क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - अनुवादों की सूची


अर्थों का अनुवाद आयत: (56) सूरा: सूरा अर्-रूम
وَقَالَ الَّذِیْنَ اُوْتُوا الْعِلْمَ وَالْاِیْمَانَ لَقَدْ لَبِثْتُمْ فِیْ كِتٰبِ اللّٰهِ اِلٰى یَوْمِ الْبَعْثِ ؗ— فَهٰذَا یَوْمُ الْبَعْثِ وَلٰكِنَّكُمْ كُنْتُمْ لَا تَعْلَمُوْنَ ۟
যিসকলক আল্লাহে জ্ঞান দান কৰিছিল অৰ্থাৎ নবী আৰু ফিৰিস্তাসকলে ক'বঃ তোমালোকে সেই পুনৰুত্থান দিৱসলৈকে অৱস্থান কৰিছা, যিটোক আল্লাহে তেওঁৰ জ্ঞান অনুসাৰে তোমালোকৰ সৃষ্টিৰ সময়তেই নিৰ্ধাৰণ কৰি লিখি ৰাখিছিল, অথচ তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা। এতেকে এইটোৱেই হৈছে সেই দিন, যিদিনা মানুহক সিহঁতৰ কবৰৰ পৰা পুনৰুত্থিত কৰা হ'ব।দৰাচলতে তোমালোকে জনাই নাছিলা যে, আখিৰাতৰ বাবে পুনৰ্জীৱন লাভ কৰাটো এটা চিৰসত্য বিষয়। সেইকাৰণেই তোমালোকে ইয়াক অস্বীকাৰ কৰিছিলা।
अरबी तफ़सीरें:
इस पृष्ठ की आयतों से प्राप्त कुछ बिंदु:
• يأس الكافرين من رحمة الله عند نزول البلاء.
বিপদৰ সময়ত আল্লাহৰ ৰহমতৰ পৰা নিৰাশ হোৱাটো কাফিৰসকলৰ বৈশিষ্ট্য।

• هداية التوفيق بيد الله، وليست بيد الرسول صلى الله عليه وسلم.
হিদায়ত প্ৰদানৰ ক্ষমতা একমাত্ৰ আল্লাহৰ হাতত, ৰাছুলৰ হাতত ইয়াৰ কোনো অধিকাৰ নাই।

• مراحل العمر عبرة لمن يعتبر.
জীৱনৰ বিভিন্ন পৰ্যায়সমূহ হৈছে সেইসকল লোকৰ বাবে এটা উপদেশ, যিসকলে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰিব বিচাৰে।

• الختم على القلوب سببه الذنوب.
পাপকৰ্ম হৈছে অন্তৰত মোহৰ পৰাৰ অন্যতম কাৰণ।

 
अर्थों का अनुवाद आयत: (56) सूरा: सूरा अर्-रूम
सूरों की सूची पृष्ठ संख्या
 
क़ुरआन के अर्थों का अनुवाद - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - अनुवादों की सूची

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

बंद करें