Check out the new design

पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । * - अनुवादहरूको सूची


अर्थको अनुवाद सूरः: मुद्दस्सिर   श्लोक:
فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشّٰفِعِیْنَ ۟ؕ
এতেকে ক্বিয়ামতৰ দিনা ছুপাৰিছকাৰীসকল অৰ্থাৎ ফিৰিস্তা, নবী আৰু সদাচাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব। কিয়নো আল্লাহৰ ওচৰত ছুপাৰিছ গ্ৰহণ হ'বলৈ হ'লে, আল্লাহে সেই বান্দাৰ প্ৰতি সন্তুষ্ট হ'ব লাগিব, যাৰ বাবে ছুপাৰিছ কৰা হৈছে।
अरबी व्याख्याहरू:
فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِیْنَ ۟ۙ
এই কাফিৰ বিলাকক কিহে কোৰআনৰ পৰা বিমুখ কৰিছে?
अरबी व्याख्याहरू:
كَاَنَّهُمْ حُمُرٌ مُّسْتَنْفِرَةٌ ۟ۙ
সিহঁতৰ কোৰআনৰ পৰা বিমুখতা আৰু পলায়ন এনেকুৱা লাগে যেনিবা ভীতিগ্ৰস্ত হৈ পলায়ন কৰা বনৰীয়া গাধ।
अरबी व्याख्याहरू:
فَرَّتْ مِنْ قَسْوَرَةٍ ۟ؕ
যিবোৰ সিংহৰ ভয়ত পলায়।
अरबी व्याख्याहरू:
بَلْ یُرِیْدُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّؤْتٰی صُحُفًا مُّنَشَّرَةً ۟ۙ
বৰং এই মুশ্বৰিক বিলাকৰ মাজত প্ৰত্যেক ব্যক্তিয়ে বিচাৰে যে, তাৰ মূৰৰ ওচৰত এখন খোলা কিতাপ হওক যিয়ে সিহঁতক কব যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল। আৰু এইটো প্ৰমাণ কম বা দলিল দুৰ্বল হোৱাৰ কাৰণ নহয় বৰং ইয়াৰ কাৰণ হৈছে বিদ্বেষ আৰু অহংকাৰ।
अरबी व्याख्याहरू:
كَلَّا ؕ— بَلْ لَّا یَخَافُوْنَ الْاٰخِرَةَ ۟ؕ
ঘটনাটো তেনে নহয়। বৰং সিহঁতে পথভ্ৰষ্টৰ ফালে বিচলিত হোৱাৰ কাৰণ এইটো যে সিহঁতে পৰকালৰ শাস্তিৰ প্ৰতি ঈমান নাৰাখে। এই কাৰণে নিজৰ কুফুৰীৰ প্ৰতি অটুট আছিল।
अरबी व्याख्याहरू:
كَلَّاۤ اِنَّهٗ تَذْكِرَةٌ ۟ۚ
শুনা এই কোৰআন এক শিক্ষা আৰু স্মৃতি।
अरबी व्याख्याहरू:
فَمَنْ شَآءَ ذَكَرَهٗ ۟ؕ
এতেকে যিয়ে কোৰআন পঢ়িব বিচাৰে আৰু তাৰ পৰা উপদেশ গ্ৰহণ কৰিব বিচাৰে, তেওঁ সেয়া পঢ়া উচিত আৰু উপদেশ গ্ৰহণ কৰা উচিত।
अरबी व्याख्याहरू:
وَمَا یَذْكُرُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ— هُوَ اَهْلُ التَّقْوٰی وَاَهْلُ الْمَغْفِرَةِ ۟۠
আল্লাহে যেতিয়া ইচ্ছা কৰিব তেতিয়াহে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰিব। একমাত্ৰ পৱিত্ৰ আল্লাহ ইয়াৰ যোগ্য যে, তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। আৰু যেতিয়া তেওঁৰ বান্দাই ক্ষমা বিচাৰে তেতিয়া বান্দাক ক্ষমা কৰি দিয়াৰো একমাত্ৰ অধিকাৰ তেওঁৰেই।
अरबी व्याख्याहरू:
यस पृष्ठको अायतहरूका लाभहरूमध्येबाट:
• مشيئة العبد مُقَيَّدة بمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

• حرص رسول الله صلى الله عليه وسلم على حفظ ما يوحى إليه من القرآن، وتكفّل الله له بجمعه في صدره وحفظه كاملًا فلا ينسى منه شيئًا.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰত্যেক ভাগ মুখস্ত কৰাৰ প্ৰতি তত্পৰ আছিল। যিহেতু স্বয়ং আল্লাহে দায়িত্ব লৈছিল যে, সেয়া তেখেতৰ অন্তৰত সুৰক্ষিত কৰি দিব আৰু এনেদৰে মুখস্ত কৰাই দিব যে, তেখেত তাৰ এটা আখৰো পাহৰি নাযাব।

 
अर्थको अनुवाद सूरः: मुद्दस्सिर
अध्यायहरूको (सूरःहरूको) सूची رقم الصفحة
 
पवित्र कुरअानको अर्थको अनुवाद - पवित्र कुर्आनको संक्षिप्त व्याख्याको असामी भाषामा अनुवाद । - अनुवादहरूको सूची

मर्क्ज तफ्सीर लिद्दिरासात अल-कुर्आनियह द्वारा प्रकाशित ।

बन्द गर्नुस्