വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ

আল-হিজৰ

external-link copy
1 : 15

الٓرٰ ۫— تِلْكَ اٰیٰتُ الْكِتٰبِ وَقُرْاٰنٍ مُّبِیْنٍ ۟

আলিফ-লাম-ৰা,[1] এইবোৰ হৈছে মহাগ্ৰন্থ তথা সুস্পষ্ট কোৰআনৰ আয়াত। info

[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।

التفاسير:

external-link copy
2 : 15

رُبَمَا یَوَدُّ الَّذِیْنَ كَفَرُوْا لَوْ كَانُوْا مُسْلِمِیْنَ ۟

কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে, যদি সিহঁত মুছলিম হ’লহেঁতেন! info
التفاسير:

external-link copy
3 : 15

ذَرْهُمْ یَاْكُلُوْا وَیَتَمَتَّعُوْا وَیُلْهِهِمُ الْاَمَلُ فَسَوْفَ یَعْلَمُوْنَ ۟

এৰি দিয়া সিহঁতক, সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, লগতে আশা-আকাংক্ষাই সিহঁতক মোহাচ্ছন্ন কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব। info
التفاسير:

external-link copy
4 : 15

وَمَاۤ اَهْلَكْنَا مِنْ قَرْیَةٍ اِلَّا وَلَهَا كِتَابٌ مَّعْلُوْمٌ ۟

আৰু আমি যি জনপদকেই ধ্বংস কৰিছোঁ, তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল। info
التفاسير:

external-link copy
5 : 15

مَا تَسْبِقُ مِنْ اُمَّةٍ اَجَلَهَا وَمَا یَسْتَاْخِرُوْنَ ۟

কোনো জাতিয়েই তাৰ নিৰ্দিষ্ট (ধ্বংসৰ) কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাইয়ো নিব নোৱাৰে। info
التفاسير:

external-link copy
6 : 15

وَقَالُوْا یٰۤاَیُّهَا الَّذِیْ نُزِّلَ عَلَیْهِ الذِّكْرُ اِنَّكَ لَمَجْنُوْنٌ ۟ؕ

আৰু সিহঁতে কয়, ‘হেৰা মানুহজন! যাৰ প্ৰতি যিকিৰ (কোৰআন) অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি হৈছা এজন উন্মাদ’। info
التفاسير:

external-link copy
7 : 15

لَوْ مَا تَاْتِیْنَا بِالْمَلٰٓىِٕكَةِ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟

যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা তেন্তে আমাৰ ওচৰলৈ ফিৰিস্তা উপস্থিত নকৰা কিয়? info
التفاسير:

external-link copy
8 : 15

مَا نُنَزِّلُ الْمَلٰٓىِٕكَةَ اِلَّا بِالْحَقِّ وَمَا كَانُوْۤا اِذًا مُّنْظَرِیْنَ ۟

আমি ফিৰিস্তাসকলক যথাৰ্থ কাৰণ নোহোৱাকৈ প্ৰেৰণ নকৰোঁ, আৰু (ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিলে) তেতিয়া সিহঁতে অৱকাশ নাপালেহেঁতেন। info
التفاسير:

external-link copy
9 : 15

اِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَاِنَّا لَهٗ لَحٰفِظُوْنَ ۟

নিশ্চয় আমিয়েই কোৰআন অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক। info
التفاسير:

external-link copy
10 : 15

وَلَقَدْ اَرْسَلْنَا مِنْ قَبْلِكَ فِیْ شِیَعِ الْاَوَّلِیْنَ ۟

নিঃসন্দেহে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজত ৰাছুল প্ৰেৰণ কৰিছিলোঁ। info
التفاسير:

external-link copy
11 : 15

وَمَا یَاْتِیْهِمْ مِّنْ رَّسُوْلٍ اِلَّا كَانُوْا بِهٖ یَسْتَهْزِءُوْنَ ۟

সিহঁতৰ ওচৰলৈ এনে কোনো ৰাছুল অহা নাছিল, যাক সিহঁতে উপহাস কৰা নাছিল। info
التفاسير:

external-link copy
12 : 15

كَذٰلِكَ نَسْلُكُهٗ فِیْ قُلُوْبِ الْمُجْرِمِیْنَ ۟ۙ

এইদৰেই আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰোঁ, info
التفاسير:

external-link copy
13 : 15

لَا یُؤْمِنُوْنَ بِهٖ وَقَدْ خَلَتْ سُنَّةُ الْاَوَّلِیْنَ ۟

ইহঁতে কোৰআনৰ প্ৰতি ঈমান পোষণ নকৰিব, আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি। info
التفاسير:

external-link copy
14 : 15

وَلَوْ فَتَحْنَا عَلَیْهِمْ بَابًا مِّنَ السَّمَآءِ فَظَلُّوْا فِیْهِ یَعْرُجُوْنَ ۟ۙ

আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিলোঁহেঁতেন, আৰু সিহঁতে তাত আৰোহণ কৰিলেহেঁতেন, info
التفاسير:

external-link copy
15 : 15

لَقَالُوْۤا اِنَّمَا سُكِّرَتْ اَبْصَارُنَا بَلْ نَحْنُ قَوْمٌ مَّسْحُوْرُوْنَ ۟۠

তথাপিও সিহঁতে ক’লেহেঁতেন যে, ‘আমাৰ দৃষ্টিক সন্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়’। info
التفاسير:

external-link copy
16 : 15

وَلَقَدْ جَعَلْنَا فِی السَّمَآءِ بُرُوْجًا وَّزَیَّنّٰهَا لِلنّٰظِرِیْنَ ۟ۙ

আৰু নিশ্চয় আমি আকাশত বৰুজসমূহ (গ্ৰহ-নক্ষত্ৰসমূহ) সৃষ্টি কৰিছোঁ আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছোঁ। info
التفاسير:

external-link copy
17 : 15

وَحَفِظْنٰهَا مِنْ كُلِّ شَیْطٰنٍ رَّجِیْمٍ ۟ۙ

আৰু প্ৰত্যেক অভিশপ্ত চয়তানৰ পৰা আমি তাক সুৰক্ষিত কৰিছোঁ; info
التفاسير:

external-link copy
18 : 15

اِلَّا مَنِ اسْتَرَقَ السَّمْعَ فَاَتْبَعَهٗ شِهَابٌ مُّبِیْنٌ ۟

কিন্তু কোনোবাই লুকাই-চুৰকৈ শুনিব ধৰিলে প্ৰদীপ্ত শিখাই তাক চোঁচা লয়। info
التفاسير:

external-link copy
19 : 15

وَالْاَرْضَ مَدَدْنٰهَا وَاَلْقَیْنَا فِیْهَا رَوَاسِیَ وَاَنْۢبَتْنَا فِیْهَا مِنْ كُلِّ شَیْءٍ مَّوْزُوْنٍ ۟

আৰু পৃথিৱীক আমি বিস্তৃত কৰিছোঁ, আৰু তাত আমি স্থাপন কৰিছোঁ পৰ্বতমালা; লগতে তাত আমি প্ৰত্যেক বস্তু উদগত কৰিছোঁ সুপৰিমিতভাৱে, info
التفاسير:

external-link copy
20 : 15

وَجَعَلْنَا لَكُمْ فِیْهَا مَعَایِشَ وَمَنْ لَّسْتُمْ لَهٗ بِرٰزِقِیْنَ ۟

আৰু আমি তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থা কৰিছোঁ আৰু তোমালোকে যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও (জীৱিকাৰ ব্যৱস্থা কৰিছোঁ)। info
التفاسير:

external-link copy
21 : 15

وَاِنْ مِّنْ شَیْءٍ اِلَّا عِنْدَنَا خَزَآىِٕنُهٗ ؗ— وَمَا نُنَزِّلُهٗۤ اِلَّا بِقَدَرٍ مَّعْلُوْمٍ ۟

আৰু আমাৰ ওচৰতেই আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ, আৰু আমিয়েই সেয়া পৰিজ্ঞাত পৰিমাণে অৱতীৰ্ণ কৰোঁ। info
التفاسير:

external-link copy
22 : 15

وَاَرْسَلْنَا الرِّیٰحَ لَوَاقِحَ فَاَنْزَلْنَا مِنَ السَّمَآءِ مَآءً فَاَسْقَیْنٰكُمُوْهُ ۚ— وَمَاۤ اَنْتُمْ لَهٗ بِخٰزِنِیْنَ ۟

আৰু আমিয়েই উৰ্বৰ বায়ু প্ৰেৰণ কৰোঁ, তাৰ পিছত আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ, সেই পানী তোমালোকক সেৱন কৰাওঁ; অথচ তোমালোকে ইয়াক (সেই) ভাণ্ডাৰত সঞ্চয় নকৰা। info
التفاسير:

external-link copy
23 : 15

وَاِنَّا لَنَحْنُ نُحْیٖ وَنُمِیْتُ وَنَحْنُ الْوٰرِثُوْنَ ۟

নিশ্চয় আমিয়েই জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ, আৰু আমিয়েই চুড়ান্ত মালিকানাৰ অধিকাৰী। info
التفاسير:

external-link copy
24 : 15

وَلَقَدْ عَلِمْنَا الْمُسْتَقْدِمِیْنَ مِنْكُمْ وَلَقَدْ عَلِمْنَا الْمُسْتَاْخِرِیْنَ ۟

আৰু নিশ্চয় আমি তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে সিহঁতকো জানো, লগতে সেইসকলকো জানো যিসকলে পশ্চাদগামী হৈছে। info
التفاسير:

external-link copy
25 : 15

وَاِنَّ رَبَّكَ هُوَ یَحْشُرُهُمْ ؕ— اِنَّهٗ حَكِیْمٌ عَلِیْمٌ ۟۠

নিশ্চয় তোমাৰ প্ৰতিপালকেই সিহঁতক সমবেত কৰিব; নিশ্চয় তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ। info
التفاسير:

external-link copy
26 : 15

وَلَقَدْ خَلَقْنَا الْاِنْسَانَ مِنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟ۚ

নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা, info
التفاسير:

external-link copy
27 : 15

وَالْجَآنَّ خَلَقْنٰهُ مِنْ قَبْلُ مِنْ نَّارِ السَّمُوْمِ ۟

আৰু ইয়াৰ আগত আমি জ্বিনবোৰক সৃষ্টি কৰিছিলোঁ উত্তপ্ত অগ্নিশিখাৰ পৰা। info
التفاسير:

external-link copy
28 : 15

وَاِذْ قَالَ رَبُّكَ لِلْمَلٰٓىِٕكَةِ اِنِّیْ خَالِقٌۢ بَشَرًا مِّنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟

আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিস্তাসকলক কৈছিল, ‘নিশ্চয় মই গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছোঁ; info
التفاسير:

external-link copy
29 : 15

فَاِذَا سَوَّیْتُهٗ وَنَفَخْتُ فِیْهِ مِنْ رُّوْحِیْ فَقَعُوْا لَهٗ سٰجِدِیْنَ ۟

এতেকে যেতিয়া মই তাক সুঠাম কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি ছাজদাৱনত হ’বা, info
التفاسير:

external-link copy
30 : 15

فَسَجَدَ الْمَلٰٓىِٕكَةُ كُلُّهُمْ اَجْمَعُوْنَ ۟ۙ

তাৰ পিছত ফিৰিস্তাসকলে সকলোৱে একেলগে ছাজদাহ কৰিলে, info
التفاسير:

external-link copy
31 : 15

اِلَّاۤ اِبْلِیْسَ ؕ— اَبٰۤی اَنْ یَّكُوْنَ مَعَ السّٰجِدِیْنَ ۟

কেৱল ইবলীছৰ বাহিৰে, সি ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হ’বলৈ অস্বীকাৰ কৰিলে। info
التفاسير:

external-link copy
32 : 15

قَالَ یٰۤاِبْلِیْسُ مَا لَكَ اَلَّا تَكُوْنَ مَعَ السّٰجِدِیْنَ ۟

আল্লাহে ক’লে, ‘হে ইবলীছ! তোমাৰ কি হ’ল, তুমি কিয় ছাজদাহকাৰী সকলৰ অন্তৰ্ভুক্ত নহ’লা’? info
التفاسير:

external-link copy
33 : 15

قَالَ لَمْ اَكُنْ لِّاَسْجُدَ لِبَشَرٍ خَلَقْتَهٗ مِنْ صَلْصَالٍ مِّنْ حَمَاٍ مَّسْنُوْنٍ ۟

সি ক’লে, ‘(হে আল্লাহ!) তুমি গন্ধযুক্ত শুকান টিংটিং শব্দ কৰা ক’লাবৰণীয়া বোকা মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক ছাজদাহ নকৰোঁ’। info
التفاسير:

external-link copy
34 : 15

قَالَ فَاخْرُجْ مِنْهَا فَاِنَّكَ رَجِیْمٌ ۟ۙ

তেওঁ ক’লে, ‘তেন্তে তই ইয়াৰ পৰা ওলাই যা, কাৰণ নিশ্চয় তই অভিশপ্ত; info
التفاسير:

external-link copy
35 : 15

وَّاِنَّ عَلَیْكَ اللَّعْنَةَ اِلٰی یَوْمِ الدِّیْنِ ۟

আৰু নিশ্চয় প্ৰতিদান দিৱসলৈকে তোৰ ওপৰত থাকিল অভিসম্পাত। info
التفاسير:

external-link copy
36 : 15

قَالَ رَبِّ فَاَنْظِرْنِیْۤ اِلٰی یَوْمِ یُبْعَثُوْنَ ۟

সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তেনেহ’লে মোক অৱকাশ দিয়া সেই দিৱসলৈকে, যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ’ব’। info
التفاسير:

external-link copy
37 : 15

قَالَ فَاِنَّكَ مِنَ الْمُنْظَرِیْنَ ۟ۙ

তেওঁ ক’লে, ‘যা, নিশ্চয় তোক অৱকাশ দিয়া হ’ল, info
التفاسير:

external-link copy
38 : 15

اِلٰی یَوْمِ الْوَقْتِ الْمَعْلُوْمِ ۟

‘সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত’। info
التفاسير:

external-link copy
39 : 15

قَالَ رَبِّ بِمَاۤ اَغْوَیْتَنِیْ لَاُزَیِّنَنَّ لَهُمْ فِی الْاَرْضِ وَلَاُغْوِیَنَّهُمْ اَجْمَعِیْنَ ۟ۙ

সি ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি যে মোক বিপথগামী কৰিলা সেইকাৰণে নিশ্চিতভাৱে মই পৃথিৱীত পাপকৰ্মসমূহক মানুহৰ ওচৰত শোভনীয় কৰি উপস্থাপন কৰিম আৰু নিশ্চয় মই সিহঁতৰ আটাইকে বিপথগামী কৰিম, info
التفاسير:

external-link copy
40 : 15

اِلَّا عِبَادَكَ مِنْهُمُ الْمُخْلَصِیْنَ ۟

‘কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে’। info
التفاسير:

external-link copy
41 : 15

قَالَ هٰذَا صِرَاطٌ عَلَیَّ مُسْتَقِیْمٌ ۟

আল্লাহে ক’লে, ‘এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সৰল পথ’। info
التفاسير:

external-link copy
42 : 15

اِنَّ عِبَادِیْ لَیْسَ لَكَ عَلَیْهِمْ سُلْطٰنٌ اِلَّا مَنِ اتَّبَعَكَ مِنَ الْغٰوِیْنَ ۟

‘নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই, কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব’; info
التفاسير:

external-link copy
43 : 15

وَاِنَّ جَهَنَّمَ لَمَوْعِدُهُمْ اَجْمَعِیْنَ ۟ۙ

‘নিশ্চয় জাহান্নাম হৈছে সিহঁত (তোমাৰ অনুসাৰীসকলৰ) আটায়েৰে প্ৰতিশ্ৰুত স্থান’, info
التفاسير:

external-link copy
44 : 15

لَهَا سَبْعَةُ اَبْوَابٍ ؕ— لِكُلِّ بَابٍ مِّنْهُمْ جُزْءٌ مَّقْسُوْمٌ ۟۠

‘সেই(জাহান্নাম)ৰ সাতখন দুৱাৰ আছে, প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ সিহঁতৰ (চয়তানৰ অনুসাৰীসকলৰ) বাবে নিৰ্দিষ্ট অংশ আছে’। info
التفاسير:

external-link copy
45 : 15

اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّعُیُوْنٍ ۟ؕ

নিশ্চয় মুত্তাক্বীসকল থাকিব জান্নাতত আৰু প্ৰস্ৰৱণসমূহৰ মাজত। info
التفاسير:

external-link copy
46 : 15

اُدْخُلُوْهَا بِسَلٰمٍ اٰمِنِیْنَ ۟

(তেওঁলোকক কোৱা হ’ব,) ‘তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা’। info
التفاسير:

external-link copy
47 : 15

وَنَزَعْنَا مَا فِیْ صُدُوْرِهِمْ مِّنْ غِلٍّ اِخْوَانًا عَلٰی سُرُرٍ مُّتَقٰبِلِیْنَ ۟

আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম; তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব, info
التفاسير:

external-link copy
48 : 15

لَا یَمَسُّهُمْ فِیْهَا نَصَبٌ وَّمَا هُمْ مِّنْهَا بِمُخْرَجِیْنَ ۟

তাত তেওঁলোকক অৱসাদে (ক্লান্তিয়ে) স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কাৰো কৰা নহ’ব। info
التفاسير:

external-link copy
49 : 15

نَبِّئْ عِبَادِیْۤ اَنِّیْۤ اَنَا الْغَفُوْرُ الرَّحِیْمُ ۟ۙ

মোৰ বান্দাসকলক জনাই দিয়া যে, নিশ্চয় মই অতি ক্ষমাশীল, পৰম দয়ালু, info
التفاسير:

external-link copy
50 : 15

وَاَنَّ عَذَابِیْ هُوَ الْعَذَابُ الْاَلِیْمُ ۟

আৰু নিশ্চয় মোৰ শাস্তিয়েই হৈছে যন্ত্ৰণাদায়ক শাস্তি! info
التفاسير:

external-link copy
51 : 15

وَنَبِّئْهُمْ عَنْ ضَیْفِ اِبْرٰهِیْمَ ۟ۘ

আৰু তুমি সিহঁতক জনাই দিয়া, ইব্ৰাহীমৰ অতিথিসকলৰ কথা, info
التفاسير:

external-link copy
52 : 15

اِذْ دَخَلُوْا عَلَیْهِ فَقَالُوْا سَلٰمًا ؕ— قَالَ اِنَّا مِنْكُمْ وَجِلُوْنَ ۟

যেতিয়া তেওঁলোকে (ফিৰিস্তাসকলে) তেওঁৰ ওচৰত উপস্থিত হৈ কৈছিল, ‘ছালাম’, তেতিয়া তেওঁ কৈছিল, ‘নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত’। info
التفاسير:

external-link copy
53 : 15

قَالُوْا لَا تَوْجَلْ اِنَّا نُبَشِّرُكَ بِغُلٰمٍ عَلِیْمٍ ۟

তেওঁলোকে ক’লে, ‘ভয় নকিৰব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছোঁ’। info
التفاسير:

external-link copy
54 : 15

قَالَ اَبَشَّرْتُمُوْنِیْ عَلٰۤی اَنْ مَّسَّنِیَ الْكِبَرُ فَبِمَ تُبَشِّرُوْنَ ۟

তেওঁ ক’লে, ‘মোক বাৰ্দ্ধক্যই স্পৰ্শ কৰা সত্বেও আপোনালোকে মোক (সন্তান লাভৰ) সুসংবাদ দিছে নেকি? এতেকে আপোনালোকে কিহৰ (কেনেকৈ) সুসংবাদ দি আছে’? info
التفاسير:

external-link copy
55 : 15

قَالُوْا بَشَّرْنٰكَ بِالْحَقِّ فَلَا تَكُنْ مِّنَ الْقٰنِطِیْنَ ۟

তেওঁলোকে ক’লে, ‘আমি আপোনাক সত্য সুসংবাদ দি আছোঁ; এতেকে আপুনি নিৰাশ নহ’ব’। info
التفاسير:

external-link copy
56 : 15

قَالَ وَمَنْ یَّقْنَطُ مِنْ رَّحْمَةِ رَبِّهٖۤ اِلَّا الضَّآلُّوْنَ ۟

তেওঁ ক’লে, ‘পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়’? info
التفاسير:

external-link copy
57 : 15

قَالَ فَمَا خَطْبُكُمْ اَیُّهَا الْمُرْسَلُوْنَ ۟

তেওঁ ক’লে, ‘হে প্ৰেৰিত (ফিৰিস্তা)সকল! আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি’? info
التفاسير:

external-link copy
58 : 15

قَالُوْۤا اِنَّاۤ اُرْسِلْنَاۤ اِلٰی قَوْمٍ مُّجْرِمِیْنَ ۟ۙ

তেওঁলোকে ক’লে, ‘নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছে--- info
التفاسير:

external-link copy
59 : 15

اِلَّاۤ اٰلَ لُوْطٍ ؕ— اِنَّا لَمُنَجُّوْهُمْ اَجْمَعِیْنَ ۟ۙ

কিন্তু লূতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম, info
التفاسير:

external-link copy
60 : 15

اِلَّا امْرَاَتَهٗ قَدَّرْنَاۤ ۙ— اِنَّهَا لَمِنَ الْغٰبِرِیْنَ ۟۠

কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে; আমি সিদ্ধান্ত লৈছোঁ যে, নিশ্চয় তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ’ব’। info
التفاسير:

external-link copy
61 : 15

فَلَمَّا جَآءَ اٰلَ لُوْطِ ١لْمُرْسَلُوْنَ ۟ۙ

তাৰ পিছত ফিৰিস্তাসকলে যেতিয়া লূত পৰিয়ালৰ ওচৰলৈ আহিল, info
التفاسير:

external-link copy
62 : 15

قَالَ اِنَّكُمْ قَوْمٌ مُّنْكَرُوْنَ ۟

তেতিয়া লূতে ক’লে, ‘আপোনালোক দেখোন অপৰিচিত’। info
التفاسير:

external-link copy
63 : 15

قَالُوْا بَلْ جِئْنٰكَ بِمَا كَانُوْا فِیْهِ یَمْتَرُوْنَ ۟

তেওঁলোকে ক’লে, ‘নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোহে লৈ আহিছোঁ যাকলৈ সিহঁতে সন্দেহ পোষণ কৰিছিল’; info
التفاسير:

external-link copy
64 : 15

وَاَتَیْنٰكَ بِالْحَقِّ وَاِنَّا لَصٰدِقُوْنَ ۟

‘আৰু আমি আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ আৰু নিশ্চয় আমি সত্যবাদী’; info
التفاسير:

external-link copy
65 : 15

فَاَسْرِ بِاَهْلِكَ بِقِطْعٍ مِّنَ الَّیْلِ وَاتَّبِعْ اَدْبَارَهُمْ وَلَا یَلْتَفِتْ مِنْكُمْ اَحَدٌ وَّامْضُوْا حَیْثُ تُؤْمَرُوْنَ ۟

‘এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক, আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱেই যাতে পিছলৈ ঘূৰি নাচায়; আপোনালোকক য’লৈকে যোৱাৰ আদেশ কৰা হৈছে তালৈকে গুচি যাওক’। info
التفاسير:

external-link copy
66 : 15

وَقَضَیْنَاۤ اِلَیْهِ ذٰلِكَ الْاَمْرَ اَنَّ دَابِرَ هٰۤؤُلَآءِ مَقْطُوْعٌ مُّصْبِحِیْنَ ۟

আৰু আমি তেওঁক এই বিষয়ে ফয়চালা জনাই দিছিলোঁ যে, নিশ্চয় সিহঁতক ঊষাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ’ব। info
التفاسير:

external-link copy
67 : 15

وَجَآءَ اَهْلُ الْمَدِیْنَةِ یَسْتَبْشِرُوْنَ ۟

আৰু ইপিনে নগৰবাসীসকল উল্লাসিত হৈ উপস্থিত হ’ল। info
التفاسير:

external-link copy
68 : 15

قَالَ اِنَّ هٰۤؤُلَآءِ ضَیْفِیْ فَلَا تَفْضَحُوْنِ ۟ۙ

তেওঁ ক’লে, ‘নিশ্চয় এওঁলোক হৈছে মোৰ অতিথি; এতেকে তোমালোকে মোক অপমান নকৰিবা’। info
التفاسير:

external-link copy
69 : 15

وَاتَّقُوا اللّٰهَ وَلَا تُخْزُوْنِ ۟

‘তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা’। info
التفاسير:

external-link copy
70 : 15

قَالُوْۤا اَوَلَمْ نَنْهَكَ عَنِ الْعٰلَمِیْنَ ۟

সিহঁতে ক’লে, ‘আমি পৃথিৱীৰ (যি সি) লোকক আশ্ৰয় দিবলৈ তোমাক নিষেধ কৰা নাছিলোঁনে’? info
التفاسير:

