Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ * - വിവർത്തനങ്ങളുടെ സൂചിക

PDF XML CSV Excel API
Please review the Terms and Policies

പരിഭാഷ അദ്ധ്യായം: സ്സുഖ്റുഫ്   ആയത്ത്:
وَمَا نُرِیْهِمْ مِّنْ اٰیَةٍ اِلَّا هِیَ اَكْبَرُ مِنْ اُخْتِهَا ؗ— وَاَخَذْنٰهُمْ بِالْعَذَابِ لَعَلَّهُمْ یَرْجِعُوْنَ ۟
আমি সিহঁতক যি নিদৰ্শনেই দেখুৱাইছোঁ সেয়া আছিল তাৰ আগৰ নিদৰ্শনতকৈ ডাঙৰ। আমি সিহঁতক শাস্তিৰ মাধ্যমত সতৰ্ক কৰিছিলোঁ, যাতে সিহঁতে (সৎপথলৈ) উভতি আহে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَقَالُوْا یٰۤاَیُّهَ السّٰحِرُ ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ ۚ— اِنَّنَا لَمُهْتَدُوْنَ ۟
সিহঁতে আৰু কৈছিল, ‘হে যাদুকৰ! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে দুআ কৰা, তোমাৰ প্ৰতিপালকে তোমাৰ লগত যিটো অংগীকাৰ কৰিছে, (সেইটো যদি পূৰণ হয় তেন্তে) নিশ্চয় আমি সৎপথ অৱলম্বন কৰিম’।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَلَمَّا كَشَفْنَا عَنْهُمُ الْعَذَابَ اِذَا هُمْ یَنْكُثُوْنَ ۟
তাৰ পিছত যেতিয়া আমি সিহঁতৰ পৰা সেই শাস্তি আঁতৰাই নিলোঁ, তেতিয়াই সিহঁতে অংগীকাৰ ভংগ কৰিলে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَنَادٰی فِرْعَوْنُ فِیْ قَوْمِهٖ قَالَ یٰقَوْمِ اَلَیْسَ لِیْ مُلْكُ مِصْرَ وَهٰذِهِ الْاَنْهٰرُ تَجْرِیْ مِنْ تَحْتِیْ ۚ— اَفَلَا تُبْصِرُوْنَ ۟ؕ
আৰু ফিৰআউনে তেওঁৰ সম্প্ৰদায়ৰ মাজত ঘোষণা কৰি ক’লে, ‘হে মোৰ সম্প্ৰদায়! মিছৰৰ ৰাজত্ব মোৰ নহয়নে বাৰু? আৰু এই নদ-নদীবোৰ মোৰ পাদদেশত প্ৰবাহিত হোৱা নাই জানো; তোমালোকে নেদেখা নেকি?
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اَمْ اَنَا خَیْرٌ مِّنْ هٰذَا الَّذِیْ هُوَ مَهِیْنٌ ۙ۬— وَّلَا یَكَادُ یُبِیْنُ ۟
‘মই এই ব্যক্তিতকৈ শ্ৰেষ্ঠ নহয়নে? যিজন হীন আৰু স্পষ্ট কথা ক’বলৈও প্ৰায় অক্ষম!
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَلَوْلَاۤ اُلْقِیَ عَلَیْهِ اَسْوِرَةٌ مِّنْ ذَهَبٍ اَوْ جَآءَ مَعَهُ الْمَلٰٓىِٕكَةُ مُقْتَرِنِیْنَ ۟
‘(তেওঁ যদি সঁচাই নবী) তেন্তে তেওঁক (মুছাক) সোণৰ গামখাৰু প্ৰদান কৰা নহ'ল কিয়, অথবা তেওঁৰ সৈতে ফিৰিস্তাসকল দলবদ্ধভাৱে নাহিল কিয়’?
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَاسْتَخَفَّ قَوْمَهٗ فَاَطَاعُوْهُ ؕ— اِنَّهُمْ كَانُوْا قَوْمًا فٰسِقِیْنَ ۟
