Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: കഹ്ഫ്   ആയത്ത്:
مَا لَهُمْ بِهٖ مِنْ عِلْمٍ وَّلَا لِاٰبَآىِٕهِمْ ؕ— كَبُرَتْ كَلِمَةً تَخْرُجُ مِنْ اَفْوَاهِهِمْ ؕ— اِنْ یَّقُوْلُوْنَ اِلَّا كَذِبًا ۟
এই বিষয়ে সিহঁতৰ কোনো জ্ঞান নাই, লগতে সিহঁতৰ পিতৃ-পুৰুষৰো কোনো জ্ঞান নাছিল। কি সাংঘাতিক বাক্য যিটো সিহঁতৰ মুখৰ পৰা ওলায়! সিহঁত মিছাৰ বাহিৰে আন একো নকয়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَلَعَلَّكَ بَاخِعٌ نَّفْسَكَ عَلٰۤی اٰثَارِهِمْ اِنْ لَّمْ یُؤْمِنُوْا بِهٰذَا الْحَدِیْثِ اَسَفًا ۟
এতেকে সিহঁতে এই বাণীত ঈমান পোষণ নকৰিলে সিহঁতৰ পিছে পিছে ঘূৰি সম্ভৱতঃ তুমি দুখতে আত্ম-বিনাশী হৈ পৰিবা।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِنَّا جَعَلْنَا مَا عَلَی الْاَرْضِ زِیْنَةً لَّهَا لِنَبْلُوَهُمْ اَیُّهُمْ اَحْسَنُ عَمَلًا ۟
নিশ্চয় ভূ-পৃষ্ঠত যি যি আছে আমি সেইবোৰক ইয়াৰ শোভা কৰি দিছোঁ, মানুহক এই পৰীক্ষা কৰাৰ বাবে যে, সিহঁতৰ মাজত কোনে শ্ৰেষ্ঠ আমল কৰে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَاِنَّا لَجٰعِلُوْنَ مَا عَلَیْهَا صَعِیْدًا جُرُزًا ۟ؕ
আৰু ইয়াৰ ওপৰত যি যি আছে তাক নিশ্চয় আমি উদ্ভিদশূন্য পথাৰত পৰিণত কৰিম।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اَمْ حَسِبْتَ اَنَّ اَصْحٰبَ الْكَهْفِ وَالرَّقِیْمِ كَانُوْا مِنْ اٰیٰتِنَا عَجَبًا ۟
তুমি কাহাফ (গুহা) আৰু ৰাক্বীমৰ অধিবাসীসকলক আমাৰ নিদৰ্শনাৱলীৰ মাজত বিস্ময়কৰ বুলি ভবা নেকি?
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِذْ اَوَی الْفِتْیَةُ اِلَی الْكَهْفِ فَقَالُوْا رَبَّنَاۤ اٰتِنَا مِنْ لَّدُنْكَ رَحْمَةً وَّهَیِّئْ لَنَا مِنْ اَمْرِنَا رَشَدًا ۟
যেতিয়া যুৱকসকলে গুহাত আশ্ৰয় ল’লে তেতিয়া তেওঁলোকে ক’লে, ‘হে আমাৰ প্ৰতিপালক! তুমি তোমাৰ নিজৰ ফালৰ পৰা আমাক অনুগ্ৰহ দান কৰা আৰু আমাৰ বাবে আমাৰ কৰ্মৰাজিক সঠিকভাৱে পৰিচালনাৰ ব্যৱস্থা কৰা’।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَضَرَبْنَا عَلٰۤی اٰذَانِهِمْ فِی الْكَهْفِ سِنِیْنَ عَدَدًا ۟ۙ
ফলত আমি সিহঁতক গুহাৰ মাজত কেইবা বছৰো ঘুমন্ত অৱস্থাত ৰাখিলোঁ,
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ثُمَّ بَعَثْنٰهُمْ لِنَعْلَمَ اَیُّ الْحِزْبَیْنِ اَحْصٰی لِمَا لَبِثُوْۤا اَمَدًا ۟۠
তাৰ পিছত আমি সিহঁতক সজাগ কৰিলোঁ এইটো জনোৱাৰ বাবে যে, দুই দলৰ মাজত কোনটোৱে সিহঁতৰ অৱস্থিতিকাল সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
نَحْنُ نَقُصُّ عَلَیْكَ نَبَاَهُمْ بِالْحَقِّ ؕ— اِنَّهُمْ فِتْیَةٌ اٰمَنُوْا بِرَبِّهِمْ وَزِدْنٰهُمْ هُدًی ۟ۗۖ
আমি তোমাৰ ওচৰত সিহঁতৰ বৃত্তান্ত সঠিকভাৱে বৰ্ণনা কৰিছোঁ, সিহঁত আছিল কেইজনমান যুৱক, সিহঁতে নিজ প্ৰতিপালকৰ ওপৰত ঈমান আনিছিল আৰু আমি সিহঁতৰ হিদায়ত বৃদ্ধি কৰি দিছিলোঁ,
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّرَبَطْنَا عَلٰی قُلُوْبِهِمْ اِذْ قَامُوْا فَقَالُوْا رَبُّنَا رَبُّ السَّمٰوٰتِ وَالْاَرْضِ لَنْ نَّدْعُوَاۡ مِنْ دُوْنِهٖۤ اِلٰهًا لَّقَدْ قُلْنَاۤ اِذًا شَطَطًا ۟
আৰু আমি সিহঁতৰ অন্তৰ দৃঢ় কৰি দিছিলোঁ; সিহঁতে যেতিয়া (সাৰ পাই) উঠি ক’লে, ‘আমাৰ প্ৰতিপালকেই আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক। আমি কেতিয়াও তেওঁৰ পৰিবৰ্তে আন কোনো ইলাহক আহ্বান নকৰোঁ; যদি আহ্বান কৰোঁ তেন্তে এয়া হ’ব বৰ গৰ্হিত কথা।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
هٰۤؤُلَآءِ قَوْمُنَا اتَّخَذُوْا مِنْ دُوْنِهٖۤ اٰلِهَةً ؕ— لَوْلَا یَاْتُوْنَ عَلَیْهِمْ بِسُلْطٰنٍ بَیِّنٍ ؕ— فَمَنْ اَظْلَمُ مِمَّنِ افْتَرٰی عَلَی اللّٰهِ كَذِبًا ۟ؕ
আমাৰ এই স্বজাতিসকলে তেওঁৰ পৰিবৰ্তে বহুতো ইলাহ গ্ৰহণ কৰিছে। ইহঁতে এইবোৰ ইলাহ সম্পৰ্কে স্পষ্ট প্ৰমাণ উপস্থিত নকৰে কিয়? এতেকে যিয়ে আল্লাহ সম্পৰ্কে মিছা উদ্ভাৱন কৰে সেইজনতকৈ ডাঙৰ যালিম আৰুনো কোন হ’ব পাৰে?
അറബി ഖുർആൻ വിവരണങ്ങൾ:
 
പരിഭാഷ അദ്ധ്യായം: കഹ്ഫ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അടക്കുക