Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ അദ്ധ്യായം: ജിന്ന്   ആയത്ത്:

আল-জ্বিন

സൂറത്തിൻ്റെ ഉദ്ദേശ്യങ്ങളിൽ പെട്ടതാണ്:
إبطال دين المشركين، ببيان حال الجنّ وإيمانهم بعد سماع القرآن.
জিনসকলৰ অৱস্থা বৰ্ণনা কৰি মুশ্বৰিকসকলৰ ধৰ্মক খণ্ডন কৰিছে, কাৰণ তেওঁলোকে কোৰআন শুনাৰ লগে লগে ঈমান আনিছিল।

قُلْ اُوْحِیَ اِلَیَّ اَنَّهُ اسْتَمَعَ نَفَرٌ مِّنَ الْجِنِّ فَقَالُوْۤا اِنَّا سَمِعْنَا قُرْاٰنًا عَجَبًا ۟ۙ
হে নবী, আপুনি আপোনাৰ উম্মতক কৈ দিয়কঃ মোৰ প্ৰতি অহী অৱতীৰ্ণ হৈছে যে, জিনসকলৰ এটা দলে নাখলা নামক ঠাইত মোৰ পৰা কোৰআন শুনিছে। ফলত সিহঁতে নিজৰ জাতিৰ ফালে ওভতি গৈ কৈছেঃ আমি এক এনেকুৱা পঠিত বাণী শুনিছো যিটো অতি বিস্ময়কৰ আৰু সুবোধগম্য।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
یَّهْدِیْۤ اِلَی الرُّشْدِ فَاٰمَنَّا بِهٖ ؕ— وَلَنْ نُّشْرِكَ بِرَبِّنَاۤ اَحَدًا ۟ۙ
এই বাণী, যিটো আমি শুনিছো সেইটো আস্থা, কথন আৰু কৰ্মৰ ক্ষেত্ৰত সঠিক আৰু যথোচিত বুলি প্ৰমাণিত। গতিকে আমি ইয়াৰ প্ৰতি ঈমান আনিছো। আৰু আমি কাকো আমাৰ প্ৰতিপালকৰ সৈতে অংশীদাৰ স্থাপন নকৰিম।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّهٗ تَعٰلٰی جَدُّ رَبِّنَا مَا اتَّخَذَ صَاحِبَةً وَّلَا وَلَدًا ۟ۙ
আৰু আমি এই কথাৰ প্ৰতিও ঈমান আনিছো যে, আমাৰ প্ৰতিপালকৰ (তেওঁৰ মহিমা আৰু প্ৰতাপ অতি মহান) কোনো স্ত্ৰী, সন্তান আদি একো নাই। যিদৰে মুশ্বৰিক সকলে ইয়াৰ বিপৰীত আস্থা পোষণ কৰে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّهٗ كَانَ یَقُوْلُ سَفِیْهُنَا عَلَی اللّٰهِ شَطَطًا ۟ۙ
আৰু ইবলিছ চয়তানে আল্লাহ সম্পৰ্কে বহুত অবাস্তৱ তথা অসত্য কথা কৈছিল। অৰ্থাৎ তেওঁৰ সৈতে স্ত্ৰী আৰু সন্তানৰ সম্বন্ধ সংযোগ কৰিছিল।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّا ظَنَنَّاۤ اَنْ لَّنْ تَقُوْلَ الْاِنْسُ وَالْجِنُّ عَلَی اللّٰهِ كَذِبًا ۟ۙ
আৰু আমি ভাবিছিলো যে, মুশ্বৰিক জিন আৰু মানুহে যিহেতু কৈছিল যে, আল্লাহৰ স্ত্ৰী আৰু সন্তান আছে, সেয়া কোনো অসত্য কথা নহয়। এই কাৰণেই আমি সিহঁতৰ পথৰ অনুকৰণ কৰি সিহঁতৰ কথা সত্য বুলি ভাবিছিলো।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّهٗ كَانَ رِجَالٌ مِّنَ الْاِنْسِ یَعُوْذُوْنَ بِرِجَالٍ مِّنَ الْجِنِّ فَزَادُوْهُمْ رَهَقًا ۟ۙ
আৰু অজ্ঞতা যুগত কিছুমান লোকে যেতিয়া কোনো ভয়াৱহ ঠাইত অৱতৰণ কৰিছিল তেতিয়া সিহঁতে কিছুমান জিনৰ আশ্ৰয় বিচাৰি কৈছিলঃ মই এই ঠাইৰ নেতা জিনৰ আশ্ৰয় বিচাৰো। এই জাতিৰ অজ্ঞ জিনৰ পৰা। এইদৰে সেই লোকসকলে জিনৰ সাহস বৃদ্ধি কৰি দিছিল।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّهُمْ ظَنُّوْا كَمَا ظَنَنْتُمْ اَنْ لَّنْ یَّبْعَثَ اللّٰهُ اَحَدًا ۟ۙ
হে জিন, যিদৰে তোমালোকে ভাবিছিলা তেনেদৰে মানৱ সকলেও ভাবিছিল যে আল্লাহে কাৰো মৃ্ত্যুৰ পিছত হিচাপ- নিকাচ আৰু পৰিণামৰ বাবে কেতিয়াও জীৱিত নকৰিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّا لَمَسْنَا السَّمَآءَ فَوَجَدْنٰهَا مُلِئَتْ حَرَسًا شَدِیْدًا وَّشُهُبًا ۟ۙ
আৰু আমি আকাশৰ খবৰ লবলৈ প্ৰয়াস কৰিছিলো। কিন্তু আমি আকাশত ফিৰিস্তা সকলৰ মজবুত প্ৰহৰী নিৰ্ধাৰিত কৰা পালো। যিসকলে এই কাৰণে পহৰা দি আছে যে, যাতে কোনেও চুৰকৈ গোপনভাৱে কোনো কথা শ্ৰৱণ কৰিব নাপায়। যিটো আমি কৰি আছিলো। আৰু আকাশক উল্কাপিণ্ডৰে ভৰাই ৰাখিছে। সেইবোৰৰ দ্বাৰা আকাশৰ ওচৰলৈ যোৱা সকলৰ প্ৰতি নিক্ষেপ কৰা হয়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّا كُنَّا نَقْعُدُ مِنْهَا مَقَاعِدَ لِلسَّمْعِ ؕ— فَمَنْ یَّسْتَمِعِ الْاٰنَ یَجِدْ لَهٗ شِهَابًا رَّصَدًا ۟ۙ
আৰু আমি আগতে আকাশত স্থান বাচনি কৰি লৈছিলো আৰু তাত ফিৰিস্তাসকলৰ মাজত আদান- প্ৰদান হোৱা খবৰসমূহ শুনিছিলো আৰু পৃথিৱীত থকা জ্যোতিষিক কৈ দিছিলো। কিন্তু এতিয়া পৰিস্থিতি পৰিৱৰ্তন হৈছে। এতিয়া যিয়ে শুনিবলৈ প্ৰয়াস কৰিব সি এনেকুৱা লেলিহান জুইৰ সন্মুখীন হব লাগিব যিটো তাৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে। সি যেতিয়াই তাৰ ওচৰলৈ যাব। সেই লেলেহান জুই তাৰ প্ৰতি নিক্ষেপ কৰা হ'ব, ফলত সি ভস্মিভূত হ'ব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّا لَا نَدْرِیْۤ اَشَرٌّ اُرِیْدَ بِمَنْ فِی الْاَرْضِ اَمْ اَرَادَ بِهِمْ رَبُّهُمْ رَشَدًا ۟ۙ
আৰু আমি নাজানো এই কঠোৰ প্ৰহৰী দিয়াৰ কাৰণ কি। ইয়াৰ দ্বাৰা পৃথিৱীবাসী সকলৰ অমঙ্গল বিচৰা হৈছে নেকি, নে আল্লাহে সিহঁতৰ বাবে মঙ্গল বিচাৰিছে? কিয়নো আকাশৰ খবৰৰ সম্পৰ্ক আমাৰ পৰা বিচ্ছন্ন হৈছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّا مِنَّا الصّٰلِحُوْنَ وَمِنَّا دُوْنَ ذٰلِكَ ؕ— كُنَّا طَرَآىِٕقَ قِدَدًا ۟ۙ
হে জিন সম্প্ৰদায়, আমাৰ মাজৰ কিছুমান হৈছে সদাচাৰ আৰু সত্কৰ্মী আৰু কিছুমান হৈছে কাফিৰ অৱজ্ঞাকাৰী। আমি ভিন্ন প্ৰকাৰৰ আছিলো আৰু ভিন্ন পথৰ পথাচাৰী আছিলো।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّا ظَنَنَّاۤ اَنْ لَّنْ نُّعْجِزَ اللّٰهَ فِی الْاَرْضِ وَلَنْ نُّعْجِزَهٗ هَرَبًا ۟ۙ
আৰু আমাৰ বিশ্বাস হৈ গৈছে যে, যদি আল্লাহে আমাৰ লগত কিবা কৰাৰ ইচ্ছা কৰে তেন্তে আমি তাক পৰাজয় কৰিব নোৱাৰিম আৰু তাৰ পৰা পলাবও নোৱাৰিম। কিয়নো তেওঁ আমাক পৰিবেষ্টন কৰি আছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّا لَمَّا سَمِعْنَا الْهُدٰۤی اٰمَنَّا بِهٖ ؕ— فَمَنْ یُّؤْمِنْ بِرَبِّهٖ فَلَا یَخَافُ بَخْسًا وَّلَا رَهَقًا ۟ۙ
আৰু যেতিয়া আমি কোৰআন শুনিছো যিটো সঠিক পথৰ ফালে আহ্বান কৰে। যাৰ প্ৰতি আমি ঈমান আনিছো। গতিকে যিয়ে নিজৰ প্ৰতিপালকৰ প্ৰতি ঈমান আনিব ফলত তেওঁৰ পুণ্যত কোনো হ্ৰাস নহব আৰু পাপ কামত কোনো বৃদ্ধি নহ'ব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• تأثير القرآن البالغ فيمَنْ يستمع إليه بقلب سليم.
মনোযোগ সহকাৰে সত্য সৰল অন্তৰেৰে কোৰআন শ্ৰৱণ কৰিলে বহুত প্ৰভাৱ পৰে।

• الاستغاثة بالجن من الشرك بالله، ومعاقبةُ فاعله بضد مقصوده في الدنيا.
জিনৰ ওচৰত আশ্ৰয় প্ৰাৰ্থনা কৰা শ্বিৰ্ক। লগতে পৃথিৱীত সিহঁতৰ শাস্তি।

• بطلان الكهانة ببعثة النبي صلى الله عليه وسلم.
মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক নবী বনাই জ্যোতিষী বিদ্যাৰ খণ্ডন কৰা হৈছে।

• من أدب المؤمن ألا يَنْسُبَ الشرّ إلى الله.
কোনো বেয়া কৰ্মক আল্লাহৰ সৈতে সম্পৃক্ত কৰা মুমিন সকলৰ শিষ্টাচাৰৰ অন্তৰ্ভুক্ত নহয়।

وَّاَنَّا مِنَّا الْمُسْلِمُوْنَ وَمِنَّا الْقٰسِطُوْنَ ؕ— فَمَنْ اَسْلَمَ فَاُولٰٓىِٕكَ تَحَرَّوْا رَشَدًا ۟
আৰু আমাৰ মাজৰ কিছুমান হৈছে মুমিন আৰু আল্লাহৰ আজ্ঞা পালনকাৰী। আৰু কিছুমান হৈছে সত্যৰ পৰা দূৰত্ব অৱলম্বনকাৰী। গতিকে যিয়ে আল্লাহৰ আগত নত হৈ তেওঁৰ আদেশ পালন কৰিব আৰু সত্কৰ্ম কৰিব, সিহঁতেই হিদায়ত আৰু সঠিক পথৰ পথাচাৰী।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَاَمَّا الْقٰسِطُوْنَ فَكَانُوْا لِجَهَنَّمَ حَطَبًا ۟ۙ
আৰু যিহঁতে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতেই জাহান্নামৰ ইন্ধন হ'ব। তাত সিহঁতৰ দৰেই মানুহৰ সৈতে অগ্নিদগ্ধ হৈ থাকিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنْ لَّوِ اسْتَقَامُوْا عَلَی الطَّرِیْقَةِ لَاَسْقَیْنٰهُمْ مَّآءً غَدَقًا ۟ۙ
যিদৰে তেওঁৰ ওচৰলৈ অহী প্ৰেৰণ কৰা হৈছে যে, জিনৰ এটা দলে কোৰআন শুনিছে, তেনেদৰে এয়াও অহী প্ৰেৰণ কৰা হৈছে যে, যদি জিন আৰু মানৱে ইছলামৰ পথ অৱলম্বন কৰিলেহেঁতেন আৰু তাৰ প্ৰতি আমল কৰিলেহেঁতেন তেন্তে আমি সিহঁতক প্ৰচুৰ পৰিমাণ পানী পান কৰালোহেঁতেন আৰু বিভিন্ন প্ৰকাৰৰ অনুগ্ৰহেৰে উপকৃত হোৱাৰ অৱকাশ দিলোহেঁতেন।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
لِّنَفْتِنَهُمْ فِیْهِ ؕ— وَمَنْ یُّعْرِضْ عَنْ ذِكْرِ رَبِّهٖ یَسْلُكْهُ عَذَابًا صَعَدًا ۟ۙ
যাতে আমি সিহঁতক ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পাৰো যে, আল্লাহৰ অনুগ্ৰসমূহৰ কৃতজ্ঞতা পালন কৰে নে নাই? আৰু যিয়ে কোৰআন তথা তাৰ ভিতৰত থকা উপদেশ তথা আদেশ সমূহৰ পৰা মুখ ঘূৰাই লব, তাক তাৰ প্ৰতিপালকে কঠোৰ শাস্তিত নিক্ষেপ কৰিব, যিটো সি সহ্য কৰিব নোৱাৰিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّ الْمَسٰجِدَ لِلّٰهِ فَلَا تَدْعُوْا مَعَ اللّٰهِ اَحَدًا ۟ۙ
