Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (80) അദ്ധ്യായം: ഖസസ്
وَقَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ وَیْلَكُمْ ثَوَابُ اللّٰهِ خَیْرٌ لِّمَنْ اٰمَنَ وَعَمِلَ صَالِحًا ۚ— وَلَا یُلَقّٰىهَاۤ اِلَّا الصّٰبِرُوْنَ ۟
পক্ষান্তৰে যিসকলক জ্ঞান দান কৰা হৈছিল, তেওঁলোকে যেতিয়া কাৰূনক জাকজমকতাৰ মাজত দেখিলে আৰু তাৰ সঙ্গীসকলৰ আশা সম্পৰ্কে শুনিলে তেতিয়া তেওঁলোকে ক’লেঃ দুৰ্ভোগ তোমালোকৰ বাবে! কাৰণ আখিৰাতত থকা আল্লাহৰ প্ৰতিদান, যিবোৰ তেওঁ সেইসকল লোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে যিসকলে তেওঁৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, কাৰূনক প্ৰদান কৰা পাৰ্থিৱ জীৱনৰ এই জাকজমকতাৰ তুলনাত সেইবোৰ অতি উত্তম। এইবোৰ কেৱল সেইসকল লোকেই লাভ কৰিব যিসকলে ঈমান আনিছে আৰু সেইমতে আমল কৰাৰ ক্ষেত্ৰত ধৈৰ্য্য ধাৰণ কৰিছে। তেওঁলোকে সংযমৰ সৈতে আল্লাহৰ ওচৰত পাবলগীয়া প্ৰতিদানক পৃথিৱীৰ অস্থায়ী সা-সামগ্ৰীৰৰ ওপৰত প্ৰাধান্য দিয়ে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• كل ما في الإنسان من خير ونِعَم، فهو من الله خلقًا وتقديرًا.
মানুহৰ ওচৰত থকা সকলো কল্যাণ আৰু নিয়ামতবোৰ হৈছে আল্লাহ প্ৰদত্ত। তেৱেঁই এইবোৰ সৃষ্টি কৰিছে আৰু মানুহৰ বাবে নিৰ্ধাৰণ কৰিছে।

• أهل العلم هم أهل الحكمة والنجاة من الفتن؛ لأن العلم يوجه صاحبه إلى الصواب.
প্ৰকৃত জ্ঞানীসকলেই হৈছে প্ৰজ্ঞাৱান, তথা তেওঁলোকেই ফিতনাৰ পৰা সুৰক্ষিত। কাৰণ জ্ঞানে মানুহক সঠিক পথ দেখুৱায়।

• العلو والكبر في الأرض ونشر الفساد عاقبته الهلاك والخسران.
পৃথিৱীত স্বৈৰাচাৰীতা, অহংকাৰ আৰু উপদ্ৰৱ সৃষ্টি কৰা আৰু উৎপাত কৰা লোকসকলৰ শেষ পৰিণতি হৈছে ধ্বংস তথা বিনাশ।

• سعة رحمة الله وعدله بمضاعفة الحسنات للمؤمن وعدم مضاعفة السيئات للكافر.
আল্লাহে তেওঁৰ অসীম কৃপা ন্যায়পৰায়ণতাৰ কাৰণে মুমিনসকলক তেওঁলোকৰ ছোৱাব বৃদ্ধি কৰি দিয়ে; কিন্তু কাফিৰসকলক সিহঁতৰ পাপকৰ্মৰ গুনাহ বৃদ্ধি কৰি নিদিয়ে।

 
പരിഭാഷ ആയത്ത്: (80) അദ്ധ്യായം: ഖസസ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക