Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ ആയത്ത്: (88) അദ്ധ്യായം: മാഇദ
وَكُلُوْا مِمَّا رَزَقَكُمُ اللّٰهُ حَلٰلًا طَیِّبًا ۪— وَّاتَّقُوا اللّٰهَ الَّذِیْۤ اَنْتُمْ بِهٖ مُؤْمِنُوْنَ ۟
যিবোৰ হালাল তথা পৱিত্ৰ জীৱিকা আল্লাহে তোমালোকলৈ যোগান ধৰিছে, তাৰ পৰা আহাৰ কৰা, আৰু হাৰাম বস্তু ভক্ষণ নকৰিবা, যেনে আত্মসাৎ কৰা বস্তু অথবা অপৱিত্ৰ বস্তু। এতেকে আল্লাহৰ বিধি-বিধান পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। কাৰণ তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, আৰু এইটোৱেই তোমালোকৰ ঈমানৰ দাবী যে, তোমালোকে কেৱল তেওঁকেই ভয় কৰা।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الأمر بتوخي الطيب من الأرزاق وترك الخبيث.
পৱিত্ৰ জীৱিকা অনুসন্ধান কৰিবলৈ তথা অপৱিত্ৰ জীৱিকা ত্যাগ কৰাৰ আদেশ দিয়া হৈছে।

• عدم المؤاخذة على الحلف عن غير عزم للقلب، والمؤاخذة على ما كان عن عزم القلب ليفعلنّ أو لا يفعلنّ.
আন্তৰিক সংকল্পৰে যি শপত খোৱা নহয়, সেই শপতৰ হিচাপ লোৱা নহ'ব। আনহাতে যিটো জানি বুজি সংকল্প সহকাৰে খোৱা হয়, সেই শপত হিচাপ হ'ব।

• بيان أن كفارة اليمين: إطعام عشرة مساكين، أو كسوتهم، أو عتق رقبة مؤمنة، فإذا لم يستطع المكفِّر عن يمينه الإتيان بواحد من الأمور السابقة، فليكفِّر عن يمينه بصيام ثلاثة أيام.
শপত ভঙ্গ কৰিলে তাৰ কাফ্ফাৰা হৈছেঃ দহ জন মিছকিনক ভোজন কৰোৱা, অথবা সিহঁতক কাপোৰ দান কৰা নাইবা এজন মুমিন দাস মুক্ত কৰা। প্ৰায়শ্চিতকাৰীয়ে যদি এইবোৰ কৰিব নোৱাৰে তেন্তে তিনি দিন চওঁম পালন কৰিব লাগিব।

• قوله تعالى: ﴿... إنَّمَا الْخَمْرُ ...﴾ هي آخر آية نزلت في الخمر، وهي نص في تحريمه.
ইন্নামাল খামৰু... এই আয়াতটো মাদক দ্ৰৱ্য সম্পৰ্কীয় সৰ্বশেষ আয়াত, তথা এই আয়াতে মাদক দ্ৰৱ্য যে নিষিদ্ধ সেয়া স্পষ্ট কৰিছে।

 
പരിഭാഷ ആയത്ത്: (88) അദ്ധ്യായം: മാഇദ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക