Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
56 : 30

وَقَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ وَالْاِیْمَانَ لَقَدْ لَبِثْتُمْ فِیْ كِتٰبِ اللّٰهِ اِلٰى یَوْمِ الْبَعْثِ ؗ— فَهٰذَا یَوْمُ الْبَعْثِ وَلٰكِنَّكُمْ كُنْتُمْ لَا تَعْلَمُوْنَ ۟

যিসকলক আল্লাহে জ্ঞান দান কৰিছিল অৰ্থাৎ নবী আৰু ফিৰিস্তাসকলে ক'বঃ তোমালোকে সেই পুনৰুত্থান দিৱসলৈকে অৱস্থান কৰিছা, যিটোক আল্লাহে তেওঁৰ জ্ঞান অনুসাৰে তোমালোকৰ সৃষ্টিৰ সময়তেই নিৰ্ধাৰণ কৰি লিখি ৰাখিছিল, অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা। এতেকে এইটোৱেই হৈছে সেই দিন, যিদিনা মানুহক সিহঁতৰ কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ব।দৰাচলতে তোমালোকে জনাই নাছিলা যে, আখিৰাতৰ বাবে পুনৰ্জীৱন লাভ কৰাটো এটা চিৰসত্য বিষয়। সেইকাৰণেই তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।
info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• يأس الكافرين من رحمة الله عند نزول البلاء.
বিপদৰ সময়ত আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱাটো কাফিৰসকলৰ বৈশিষ্ট্য। info

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই। info

• مراحل العمر عبرة لمن يعتبر.
জীৱনৰ বিভিন্ন পৰ্যায়সমূহ হৈছে সেইসকল লোকৰ বাবে এটা উপদেশ, যিসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব বিচাৰে। info

• الختم على القلوب سببه الذنوب.
পাপকৰ্ম হৈছে অন্তৰত মোহৰ পৰাৰ অন্যতম কাৰণ। info