Check out the new design

Kilniojo Korano reikšmių vertimas - Vertimas į asamiečių k. - Rafik Islam Habib Ar-Rahman * - Vertimų turinys

PDF XML CSV Excel API
Please review the Terms and Policies

Reikšmių vertimas Sūra: Al-Bakara   Aja (Korano eilutė):
وَلَا تَقُوْلُوْا لِمَنْ یُّقْتَلُ فِیْ سَبِیْلِ اللّٰهِ اَمْوَاتٌ ؕ— بَلْ اَحْیَآءٌ وَّلٰكِنْ لَّا تَشْعُرُوْنَ ۟
আৰু যিসকলে আল্লাহৰ পথত নিহত হয়, তেওঁলোকক মৃত বুলি নামাতিবা, বৰং তেওঁলোক হৈছে জীৱিত; কিন্তু তোমালোকে উপলব্ধি কৰিব নোৱাৰা।
Tafsyrai arabų kalba:
وَلَنَبْلُوَنَّكُمْ بِشَیْءٍ مِّنَ الْخَوْفِ وَالْجُوْعِ وَنَقْصٍ مِّنَ الْاَمْوَالِ وَالْاَنْفُسِ وَالثَّمَرٰتِ ؕ— وَبَشِّرِ الصّٰبِرِیْنَ ۟ۙ
আৰু আমি তোমালোকক নিশ্চয় পৰীক্ষা কৰিম অলপ ভয়-ভীতি, ভোক আৰু ধন-সম্পদ, জীৱন আৰু ফচলৰ ক্ষয়-ক্ষতিৰ দ্বাৰা; আৰু তুমি ধৈৰ্য্যশীলসকলক সুসংবাদ দিয়া--
Tafsyrai arabų kalba:
الَّذِیْنَ اِذَاۤ اَصَابَتْهُمْ مُّصِیْبَةٌ ۙ— قَالُوْۤا اِنَّا لِلّٰهِ وَاِنَّاۤ اِلَیْهِ رٰجِعُوْنَ ۟ؕ
যিসকলে বিপদত আক্ৰান্ত হ’লে কয়, ‘আমিতো আল্লাহৰেই, আৰু নিশ্চয় আমি তেওঁৰ পিনেই প্ৰত্যাৱৰ্তনকাৰী’।
Tafsyrai arabų kalba:
اُولٰٓىِٕكَ عَلَیْهِمْ صَلَوٰتٌ مِّنْ رَّبِّهِمْ وَرَحْمَةٌ ۫— وَاُولٰٓىِٕكَ هُمُ الْمُهْتَدُوْنَ ۟
এওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতিপালকৰ পৰা বিশেষ অনুগ্ৰহ আৰু ৰহমত বৰ্ষিত হয়, আৰু এওঁলোকেই সৎপথত পৰিচালিত।
Tafsyrai arabų kalba:
اِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَآىِٕرِ اللّٰهِ ۚ— فَمَنْ حَجَّ الْبَیْتَ اَوِ اعْتَمَرَ فَلَا جُنَاحَ عَلَیْهِ اَنْ یَّطَّوَّفَ بِهِمَا ؕ— وَمَنْ تَطَوَّعَ خَیْرًا ۙ— فَاِنَّ اللّٰهَ شَاكِرٌ عَلِیْمٌ ۟
নিশ্চয় চাফা আৰু মাৰৱা আল্লাহৰ নিদৰ্শনসমূহৰ অন্তৰ্ভুক্ত। এতেকে যিয়ে (কাবা) ঘৰৰ হজ্জ অথবা ওমৰাহ সম্পন্ন কৰে, এই দুটাৰ মাজত ছায়ী (প্ৰদক্ষিণ) কৰিলে তাৰ কোনো পাপ নহ’ব; আৰু যিয়ে স্বতঃস্ফূৰ্তভাৱে কোনো সৎকৰ্ম কৰিব, তেন্তে নিশ্চয় আল্লাহ উত্তম পুৰস্কাৰদাতা, সৰ্বজ্ঞ।
