Check out the new design

ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. * - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ


ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߝߐߘߊ ߘߏ߫: ߦߛߎߝߎ߫   ߟߝߊߙߌ ߘߏ߫:

ইউছুফ

ߝߐߘߊ ߟߊߢߌߣߌ߲ ߘߏ߫:
الاعتبار بلطف تدبير الله لأوليائه وتمكينهم، وحسن عاقبتهم.
আল্লাহে তেওঁৰ নৈকট্য অৰ্জনকাৰী বান্দাসকলক সুক্ষ্মভাৱে চোৱাচিতা কৰে, তেওঁলোকক প্ৰতিষ্ঠা কৰে আৰু তেওঁলোকক উত্তম পৰিণাম দান কৰে।

الٓرٰ ۫— تِلْكَ اٰیٰتُ الْكِتٰبِ الْمُبِیْنِ ۟۫
(আলিফ-লাম-ৰা) এইটো আৰু এই ধৰণৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত অৱতীৰ্ণ আয়াতসমূহ হৈছে সুস্পষ্ট কোৰআনৰ আয়াত।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
اِنَّاۤ اَنْزَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟
হে আৰবৰ অধিবাসীসকল! আমি কোৰআনখন আৰবী ভাষাত অৱতীৰ্ণ কৰিছো, যাতে তোমালোকে ইয়াৰ অৰ্থ বুজিব পাৰা।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
نَحْنُ نَقُصُّ عَلَیْكَ اَحْسَنَ الْقَصَصِ بِمَاۤ اَوْحَیْنَاۤ اِلَیْكَ هٰذَا الْقُرْاٰنَ ۖۗ— وَاِنْ كُنْتَ مِنْ قَبْلِهٖ لَمِنَ الْغٰفِلِیْنَ ۟
হে ৰাছুল! আমি আপোনাক এনেকুৱা কাহিনী বৰ্ণনা কৰি আছো যিটো সাহিত্য দিশৰ পৰা, শব্দৰ শুদ্ধতা আৰু সত্যতাৰ ফালৰ পৰা অতি উত্তম। নিশ্চয় আপুনি এইটো অৱতীৰ্ণ হোৱাৰ পূৰ্বে এই সম্পৰ্কে কোনো জ্ঞান নাছিল তথা আপুনি অমনোযোগী আছিল।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
اِذْ قَالَ یُوْسُفُ لِاَبِیْهِ یٰۤاَبَتِ اِنِّیْ رَاَیْتُ اَحَدَ عَشَرَ كَوْكَبًا وَّالشَّمْسَ وَالْقَمَرَ رَاَیْتُهُمْ لِیْ سٰجِدِیْنَ ۟
হে ৰাছুল! আমি আপোনাক সংবাদ দিওঁ যে, ইউছুফে যেতিয়া তেওঁৰ পিতৃ ইয়াকূবক কৈছিলঃ হে মোৰ পিতৃ! মই সপোনত দেখিছো এঘাৰ টা তৰা, লগতে সূৰ্য আৰু চন্দ্ৰ আটায়ে মোক ছাজদা কৰি আছে। এই সপোনটো আছিল ইউছুফ আলাইহিছ ছালামৰ বাবে আগতীয়া সুসংবাদ।
ߊߙߊߓߎߞߊ߲ߡߊ ߞߘߐߦߌߘߊ ߟߎ߬:
ߟߝߊߙߌ ߟߎ߫ ߢߊ߬ߕߣߐ ߘߏ߫ ߞߐߜߍ ߣߌ߲߬ ߞߊ߲߬:
• بيان الحكمة من القصص القرآني، وهي تثبيت قلب النبي صلى الله عليه وسلم وموعظة المؤمنين.
কোৰআনত বৰ্ণিত ঘটনাৱলীৰ ৰহস্যৰ বৰ্ণনা। ইয়াৰ উদ্দেশ্য হৈছে, ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা আৰু মুমিনসকলক উপদেশ দিয়া।

• انفراد الله تعالى بعلم الغيب لا يشركه فيه أحد.
অদৃশ্যৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই।

• الحكمة من نزول القرآن عربيًّا أن يعقله العرب؛ ليبلغوه إلى غيرهم.
আৰবী ভাষাত কোৰআন অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য হৈছে যাতে আৰববাসীয়ে কোৰআন বুজি পায়, লগতে আন আন লোকসকললৈ পৌঁচাই দিয়ে।

• اشتمال القرآن على أحسن القصص.
উত্তম কাহিনীৰে কোৰআন গঠিত।

 
ߞߘߐ ߟߎ߬ ߘߟߊߡߌ߬ߘߊ߬ߟߌ ߝߐߘߊ ߘߏ߫: ߦߛߎߝߎ߫
ߝߐߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ ߞߐߜߍ ߝߙߍߕߍ
 
ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐ ߟߎ߬ ߘߟߊߡߌߘߊ - ߞߎ߬ߙߣߊ߬ ߞߟߊߒߞߋ ߞߘߐߦߌߘߊ ߟߊߘߛߏߣߍ߲ ߘߟߊߡߌߘߊ ߊߛߊ߯ߡߌߞߊ߲ ߘߐ߫. - ߘߟߊߡߌߘߊ ߟߎ߫ ߦߌ߬ߘߊ߬ߥߟߊ

ߡߍ߲ ߝߘߊߣߍ߲߫ ߞߎ߬ߙߊ߬ߣߊ ߞߘߐߦߌߘߊ ߕߌߙߌ߲ߠߌ߲ ߝߊ߲ߓߊ ߟߊ߫

ߘߊߕߎ߲߯ߠߌ߲