external-link copy
71 : 15

قَالَ هٰۤؤُلَآءِ بَنَاتِیْۤ اِنْ كُنْتُمْ فٰعِلِیْنَ ۟ؕ

লূতে ক’লে, ‘যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে (বিবাহৰ মাধ্যমত বৈধ উপায়েৰে কৰা)’। info
التفاسير:

external-link copy
72 : 15

لَعَمْرُكَ اِنَّهُمْ لَفِیْ سَكْرَتِهِمْ یَعْمَهُوْنَ ۟

(হে নবী) তোমাৰ আয়ুৰ শপত! নিশ্চয় সিহঁত নিজৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল। info
التفاسير:

external-link copy
73 : 15

فَاَخَذَتْهُمُ الصَّیْحَةُ مُشْرِقِیْنَ ۟ۙ

ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে; info
التفاسير:

external-link copy
74 : 15

فَجَعَلْنَا عَالِیَهَا سَافِلَهَا وَاَمْطَرْنَا عَلَیْهِمْ حِجَارَةً مِّنْ سِجِّیْلٍ ۟ؕ

তাৰ পিছত আমি (সিহঁতৰ) জনপদক ওলোটাই তল-ওপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলোঁ। info
التفاسير:

external-link copy
75 : 15

اِنَّ فِیْ ذٰلِكَ لَاٰیٰتٍ لِّلْمُتَوَسِّمِیْنَ ۟

নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ-শক্তিসম্পন্ন ব্যক্তিসকলৰ বাবে। info
التفاسير:

external-link copy
76 : 15

وَاِنَّهَا لَبِسَبِیْلٍ مُّقِیْمٍ ۟

আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতেই বিদ্যমান। info
التفاسير:

external-link copy
77 : 15

اِنَّ فِیْ ذٰلِكَ لَاٰیَةً لِّلْمُؤْمِنِیْنَ ۟ؕ

নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন। info
التفاسير:

external-link copy
78 : 15

وَاِنْ كَانَ اَصْحٰبُ الْاَیْكَةِ لَظٰلِمِیْنَ ۟ۙ

আৰু আইকাহবাসীও আছিল সীমালংঘনকাৰী, info
التفاسير:

external-link copy
79 : 15

فَانْتَقَمْنَا مِنْهُمْ ۘ— وَاِنَّهُمَا لَبِاِمَامٍ مُّبِیْنٍ ۟ؕ۠

এতেকে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছিলোঁ, আৰু দুয়োটা জনপদেই হৈছে প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত। info
التفاسير:

external-link copy
80 : 15

وَلَقَدْ كَذَّبَ اَصْحٰبُ الْحِجْرِ الْمُرْسَلِیْنَ ۟ۙ

আৰু নিশ্চয় হিজৰবাসীয়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল; info
التفاسير:

external-link copy
81 : 15

وَاٰتَیْنٰهُمْ اٰیٰتِنَا فَكَانُوْا عَنْهَا مُعْرِضِیْنَ ۟ۙ

আমি সিহঁতক আমাৰ নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইবোৰক উপেক্ষা কৰিছিল। info
التفاسير:

external-link copy
82 : 15

وَكَانُوْا یَنْحِتُوْنَ مِنَ الْجِبَالِ بُیُوْتًا اٰمِنِیْنَ ۟

আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল। info
التفاسير:

external-link copy
83 : 15

فَاَخَذَتْهُمُ الصَّیْحَةُ مُصْبِحِیْنَ ۟ۙ

তথাপিও পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিছিল। info
التفاسير:

external-link copy
84 : 15

فَمَاۤ اَغْنٰی عَنْهُمْ مَّا كَانُوْا یَكْسِبُوْنَ ۟ؕ

এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল। info
التفاسير:

external-link copy
85 : 15

وَمَا خَلَقْنَا السَّمٰوٰتِ وَالْاَرْضَ وَمَا بَیْنَهُمَاۤ اِلَّا بِالْحَقِّ ؕ— وَاِنَّ السَّاعَةَ لَاٰتِیَةٌ فَاصْفَحِ الصَّفْحَ الْجَمِیْلَ ۟

