Check out the new design

Vertaling van de betekenissen Edele Qur'an - Assamese vertaling - Rafiq Al islam Habib Rahman * - Index van vertaling

PDF XML CSV Excel API
Please review the Terms and Policies

Vertaling van de betekenissen Surah: Az-Zochrof   Vers:
اِنَّ الْمُجْرِمِیْنَ فِیْ عَذَابِ جَهَنَّمَ خٰلِدُوْنَ ۟ۚ
নিশ্চয় অপৰাধীবিলাকে স্থায়ীভাৱে জাহান্নামৰ শাস্তি ভোগ কৰিব;
Arabische uitleg van de Qur'an:
لَا یُفَتَّرُ عَنْهُمْ وَهُمْ فِیْهِ مُبْلِسُوْنَ ۟ۚ
সিহঁতৰ শাস্তি লাঘৱ কৰা নহ’ব আৰু সিহঁতে তাত হতাশ হৈ পৰিব।
Arabische uitleg van de Qur'an:
وَمَا ظَلَمْنٰهُمْ وَلٰكِنْ كَانُوْا هُمُ الظّٰلِمِیْنَ ۟
আৰু আমি সিহঁতৰ প্ৰতি অন্যায় কৰা নাছিলোঁ, বৰং সিহঁত নিজেই আছিল যালিম।
Arabische uitleg van de Qur'an:
وَنَادَوْا یٰمٰلِكُ لِیَقْضِ عَلَیْنَا رَبُّكَ ؕ— قَالَ اِنَّكُمْ مّٰكِثُوْنَ ۟
সিহঁতে চিঞৰি চিঞৰি ক’ব, ‘হে মালিক (জাহান্নামৰ প্ৰহৰী ফিৰিস্তা)! (আপুনি আমাৰ ফালৰ পৰা আবেদন কৰকচোন) আপোনাৰ প্ৰতিপালকে যেন আমাক নিঃশেষ কৰি দিয়ে’। তেওঁ ক’ব, ‘নিশ্চয় তোমালোকে এনেকৈয়ে (চিৰকাল) থাকিব লাগিব’।
Arabische uitleg van de Qur'an:
لَقَدْ جِئْنٰكُمْ بِالْحَقِّ وَلٰكِنَّ اَكْثَرَكُمْ لِلْحَقِّ كٰرِهُوْنَ ۟
(আল্লাহে ক’ব,) ‘নিশ্চয় আমি তোমালোকক সত্য অৱগত কৰোৱাইছিলোঁ, কিন্তু তোমালোকৰ সৰহভাগেই আছিল সত্য অপছন্দকাৰী’।
Arabische uitleg van de Qur'an:
اَمْ اَبْرَمُوْۤا اَمْرًا فَاِنَّا مُبْرِمُوْنَ ۟ۚ
সিহঁতে কোনো বিষয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে নেকি? নিশ্চয় আমিহে চূড়ান্ত সিদ্ধান্তকাৰী।
Arabische uitleg van de Qur'an:
اَمْ یَحْسَبُوْنَ اَنَّا لَا نَسْمَعُ سِرَّهُمْ وَنَجْوٰىهُمْ ؕ— بَلٰی وَرُسُلُنَا لَدَیْهِمْ یَكْتُبُوْنَ ۟
অথবা সিহঁতে ভাবে নেকি যে, আমি সিহঁতৰ গোপন বিষয় আৰু গোপন পৰামৰ্শ শুনিবলৈ নাপাওঁ? নিশ্চয় শুনিবলৈ পাওঁ। আমাৰ ফিৰিস্তাসকলে দেখোন সিহঁতৰ ওচৰতে থাকি লিখে।
Arabische uitleg van de Qur'an:
قُلْ اِنْ كَانَ لِلرَّحْمٰنِ وَلَدٌ ۖۗ— فَاَنَا اَوَّلُ الْعٰبِدِیْنَ ۟
কোৱা, ‘ৰহমানৰ যদি কোনো সন্তান থাকিলহেঁতেন তেন্তে ময়েই প্ৰথম তেওঁৰ ইবাদতকাৰী হ’লোঁহেঁতেন;
Arabische uitleg van de Qur'an:
سُبْحٰنَ رَبِّ السَّمٰوٰتِ وَالْاَرْضِ رَبِّ الْعَرْشِ عَمَّا یَصِفُوْنَ ۟
সিহঁতে যিবোৰ বিষয় আৰোপ কৰে সেইবোৰৰ পৰা আকাশসমূহ আৰু পৃথিৱীৰ প্ৰতিপালক তথা মহা আৰছৰ অধিপতি (মহান আল্লাহ) অতি পৱিত্ৰ-মহান।
Arabische uitleg van de Qur'an:
فَذَرْهُمْ یَخُوْضُوْا وَیَلْعَبُوْا حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ یُوْعَدُوْنَ ۟
এতেকে সিহঁতক যিটো দিৱসৰ প্ৰতিশ্ৰুতি দিয়া হৈছে, সেই দিৱসৰ সন্মুখীন নোহোৱা পৰ্যন্ত সিহঁতক নিৰৰ্থক কথা-বতৰা আৰু খেল-ধেমালিত মত্ত হৈ থাকিবলৈ দিয়া।
Arabische uitleg van de Qur'an:
وَهُوَ الَّذِیْ فِی السَّمَآءِ اِلٰهٌ وَّفِی الْاَرْضِ اِلٰهٌ ؕ— وَهُوَ الْحَكِیْمُ الْعَلِیْمُ ۟
তেৱেঁই সত্য ইলাহ আকাশত, আৰু তেৱেঁই সত্য ইলাহ পৃথিৱীত। তেওঁ প্ৰজ্ঞাময়, সৰ্বজ্ঞ।
Arabische uitleg van de Qur'an:
وَتَبٰرَكَ الَّذِیْ لَهٗ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ وَمَا بَیْنَهُمَا ۚ— وَعِنْدَهٗ عِلْمُ السَّاعَةِ ۚ— وَاِلَیْهِ تُرْجَعُوْنَ ۟
আৰু তেওঁ বৰকতময়, যাৰ কৰ্তৃত্বত আছে আকাশসমূহ, পৃথিৱী আৰু এই দুয়োৰে মধ্যৱৰ্তী সকলো বস্তু। কিয়ামতৰ জ্ঞান কেৱল তেওঁৰ ওচৰতেই আছে, আৰু তেওঁৰ ওচৰতেই তোমালোকক প্ৰত্যাৱৰ্তিত কৰা হ’ব।
Arabische uitleg van de Qur'an:
وَلَا یَمْلِكُ الَّذِیْنَ یَدْعُوْنَ مِنْ دُوْنِهِ الشَّفَاعَةَ اِلَّا مَنْ شَهِدَ بِالْحَقِّ وَهُمْ یَعْلَمُوْنَ ۟
আৰু তেওঁৰ বাহিৰে সিহঁতে যিবোৰক আহ্বান কৰে, সিহঁতে কেতিয়াও চুপাৰিছৰ অধিকাৰী হ’ব নোৱাৰে, কিন্তু তেওঁলোকৰ বাহিৰে যিসকলে জানি-শুনি সত্য সাক্ষ্য দিয়ে।
Arabische uitleg van de Qur'an:
وَلَىِٕنْ سَاَلْتَهُمْ مَّنْ خَلَقَهُمْ لَیَقُوْلُنَّ اللّٰهُ فَاَنّٰی یُؤْفَكُوْنَ ۟ۙ
আৰু যদি তুমি সিহঁতক সোধা, ‘কোনে সিহঁতক সৃষ্টি কৰিছে’?তেন্তে সিহঁতে নিশ্চয় ক’ব ‘আল্লাহে’। তথাপিও সিহঁতে কেনেকৈ বিমুখ হৈছে?
Arabische uitleg van de Qur'an:
وَقِیْلِهٖ یٰرَبِّ اِنَّ هٰۤؤُلَآءِ قَوْمٌ لَّا یُؤْمِنُوْنَ ۟ۘ
আৰু তেওঁৰ (ৰাছুলৰ) এই বাণী যে, ‘হে মোৰ প্ৰতিপালক! নিশ্চয় ইহঁত এনেকুৱা এটা সম্প্ৰদায় যিসকলে ঈমান পোষণ নকৰিব’।
Arabische uitleg van de Qur'an:
فَاصْفَحْ عَنْهُمْ وَقُلْ سَلٰمٌ ؕ— فَسَوْفَ یَعْلَمُوْنَ ۟۠
এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু কোৱা, ‘ছালাম’। কিন্তু সিহঁতে (ইয়াৰ পৰিণাম) অনতিপলমে জানিবলৈ পাব।
Arabische uitleg van de Qur'an:
 
Vertaling van de betekenissen Surah: Az-Zochrof
Surah's Index Pagina nummer
 
Vertaling van de betekenissen Edele Qur'an - Assamese vertaling - Rafiq Al islam Habib Rahman - Index van vertaling

Vertaald door Rafiq Al-Islam Habib Ar-rahman.

Sluit