Tafsyrai arabų kalba:
اِنَّ الَّذِیْنَ یَكْتُمُوْنَ مَاۤ اَنْزَلْنَا مِنَ الْبَیِّنٰتِ وَالْهُدٰی مِنْ بَعْدِ مَا بَیَّنّٰهُ لِلنَّاسِ فِی الْكِتٰبِ ۙ— اُولٰٓىِٕكَ یَلْعَنُهُمُ اللّٰهُ وَیَلْعَنُهُمُ اللّٰعِنُوْنَ ۟ۙ
নিশ্চয় আমি যিবোৰ সু-স্পষ্ট নিদৰ্শন আৰু হিদায়ত অৱতীৰ্ণ কৰিছোঁ, মানুহৰ বাবে কিতাবত সেইবোৰ স্পষ্টভাৱে ব্যক্ত কৰাৰ পিছতো যিসকলে সেইবোৰ গোপন কৰে, সিহঁতক আল্লাহে অভিশাপ কৰে আৰু অভিশাপকাৰীসকলেও সিহঁতক অভিশাপ কৰে।
Tafsyrai arabų kalba:
اِلَّا الَّذِیْنَ تَابُوْا وَاَصْلَحُوْا وَبَیَّنُوْا فَاُولٰٓىِٕكَ اَتُوْبُ عَلَیْهِمْ ۚ— وَاَنَا التَّوَّابُ الرَّحِیْمُ ۟
কিন্তু যিসকলে তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে আৰু সত্যক সুস্পষ্টভাৱে ব্যক্ত কৰিছে। তেওঁলোকেই হৈছে সেইসকল লোক, যিসকলৰ তাওবা আমি কবুল কৰোঁ; আৰু মই অধিক তাওবা কবুলকাৰী, পৰম দয়ালু।
Tafsyrai arabų kalba:
اِنَّ الَّذِیْنَ كَفَرُوْا وَمَاتُوْا وَهُمْ كُفَّارٌ اُولٰٓىِٕكَ عَلَیْهِمْ لَعْنَةُ اللّٰهِ وَالْمَلٰٓىِٕكَةِ وَالنَّاسِ اَجْمَعِیْنَ ۟ۙ
নিশ্চয় যিসকলে কুফৰী কৰিছে আৰু কাফিৰ অৱস্থাতেই মৃত্যুবৰণ কৰিছে, সিহঁতৰ ওপৰত আল্লাহৰ, ফিৰিস্তাসকলৰ আৰু সকলো মানুহৰ অভিশাপ।
Tafsyrai arabų kalba:
خٰلِدِیْنَ فِیْهَا ۚ— لَا یُخَفَّفُ عَنْهُمُ الْعَذَابُ وَلَا هُمْ یُنْظَرُوْنَ ۟
তাত সিহঁত স্থায়ী হ’ব। সিহঁতৰ শাস্তি অকণো শিথিল কৰা নহ’ব আৰু সিহঁতক অৱকাশো দিয়া নহ’ব।
Tafsyrai arabų kalba:
وَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ— لَاۤ اِلٰهَ اِلَّا هُوَ الرَّحْمٰنُ الرَّحِیْمُ ۟۠
আৰু তোমালোকৰ ইলাহ কেৱল এজন ইলাহ। তেওঁৰ বাহিৰে আন কোনো (সত্য) ইলাহ নাই। তেওঁ পৰম কৰুণাময়, পৰম দয়ালু।
Tafsyrai arabų kalba:
 
Reikšmių vertimas Sūra: Al-Bakara
Sūrų turinys Puslapio numeris
 
Kilniojo Korano reikšmių vertimas - Vertimas į asamiečių k. - Rafik Islam Habib Ar-Rahman - Vertimų turinys

Išvertė Rafik Al-Islam Habib Ar-Rahman.

Uždaryti