আৰু মছজিদসমূহ কেৱল মহামহিম আল্লাহৰ বাবেই, তেওঁৰ বাহিৰে আন কাৰোবাৰ বাবে নহয়। গতিকে তাৰ ভিতৰত আল্লাহৰ বাহিৰে আন কাকো আহ্বান নকৰিবা। অন্যথা তোমালোকে ইহুদী আৰু খৃষ্টান বিলাকৰ দৰে হৈ যাবা। যিহঁতে নিজৰ উপাসনা স্থলত আল্লাহৰ বাহিৰে বেলেগৰো উপাসনা কৰি থাকে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّاَنَّهٗ لَمَّا قَامَ عَبْدُ اللّٰهِ یَدْعُوْهُ كَادُوْا یَكُوْنُوْنَ عَلَیْهِ لِبَدًا ۟ؕ۠
আৰু যেতিয়া আল্লাহৰ বান্দা মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে নাখলা নামক ঠাইত তেখেতৰ প্ৰতিপালকৰ ইবাদত কৰিবলৈ থিয় হৈছিল, তেতিয়া জিনসকলে কোৰআন শুনিবলৈ বহুত ভীৰ লগাইছিল।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
قُلْ اِنَّمَاۤ اَدْعُوْا رَبِّیْ وَلَاۤ اُشْرِكُ بِهٖۤ اَحَدًا ۟
হে ৰাছুল, আপুনি কৈ দিয়কঃ মই কেৱলমাত্ৰ আল্লাহক আহ্বান কৰো। ইবাদতত কাকো তেওঁৰ অংশীদাৰ স্থাপন নকৰো। সি যিয়েই নহওঁক কিয়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
قُلْ اِنِّیْ لَاۤ اَمْلِكُ لَكُمْ ضَرًّا وَّلَا رَشَدًا ۟
সিহঁতক কৈ দিয়কঃ মই তোমালোকৰ কোনো ক্ষতি দূৰ কৰিব নোৱাৰো যিটো আল্লাহে তোমালোকৰ বাবে নিৰ্ধাৰিত কৰি ৰাখিছে। আৰু তোমালোকক কোনো লাভ বা উপকাৰো কৰিব নোৱাৰিম। যাৰ পৰা আল্লাহে তোমালোকক বঞ্চিত কৰি ৰাখিছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
قُلْ اِنِّیْ لَنْ یُّجِیْرَنِیْ مِنَ اللّٰهِ اَحَدٌ ۙ۬— وَّلَنْ اَجِدَ مِنْ دُوْنِهٖ مُلْتَحَدًا ۟ۙ
সিহঁতক কৈ দিয়কঃ যদি মই আল্লাহৰ অৱজ্ঞা কৰো তেন্তে কোনেও তেওঁৰ পৰা মোক ৰক্ষা কৰিব নোৱাৰিব। আৰু মই তেওঁৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰিও নাপাম।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِلَّا بَلٰغًا مِّنَ اللّٰهِ وَرِسٰلٰتِهٖ ؕ— وَمَنْ یَّعْصِ اللّٰهَ وَرَسُوْلَهٗ فَاِنَّ لَهٗ نَارَ جَهَنَّمَ خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ۟ؕ
মই কৰিব পৰা কামটো হৈছে তোমালোকৰ ওচৰত আল্লাহৰ আদেশ পৌঁছাই দিয়া। আৰু সেই ৰিছালত পৌঁছাই দিয়া যিটোৰ সৈতে মোক প্ৰেৰণ কৰা হৈছে। আৰু যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ অৱজ্ঞা তথা অবাধ্যতা কৰিব তাৰ পৰিণাম হৈছে জাহান্নামত প্ৰৱেশ। য'ত সি চিৰ দিন থাকিব লাগিব। তাৰ পৰা কেতিয়াও ওলাব নোৱাৰিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
حَتّٰۤی اِذَا رَاَوْا مَا یُوْعَدُوْنَ فَسَیَعْلَمُوْنَ مَنْ اَضْعَفُ نَاصِرًا وَّاَقَلُّ عَدَدًا ۟
আৰু কাফিৰবিলাকে কুফুৰীৰ পথতে চলিব। অৱশেষত ক্বিয়ামতৰ দিনা নিজ চকুৰে সেই শাস্তি দেখিবলৈ পাব, যাৰ প্ৰতিশ্ৰুতি সিহঁতক পৃথিৱীত দিয়া হৈছিল। তেতিয়া জানিব পাৰিব যে, কোনে সহায়ৰ ফালৰ পৰা দূৰ্বল আৰু কাৰ সহায়ক কম।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
قُلْ اِنْ اَدْرِیْۤ اَقَرِیْبٌ مَّا تُوْعَدُوْنَ اَمْ یَجْعَلُ لَهٗ رَبِّیْۤ اَمَدًا ۟
হে ৰাছুল, পুনৰ জীৱিতক অস্বীকাৰকাৰী এই মুশ্বৰিক বিলাকক কৈ দিয়কঃ মই নাজানো তোমালোকক যি প্ৰতিশ্ৰুতি দিয়া হৈছে সেয়া নিকটৱৰ্তী নে তাৰ কোনো সময় নিৰ্ধাৰিত আছে। যিটো আল্লাহৰ বাহিৰে আন কোনেও নাজানে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
عٰلِمُ الْغَیْبِ فَلَا یُظْهِرُ عَلٰی غَیْبِهٖۤ اَحَدًا ۟ۙ
আল্লাহ পৱিত্ৰ, তেওঁ গায়েব বা অদৃশ্যৰ সকলো কথাই জানে। অদৃশ্যৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। আৰু গায়েবৰ কোনো কথাই কাকো অৱগত নকৰে। বৰং তেওঁৰ জ্ঞান কেৱল তেওঁলৈকেই সীমিত।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِلَّا مَنِ ارْتَضٰی مِنْ رَّسُوْلٍ فَاِنَّهٗ یَسْلُكُ مِنْ بَیْنِ یَدَیْهِ وَمِنْ خَلْفِهٖ رَصَدًا ۟ۙ
কিন্তু তেওঁৰ মনোনীত ৰাছুলসকলৰ কথা সুকীয়া। তেওঁ যি বিচাৰে সেয়া তেওঁলোকক অৱগত কৰায়। ৰাছুৰ আগত আৰু পিছত ফিৰিস্তাসকলক প্ৰহৰী হিচাপে নিৰ্ধাৰিত কৰি দিয়া হয়, যিসকলে তেওঁক সুৰক্ষা প্ৰদান কৰে, যাতে ৰাছুলৰ বাহিৰে আন কোনেও সেই বিষয়ে অৱগত নহয়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
لِّیَعْلَمَ اَنْ قَدْ اَبْلَغُوْا رِسٰلٰتِ رَبِّهِمْ وَاَحَاطَ بِمَا لَدَیْهِمْ وَاَحْصٰی كُلَّ شَیْءٍ عَدَدًا ۟۠
যাতে ৰাছুলে জানি লয় যে তেওঁৰ পূৰ্বে ৰাছুল সকলে নিজ প্ৰতিপালকৰ আদেশসমূহ পৌঁছাই দিছিল। যিবোৰ পৌঁছাবলৈ আল্লাহৰ তৰফৰ পৰা তেওঁলোকক আদেশ দিয়া হৈছিল। আৰু আল্লাহে ফিৰিস্তাসকলৰ আৰু ৰাছুলসকলৰ প্ৰত্যেক কথাই নিজ জ্ঞানেৰে পৰিবেষ্টন কৰি ৰাখিছে। তেওঁলোকৰ কোনো কথাই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ সকলো বস্তু গণনা কৰি ৰাখিছে। এতেকে কোনো বস্তু তেওঁৰ পৰা গোপন নহয়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• الجَوْر سبب في دخول النار.
অন্যায়- অত্যাচাৰ জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।

• أهمية الاستقامة في تحصيل المقاصد الحسنة.
উত্তম লক্ষ্যত উপনীত হবলৈ অবিচল থকাৰ গুৰুত্ব।

• حُفِظ الوحي من عبث الشياطين.
চয়তানৰ চক্ৰান্তৰ পৰা অহীক সুৰক্ষা প্ৰদান কৰা হৈছে।

 
പരിഭാഷ അദ്ധ്യായം: ജിന്ന്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക