Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद श्लोक: (8) सूरः: अहकाफ
اَمْ یَقُوْلُوْنَ افْتَرٰىهُ ؕ— قُلْ اِنِ افْتَرَیْتُهٗ فَلَا تَمْلِكُوْنَ لِیْ مِنَ اللّٰهِ شَیْـًٔا ؕ— هُوَ اَعْلَمُ بِمَا تُفِیْضُوْنَ فِیْهِ ؕ— كَفٰی بِهٖ شَهِیْدًا بَیْنِیْ وَبَیْنَكُمْ ؕ— وَهُوَ الْغَفُوْرُ الرَّحِیْمُ ۟
এই মুশ্বৰিকসকলে এই দাবী কৰে নেকি যে, মুহাম্মদে নিজেই এই কোৰআন সৃষ্টি কৰি আল্লাহৰ লগত সম্পৃক্ত কৰিছে? হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ যদি মই এইখন নিজে ৰচনা কৰিছোঁ তেন্তে শুনা, ইয়াৰ কাৰণে আল্লাহে মোক শাস্তি দিব বিচাৰিলে তোমালোকে কেতিয়াও মোক সেই শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিবা। তেনেক্ষেত্ৰত মই আল্লাহৰ সৈতে মিছা কথা সম্পৃক্ত কৰি নিজকে কিয় ধ্বংসৰ গৰালত ঠেলি দিম?! তোমালোকে কোৰআন সম্পৰ্কে যিবোৰ মিছা কথা কৈ আছা আৰু মোৰ ওপৰত যিবোৰ মিছা আৰোপ কৰি আছা, সেইবোৰ আল্লাহে ভালদৰেই জানে। মোৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে পৱিত্ৰ আল্লাহেই যথেষ্ট। তেওঁ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল। তেওঁলোকৰ প্ৰতি পৰম দয়ালু।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• كل من عُبِد من دون الله ينكر على من عبده من الكافرين.
আল্লাহৰ বাহিৰে উপাসনা কৰা সকলো উপাস্যই নিজৰ কাফিৰ উপাসকসকলৰ কাৰোকাৰ্যক নসাৎ কৰিব।

• عدم معرفة النبي صلى الله عليه وسلم بالغيب إلا ما أطلعه الله عليه منه.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে গায়েব একো জনা নাছিল। তেওঁ কেৱল সেইখিনিহে জানিছিল যিখিনি আল্লাহে তেওঁক জনাইছিল।

• وجود ما يثبت نبوّة نبينا صلى الله عليه وسلم في الكتب السابقة.
পূৰ্বৱৰ্তী গ্ৰন্থসমূহৰ মাজতো আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নবুওৱত সম্পৰ্কে উল্লেখ আছে।

• بيان فضل الاستقامة وجزاء أصحابها.
সঠিক পথত অবিচল থকাৰ বৰ্ণনা আৰু এই পথৰ পথিকসকলৰ প্ৰতিদান।

 
अर्थको अनुवाद श्लोक: (8) सूरः: अहकाफ
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुस्