पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (89) सूरः: सूरतुन्नहल
وَیَوْمَ نَبْعَثُ فِیْ كُلِّ اُمَّةٍ شَهِیْدًا عَلَیْهِمْ مِّنْ اَنْفُسِهِمْ وَجِئْنَا بِكَ شَهِیْدًا عَلٰی هٰۤؤُلَآءِ ؕ— وَنَزَّلْنَا عَلَیْكَ الْكِتٰبَ تِبْیَانًا لِّكُلِّ شَیْءٍ وَّهُدًی وَّرَحْمَةً وَّبُشْرٰی لِلْمُسْلِمِیْنَ ۟۠
হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যেতিয়া আমি প্ৰত্যেক সম্প্ৰদায়ৰ একোজনকৈ ৰাছুল উপস্থিত কৰাম, তেওঁলোকে সেই সম্প্ৰদায়ৰ কুফৰী আৰু ঈমানৰ সাক্ষ্য দান কৰিব। ৰাছুলজন সেই সম্প্ৰদায়ৰে হ'ব আৰু সিহঁতৰ ভাষাতেই কথা ক'ব। হে ৰাছুল! আমি আপোনাক সকলো সম্প্ৰদায়ৰ সাক্ষী হিচাপে উপস্থাপন কৰিম। আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো যাতে আপুনি হালাল-হাৰাম, নেকী আৰু শাস্তিৰ বিষয়বোৰ স্পষ্টভাৱে বৰ্ণনা কৰে, যিবোৰ বৰ্ণনা কৰা আৱশ্যক। আমি ইয়াক মানুহৰ বাবে সত্যৰ পথপ্ৰদৰ্শক হিচাপে আৰু সেইসকল লোকৰ বাবে ৰহমত হিচাপে অৱতীৰ্ণ কৰিছোঁ যিসকলে ইয়াৰ প্ৰতি ঈমান আনিছে আৰু তাত থকা বিধি-বিধান অনুযায়ী আমল কৰিছে। লগতে এইখনক মুমিনসকলৰ বাবে আল্লাহৰ চিৰস্থায়ী নিয়ামতৰ সুসংবাদৰূপে অৱতীৰ্ণ কৰিছোঁ।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• للكفار الذين يصدون عن سبيل الله عذاب مضاعف بسبب إفسادهم في الدنيا بالكفر والمعصية.
আল্লাহৰ পথত বাধা প্ৰদান কৰা কাফিৰসকলক কেই গুণ বৃদ্ধি কৰি শাস্তি দিয়া হ'ব, কাৰণ সিহঁতে পৃথিৱীত কুফৰী আৰু পাপকৰ্মৰ জৰিয়তে বিপৰ্যয় সৃষ্টি কৰিছিল।

• لا تخلو الأرض من أهل الصلاح والعلم، وهم أئمة الهدى خلفاء الأنبياء، والعلماء حفظة شرائع الأنبياء.
পৃথিৱী কেতিয়াও জ্ঞানী আৰু সংস্কাৰী ব্যক্তিৰ পৰা খালী নহ'ব। দৰাচলতে তেওঁলোকেই হৈছে হিদায়তৰ পথত নেতৃত্বদানকাৰী আৰু নবীসকলৰ উত্তৰাধিকাৰী। আৰু উলামাসকল হৈছে নবীসকলৰ চৰীয়তৰ সংৰক্ষক।

• حدّدت هذه الآيات دعائم المجتمع المسلم في الحياة الخاصة والعامة للفرد والجماعة والدولة.
উক্ত আয়াতবোৰত ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত ব্যক্তিগত আৰু সাৰ্বজনিক জীৱনত মুছলিম সমাজৰ ভিত্তিসমূহ চিহ্নিত কৰা হৈছে।

• النهي عن الرشوة وأخذ الأموال على نقض العهد.
উৎকোচ লোৱা আৰু ধন লৈ প্ৰতিশ্ৰুতি ভঙ্গ কৰাৰ পৰা নিষেধ কৰা হৈছে।

 
अर्थको अनुवाद श्लोक: (89) सूरः: सूरतुन्नहल
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद, तफ्सीर सेन्टरद्वारा प्रकाशित ।

बन्द गर्नुस्