Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
7 : 35

اَلَّذِیْنَ كَفَرُوْا لَهُمْ عَذَابٌ شَدِیْدٌ ؕ۬— وَالَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ لَهُمْ مَّغْفِرَةٌ وَّاَجْرٌ كَبِیْرٌ ۟۠

যিসকল লোকে আল্লাহৰ লগত কুফৰী কৰি চয়তানৰ অনুসৰণ কৰিছে, সিহঁতৰ বাবে আছে কঠিন শাস্তি। আনহাতে যিসকলে সৎকৰ্ম কৰিছে, তেওঁলোকৰ বাবে আল্লাহৰ ওচৰত আছে তেওঁলোকৰ গুনাহৰ মাগফিৰাত আৰু মহাপ্ৰতিদান অৰ্থাৎ জান্নাত। info
التفاسير:
Придобивки од ајетите на оваа страница:
• تسلية الرسول صلى الله عليه وسلم بذكر أخبار الرسل مع أقوامهم.
আন আন ৰাছুলসকলৰ লগত তেওঁলোকৰ সম্প্ৰদায়ে কেনেকুৱা আচৰণ কৰিছিল, সেই সংবাদবোৰ উল্লেখ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সান্ত্বনা দিয়া হৈছে। info

• الاغترار بالدنيا سبب الإعراض عن الحق.
সত্যৰ পৰা আঁতৰি থকাৰ অন্যতম এটা কাৰণ হৈছে পাৰ্থিৱ জীৱনৰ মোহ। info

• اتخاذ الشيطان عدوًّا باتخاذ الأسباب المعينة على التحرز منه؛ من ذكر الله، وتلاوة القرآن، وفعل الطاعة، وترك المعاصي.
চয়তানক শত্ৰু হিচাপে গ্ৰহণ কৰিবলৈ সেইবোৰ কাম কৰাও অতি গুৰুত্বপূৰ্ণ, যিবোৰ কৰিলে সহজে তাৰ পৰা ৰক্ষা পাব পাৰি। যেনে- আল্লাহৰ জিকৰ, কোৰআন তিলাৱত, অন্যান্য সৎকৰ্ম আৰু গুনাহৰ পৰা বিৰত থকা ইত্যাদি। info

• ثبوت صفة العلو لله تعالى.
আল্লাহৰ অন্যতম এটা বিশেষণ ‘সুউচ্চ’ ইয়াৰ প্ৰমাণ পোৱা গ’ল। info