Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (14) सूरः: र्रअद
لَهٗ دَعْوَةُ الْحَقِّ ؕ— وَالَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهٖ لَا یَسْتَجِیْبُوْنَ لَهُمْ بِشَیْءٍ اِلَّا كَبَاسِطِ كَفَّیْهِ اِلَی الْمَآءِ لِیَبْلُغَ فَاهُ وَمَا هُوَ بِبَالِغِهٖ ؕ— وَمَا دُعَآءُ الْكٰفِرِیْنَ اِلَّا فِیْ ضَلٰلٍ ۟
তাওহীদৰ আহ্বান একমাত্ৰ আল্লাহৰ বাবেই নিৰ্দিষ্ট, ইয়াত তেওঁৰ কোনো অংশীদাৰ নাই। মুশ্বৰিকসকলে আল্লাহক এৰি যিবোৰ মূৰ্তিৰ ওচৰত প্ৰাৰ্থনা কৰে, সেইবোৰ মূৰ্তিয়ে কোনো ক্ষেত্ৰতেই প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা স্বীকাৰ কৰিব নোৱাৰে। সিহঁতৰ প্ৰাৰ্থনাৰ উদাহৰণ হৈছে এনেকুৱা, যেনে- কোনো তৃষ্ণাতুৰ ব্যক্তিয়ে পানীৰ পিনে হাত প্ৰসাৰিত কৰি ভাৱে যে, পানী তাৰ মুখত নিজে নিজে আহি পাব আৰু সি পান কৰিব। অথচ পানী কেতিয়াও তাৰ মুখত নিজে নিজে অহাটো সম্ভৱ নহয়। দৰাচলতে কাফিৰসকলে মূৰ্তিবোৰক কৰা প্ৰাৰ্থনা হৈছে ব্যৰ্থ প্ৰচেষ্টা, যিটো সত্যতাৰ পৰাও বহু আঁতৰত। কাৰণ সেইবোৰে সিহঁতক উপকাৰো কৰিব নোৱাৰে আৰু অপকাৰো কৰিব নোৱাৰে।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• بيان ضلال المشركين في دعوتهم واستغاثتهم بغير الله تعالى، وتشبيه حالهم بحال من يريد الشرب فيبسط يده للماء بلا تناول له، وليس بشارب مع هذه الحالة؛ لكونه لم يتخذ وسيلة صحيحة لذلك.
আল্লাহৰ বাহিৰে আনৰ ওচৰত সহায় ভিক্ষাৰ ক্ষেত্ৰত তথা প্ৰাৰ্থনাৰ ক্ষেত্ৰত মুশ্বৰিকসকলৰ পথভ্ৰষ্টতাৰ বৰ্ণনা, সিহঁতৰ অৱস্থাক সেই ব্যক্তিৰ লগত ৰিজোৱা হৈছে, যিয়ে পানী খাব বিচাৰে কিন্তু পানী খোৱাৰ পৰিবৰ্তে হাত প্ৰসাৰিত কৰি থৈ দিয়ে। এয়া স্পষ্ট যে এই অৱস্থাত কোনেও পানী খাব নোৱাৰে। কাৰণ পানী খোৱাৰ বাবে সি সঠিক উপায় ব্যৱহাৰ কৰা নাই।

• أن من وسائل الإيضاح في القرآن: ضرب الأمثال وهي تقرب المعقول من المحسوس، وتعطي صورة ذهنية تعين على فهم المراد.
বিষয়বোৰ স্পষ্টৰূপে বৰ্ণনা কৰিবলৈ কোৰআনত যিবোৰ মাধ্যম অৱলম্বন কৰা হৈছে, তাৰে অন্যতম হৈছে উদাহৰণ দিয়া। উদাহৰণ এটাই বিষয়টো বুজাবলৈ তথা অনুভৱ কৰাত সহায় কৰে, তথা বিষয়টোক কাল্পনিক ৰূপ প্ৰদান কৰি উদ্দেশ্যত উপনীত হোৱাত সহায়ক হয়।

• إثبات سجود جميع الكائنات لله تعالى طوعًا، أو كرهًا بما تمليه الفطرة من الخضوع له سبحانه.
এই কথাৰ প্ৰমাণ পোৱা গল যে, বিশ্বজগতৰ সকলো বস্তুৱেই আল্লাহক ছাজদাহ কৰে, সেয়া ইচ্ছাকৃত ভাৱেই হওঁক নাইবা অনিচ্ছিকৃতভাৱে। কাৰণ তাৰ স্বভাৱে তাক আল্লাহৰ প্ৰতি নত হ'বলৈ বাধ্য কৰায়।

 
अर्थको अनुवाद श्लोक: (14) सूरः: र्रअद
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुस्