വിശുദ്ധ ഖുർആൻ പരിഭാഷ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (16) അദ്ധ്യായം: സൂറത്തുൽ ഹുജുറാത്ത്
قُلْ اَتُعَلِّمُوْنَ اللّٰهَ بِدِیْنِكُمْ ؕ— وَاللّٰهُ یَعْلَمُ مَا فِی السَّمٰوٰتِ وَمَا فِی الْاَرْضِ ؕ— وَاللّٰهُ بِكُلِّ شَیْءٍ عَلِیْمٌ ۟
হে ৰাছুল! আপুনি এই বেদুইনসকলক কৈ দিয়কঃ তোমালোকে আল্লাহক নিজৰ দ্বীন সম্পৰ্কে অৱগত কৰোৱাই আছা নেকি তথা তেওঁক এই বিষয়ে উপলব্ধি কৰোৱাই আছা নেকি? অথচ আল্লাহে আকাশমণ্ডলত যি আছে সেই বিষয়েও জানে আৰু পৃথিৱীত যি আছে সেইবোৰৰ বিষয়েও জানে। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তেওঁৰ পৰা একোৱেই গোপন নহয়। গতিকে তেওঁক তোমালোকৰ ধৰ্ম সম্পৰ্কে অৱগত কৰোৱাৰ কোনো আৱশ্যকতা নাই।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• سوء الظن بأهل الخير معصية، ويجوز الحذر من أهل الشر بسوء الظن بهم.
ভাল মানুহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰা গুনাহ। পক্ষান্তৰে বেয়া মানুহৰ বিষয়ে বেয়া ধাৰণা পোষণ কৰি মানুহক সাৱধান কৰা জৰুৰী।

• وحدة أصل بني البشر تقتضي نبذ التفاخر بالأنساب.
গোটেই মানৱজাতিৰ মূল একেই। গতিকে বংশক কেন্দ্ৰ কৰি অহংকাৰ কৰা উচিত নহয়।

• الإيمان ليس مجرد نطق لا يوافقه اعتقاد، بل هو اعتقاد بالجَنان، وقول باللسان، وعمل بالأركان.
বিশ্বাস নকৰাকৈ কেৱল মৌখিক স্বীকাৰোক্তিৰ নামেই ঈমান নহয়। বৰং ঈমান হৈছে, অন্তৰেৰে বিশ্বাস কৰা, মুখেৰে স্বীকাৰ কৰা আৰু চৰীয়তৰ মূল স্তম্ভসমূহৰ ওপৰত আমল কৰা।

• هداية التوفيق بيد الله وحده وهي فضل منه سبحانه ليست حقًّا لأحد.
হিদায়তৰ তাওফীক দিয়াৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত। এইটো তেওঁৰ অনুগ্ৰহৰ দ্বাৰা লাভ হয়। এইটো লাভ কৰিবলৈ কাৰো অধিকাৰ নাই।

 
പരിഭാഷ ആയത്ത്: (16) അദ്ധ്യായം: സൂറത്തുൽ ഹുജുറാത്ത്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - വിവർത്തനങ്ങളുടെ സൂചിക

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

അടക്കുക