্ন।
Tafsyrai arabų kalba:
مُّطَاعٍ ثَمَّ اَمِیْنٍ ۟ؕ
আকাশবাসী সকল তেখেতৰ কথা মানে আৰু তেখেতক প্ৰত্যাদেশ পৌঁছাবলৈ যি দায়িত্ব অৰ্পণ কৰা হৈছে সেয়া আমানতদাৰীৰ সৈতে পালন কৰিছে।
Tafsyrai arabų kalba:
وَمَا صَاحِبُكُمْ بِمَجْنُوْنٍ ۟ۚ
আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম যিয়ে তোমালোকৰ লগত থাকে, যাৰ বিবেক, আমানতদাৰী আৰু সততাৰ বিষয়ে তোমালেকে ভালদৰে পৰিচিত। তেওঁ কোনো উন্মাদ নহয়, যিদৰে তোমালোকে দাবী কৰা।
Tafsyrai arabų kalba:
وَلَقَدْ رَاٰهُ بِالْاُفُقِ الْمُبِیْنِ ۟ۚ
আৰু তোমালোকৰ সঙ্গীয়ে তেখেতক দিগন্তত তেখেতৰ প্ৰকৃত ৰূপত স্পষ্ট ভাৱে দেখিছে।
Tafsyrai arabų kalba:
وَمَا هُوَ عَلَی الْغَیْبِ بِضَنِیْنٍ ۟ۚ
আৰু তোমালকৰ সঙ্গী কৃপণও নহয় যে, যি বস্তু পৌঁছাবলৈ তেখেতক নিযুক্ত কৰা হৈছে সেয়া পৌঁছাবলৈ কৃপণালী কৰিব বা জ্যোতিষীৰ দৰে তোমালোকৰ পৰা বিনিময় বিচাৰিব।
Tafsyrai arabų kalba:
وَمَا هُوَ بِقَوْلِ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ
আৰু এই কোৰআন আল্লাহৰ ৰহমতৰ পৰা বঞ্চিত কোনো অভিশপ্ত চয়তাৰ বাণী নহয়।
Tafsyrai arabų kalba:
فَاَیْنَ تَذْهَبُوْنَ ۟ؕ
এই প্ৰমাণবোৰৰ পিছত এয়া আল্লাহৰ বাণী বুলি অস্বীকাৰ কৰাৰ কোনটো ৰাস্তা থাকিব পাৰে।
Tafsyrai arabų kalba:
اِنْ هُوَ اِلَّا ذِكْرٌ لِّلْعٰلَمِیْنَ ۟ۙ
কোৰআন জিন আৰু মানুহৰ বাবে কেৱল স্মৰণকাৰী আৰু উপদেশ বাণীহে।
Tafsyrai arabų kalba:
لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّسْتَقِیْمَ ۟ؕ
তোমালোকৰ মাজৰ পৰা সেই ব্যক্তিৰ বাবে যিয়ে সত্যৰ পথত চলিব বিচাৰে।
Tafsyrai arabų kalba:
وَمَا تَشَآءُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ رَبُّ الْعٰلَمِیْنَ ۟۠
তুমি সত্য বা অসত্য পথৰ প্ৰতি চলিবলৈ ইচ্ছা কৰিব নোৱাৰিবা, যেতিয়ালৈকে আল্লাহে নিবিচাৰে। যিয়ে গোটেই জগতৰ পালন কৰ্তা।
Tafsyrai arabų kalba:
Šiame puslapyje pateiktų ajų nauda:
• حَشْر المرء مع من يماثله في الخير أو الشرّ.
ক্বিয়ামতৰ দিনা ভাল আৰু বেয়া চৰিত্ৰ অনুসৰি তাৰ সমপৰ্যায়ৰ ব্যক্তিৰ সৈতে উত্থাপন কৰা হব।

• إذا كانت الموءُودة تُسأل فما بالك بالوائد؟ وهذا دليل على عظم الموقف.
যেতিয়া জীৱন্ত সমাধিস্থ কন্যাক সোধা হব তেতিয়া সমাধিস্থকাৰীৰ দশা কি হব।এইটোৱে এই কথা প্ৰমাণ কৰে যে, সেই দিন অতি ভয়াৱহ হ'ব।

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

 
Reikšmių vertimas Sūra: At-Takuyr
Sūrų turinys Puslapio numeris
 
Kilniojo Korano reikšmių vertimas - Kilniojo Korano sutrumpintas reikšmių vertimas į asamiečių k. - Vertimų turinys

Išleido Korano studijų interpretavimo centras.

Uždaryti