Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: ഖസസ്   ആയത്ത്:

আল-ক্বাচাচ

طٰسٓمّٓ ۟
ত্ব-ছীম-মীম।[1]
[1] এইবোৰ আখৰক হুৰুফে মুক্বাত্তাআত বোলে। এই সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟
এইবোৰ হৈছে সুস্পষ্ট কিতাবৰ আয়াত।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
نَتْلُوْا عَلَیْكَ مِنْ نَّبَاِ مُوْسٰی وَفِرْعَوْنَ بِالْحَقِّ لِقَوْمٍ یُّؤْمِنُوْنَ ۟
আমি তোমাৰ ওচৰত মুছা আৰু ফিৰআউনৰ কিছু বৃত্তান্ত যথাযথভাৱে বিবৃত কৰিছোঁ, এনে সম্প্ৰদায়ৰ বাবে যিসকলে ঈমান পোষণ কৰে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِنَّ فِرْعَوْنَ عَلَا فِی الْاَرْضِ وَجَعَلَ اَهْلَهَا شِیَعًا یَّسْتَضْعِفُ طَآىِٕفَةً مِّنْهُمْ یُذَبِّحُ اَبْنَآءَهُمْ وَیَسْتَحْیٖ نِسَآءَهُمْ ؕ— اِنَّهٗ كَانَ مِنَ الْمُفْسِدِیْنَ ۟
নিশ্চয় ফিৰআউন পৃথিৱীৰ বুকুত অহংকাৰী হৈছিল, আৰু সেই ঠাইৰ অধিবাসীবিলাকক বিভিন্ন শ্ৰেণীত বিভক্ত কৰি সিহঁতৰ এটা শ্ৰেণীক সি দুৰ্বল কৰি ৰাখিছিল; সিহঁতৰ পুত্ৰসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত এৰি দিছিল। নিশ্চয় সি আছিল বিপৰ্যয় সৃষ্টিকাৰী।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَنُرِیْدُ اَنْ نَّمُنَّ عَلَی الَّذِیْنَ اسْتُضْعِفُوْا فِی الْاَرْضِ وَنَجْعَلَهُمْ اَىِٕمَّةً وَّنَجْعَلَهُمُ الْوٰرِثِیْنَ ۟ۙ
আৰু সেই দেশত যিসকলক দুৰ্বল কৰি ৰখা হৈছিল আমি সেই মানুহবিলাকৰ ওপৰত অনুগ্ৰহ কৰিব বিচাৰিলোঁ লগতে তেওঁলোকক নেতৃত্ব দান কৰিবলৈ আৰু উত্তৰাধিকাৰী বনাবলৈ ইচ্ছা কৰিলোঁ;
അറബി ഖുർആൻ വിവരണങ്ങൾ:
 
പരിഭാഷ അദ്ധ്യായം: ഖസസ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അടക്കുക