এইদৰেই সি তাৰ সম্প্ৰদায়ক বুৰ্বক সজালে, ফলত সিহঁতে তাৰ কথাকে মানি ল’লে। নিশ্চয় সিহঁত আছিল এটা ফাছিক্ব সম্প্ৰদায়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَلَمَّاۤ اٰسَفُوْنَا انْتَقَمْنَا مِنْهُمْ فَاَغْرَقْنٰهُمْ اَجْمَعِیْنَ ۟ۙ
তাৰ পিছত যেতিয়া সিহঁতে আমাক ক্ৰোধান্বিত কৰিলে তেতিয়া আমি সিহঁতৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিলোঁ আৰু সিহঁত আটাইকে ডুবাই মাৰিলোঁ।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَجَعَلْنٰهُمْ سَلَفًا وَّمَثَلًا لِّلْاٰخِرِیْنَ ۟۠
ফলত আমি সিহঁতক পৰৱৰ্তীবিলাকৰ বাবে অতীত ইতিহাস আৰু দৃষ্টান্ত বনাই ৰাখিলোঁ।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَلَمَّا ضُرِبَ ابْنُ مَرْیَمَ مَثَلًا اِذَا قَوْمُكَ مِنْهُ یَصِدُّوْنَ ۟
আৰু যেতিয়াই মাৰয়াম-পুত্ৰৰ উদাহৰণ দিয়া হয়, তেতিয়াই তোমাৰ সম্প্ৰদায়ৰ লোকসকলে চিঞৰ-বাখৰ কৰি হুলস্থুল লগাই দিয়ে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَقَالُوْۤا ءَاٰلِهَتُنَا خَیْرٌ اَمْ هُوَ ؕ— مَا ضَرَبُوْهُ لَكَ اِلَّا جَدَلًا ؕ— بَلْ هُمْ قَوْمٌ خَصِمُوْنَ ۟
আৰু সিহঁতে কয়, ‘আমাৰ উপাস্যবিলাক শ্ৰেষ্ঠ নে ঈছা’? সিহঁতে কেৱল বাক-বিতণ্ডাৰ উদ্দেশ্যেহে তোমাৰ সন্মুখত তেওঁৰ কথা দাঙি ধৰে। বৰং সিহঁত হৈছে এটা কলহপ্ৰিয় সম্প্ৰদায়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِنْ هُوَ اِلَّا عَبْدٌ اَنْعَمْنَا عَلَیْهِ وَجَعَلْنٰهُ مَثَلًا لِّبَنِیْۤ اِسْرَآءِیْلَ ۟ؕ
তেওঁ কেৱল মোৰ এজন বান্দাহে আছিল। যাৰ ওপৰত আমি অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁক আমি বনী ইছৰাঈলৰ বাবে নিদৰ্শন বনাইছিলোঁ।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَلَوْ نَشَآءُ لَجَعَلْنَا مِنْكُمْ مَّلٰٓىِٕكَةً فِی الْاَرْضِ یَخْلُفُوْنَ ۟
আৰু আমি যদি ইচ্ছা কৰিলোঁহেঁতেন, তেন্তে তোমালোকৰ পৰিবৰ্তে ফিৰিস্তা সৃষ্টি কৰিলোঁহেঁতেন, যিসকলে পৃথিৱীৰ উত্তৰাধিকাৰী হ’লহেঁতেন।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
 
പരിഭാഷ അദ്ധ്യായം: സ്സുഖ്റുഫ്
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - ആസാമീ വിവർത്തനം - റഫീഖുൽ ഇസ്ലാം ഹബീബുറഹ്മാൻ - വിവർത്തനങ്ങളുടെ സൂചിക

റഫീഖുൽ ഇസ്‌ലാം ഹബീബു റഹ്മാൻ നടത്തിയ വിവർത്തനം.

അടക്കുക