पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (69) सूरः: सूरतु यूनुस
قُلْ اِنَّ الَّذِیْنَ یَفْتَرُوْنَ عَلَی اللّٰهِ الْكَذِبَ لَا یُفْلِحُوْنَ ۟ؕ
হে ৰাছুল! সিহঁতক কৈ দিয়ক, যিসকলে আল্লাহৰ সন্তান আছে বুলি মিছা অভিযোগ উত্থাপন কৰে, সিহঁত কেতিয়াও নিজৰ উদ্দেশ্যত সফল হ'ব নোৱাৰে, আৰু যাক সিহঁতে ভয় কৰে তাৰ পৰাও মুক্তি পাব নোৱাৰে।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• ولاية الله تكون لمن آمن به، وامتثل أوامره، واجتنب نواهيه، واتبع رسوله صلى الله عليه وسلم، وأولياء الله هم الآمنون يوم القيامة، ولهم البشرى في الدنيا إما بالرؤيا الصالحة أو عند الموت.
আল্লাহৰ বন্ধুত্ব সেই ব্যক্তি লাভ কৰে, যিয়ে তেওঁৰ প্ৰতি ঈমান পোষণ কৰে, তেওঁৰ আদেশ পালন কৰে, তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে আৰু তেওঁৰ ৰাছুলৰ অনুসৰণ কৰে। আল্লাহৰ অলীসকলেই ক্বিয়ামতৰ দিনা সুৰক্ষিত থাকিব। পৃথিৱীত তেওঁলোকৰ বাবে আছে সুসংবাদ, সেয়া নেক সপোনৰ জৰিয়তেই হওঁক অথবা মৃত্যুৰ সময়ত।

• العزة لله جميعًا وحده ؛ فهو مالك الملك، وما عُبِد من دون الله لا حقيقة له.
সকলো ধৰণৰ শক্তি-সন্মান একমাত্ৰ আল্লাহৰ বাবে, তেৱেঁই ৰাজাধিৰাজ। তেওঁৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয়, সেইবোৰৰ কোনো ভিত্তি নাই।

• الحث على التفكر في خلق الله؛ لأن ذلك يقود إلى الإيمان به وتوحيده.
সৃষ্টিজগতকলৈ চিন্তা-চৰ্চা কৰাৰ প্ৰেৰণা। ইয়াৰ ফলত তাওহীদ আৰু ঈমানৰ পথ প্ৰশস্ত হয়।

• حرمة الكذب على الله عز وجل، وأن صاحبه لن يفلح، ومن أعظم الكذب نسبة الولد له سبحانه.
আল্লাহৰ প্ৰতি মিছা আৰোপ কৰা হাৰাম, আৰু এনেকুৱা ব্যক্তি কেতিয়াও সফল হব নোৱাৰে। আটাইতকৈ ডাঙৰ মিছা অপবাদটো হৈছে আল্লাহৰ সন্তান আছে বুলি দাবী কৰা।

 
अर्थको अनुवाद श्लोक: (69) सूरः: सूरतु यूनुस
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्