আকাশসমূহ আৰু পৃথিৱী, লগতে এই দুয়োৰে মাজত থকা কোনো বস্তুকেই আমি অযথা সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া। info
التفاسير:

external-link copy
86 : 15

اِنَّ رَبَّكَ هُوَ الْخَلّٰقُ الْعَلِیْمُ ۟

নিশ্চয় তোমাৰ প্ৰতিপালক, তেৱেঁই হৈছে মহাস্ৰষ্টা, মহাজ্ঞানী। info
التفاسير:

external-link copy
87 : 15

وَلَقَدْ اٰتَیْنٰكَ سَبْعًا مِّنَ الْمَثَانِیْ وَالْقُرْاٰنَ الْعَظِیْمَ ۟

আৰু আমি তোমাক প্ৰদান কৰিছোঁ পুনঃ পুনঃ পঠিত সাতোটা আয়াত আৰু মহা কোৰআন। info
التفاسير:

external-link copy
88 : 15

لَا تَمُدَّنَّ عَیْنَیْكَ اِلٰی مَا مَتَّعْنَا بِهٖۤ اَزْوَاجًا مِّنْهُمْ وَلَا تَحْزَنْ عَلَیْهِمْ وَاخْفِضْ جَنَاحَكَ لِلْمُؤْمِنِیْنَ ۟

আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগ-বিলাসৰ যি উপকৰণ দিছোঁ তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা। সিহঁতৰ বাবে তুমি দুখ নকৰিবা; আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা (অৰ্থাৎ সদয় হোৱা), info
التفاسير:

external-link copy
89 : 15

وَقُلْ اِنِّیْۤ اَنَا النَّذِیْرُ الْمُبِیْنُ ۟ۚ

আৰু কোৱা, ‘নিশ্চয় মই হৈছোঁ প্ৰকাশ্য সতৰ্ককাৰী’। info
التفاسير:

external-link copy
90 : 15

كَمَاۤ اَنْزَلْنَا عَلَی الْمُقْتَسِمِیْنَ ۟ۙ

যিদৰে আমি অৱতীৰ্ণ কৰিছিলোঁ বিভক্তকাৰীসকলৰ ওপৰত; info
التفاسير:

external-link copy
91 : 15

الَّذِیْنَ جَعَلُوا الْقُرْاٰنَ عِضِیْنَ ۟

যিসকলে কোৰআনক বিভিন্নভাৱে বিভক্ত কৰিছে। info
التفاسير:

external-link copy
92 : 15

فَوَرَبِّكَ لَنَسْـَٔلَنَّهُمْ اَجْمَعِیْنَ ۟ۙ

এতেকে তোমাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম, info
التفاسير:

external-link copy
93 : 15

عَمَّا كَانُوْا یَعْمَلُوْنَ ۟

সেই বিষয়ে, যিটো সিহঁতে আমল কৰিছিল। info
التفاسير:

external-link copy
94 : 15

فَاصْدَعْ بِمَا تُؤْمَرُ وَاَعْرِضْ عَنِ الْمُشْرِكِیْنَ ۟

এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্বৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা। info
التفاسير:

external-link copy
95 : 15

اِنَّا كَفَیْنٰكَ الْمُسْتَهْزِءِیْنَ ۟ۙ

নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট, info
التفاسير:

external-link copy
96 : 15

الَّذِیْنَ یَجْعَلُوْنَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ ۚ— فَسَوْفَ یَعْلَمُوْنَ ۟

যিসকলে আল্লাহৰ সৈতে আন কোনো উপাস্য নিৰ্ধাৰণ কৰে। নিশ্চয় অতিশীঘ্ৰেই সিহঁতে (ইয়াৰ পৰিণাম) জানিব পাৰিব। info
التفاسير:

external-link copy
97 : 15

وَلَقَدْ نَعْلَمُ اَنَّكَ یَضِیْقُ صَدْرُكَ بِمَا یَقُوْلُوْنَ ۟ۙ

আমি এই কথা নিশ্চিতভাৱে জানো যে, সিহঁতৰ কথাৰ দ্বাৰা তোমাৰ মন সংকুচিত হয়; info
التفاسير:

external-link copy
98 : 15

فَسَبِّحْ بِحَمْدِ رَبِّكَ وَكُنْ مِّنَ السّٰجِدِیْنَ ۟ۙ

এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তছবীহ পাঠ কৰা আৰু ছাজদাহকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা। info
التفاسير:

external-link copy
99 : 15

وَاعْبُدْ رَبَّكَ حَتّٰی یَاْتِیَكَ الْیَقِیْنُ ۟۠

আৰু তোমাৰ মৃত্যু নহালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা। info
التفاسير: