د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (19) سورت: النحل
وَاللّٰهُ یَعْلَمُ مَا تُسِرُّوْنَ وَمَا تُعْلِنُوْنَ ۟
হে বান্দাসকল! আল্লাহে তোমালোকৰ সেইবোৰ কৰ্ম সম্পৰ্কেও অৱগত যিবোৰ তোমালোকে গোপন কৰা আৰু যিবোৰক তোমালোকে প্ৰকাশ কৰা। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• في الآيات من أصناف نعم الله على العباد شيء عظيم، مجمل ومفصل، يدعو الله به العباد إلى القيام بشكره وذكره ودعائه.
এই আয়াতসমূহত বান্দাৰ ওপৰত থকা আল্লাহৰ বহুতো নিয়ামতৰ কথা উল্লেখ হৈছে। কিছুমান সংক্ষিপ্তভাৱে আৰু কিছুমান বিস্তাৰিত। ইয়াৰ দ্বাৰা আল্লাহে বান্দাসকলক বাৰ্তা প্ৰেৰণ কৰিছে যে, তেওঁলোকে যেন আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে, তেওঁক স্মৰণ কৰে আৰু তেওঁকেই আহ্বান কৰে।

• طبيعة الإنسان الظلم والتجرُّؤ على المعاصي والتقصير في حقوق ربه، كَفَّار لنعم الله، لا يشكرها ولا يعترف بها إلا من هداه الله.
মানুহৰ প্ৰবৃত্তি সাধাৰণতে অন্যায়-অত্যাচাৰ, পাপ কৰ্ম কৰিবলৈ দুঃসাহস, আৰু নিজ প্ৰতিপালকৰ অধিকাৰ খৰ্ব কৰাত অভ্যস্ত। আল্লাহৰ নিয়ামতসমূহৰ অকৃতজ্ঞতা কৰে। এইবোৰৰ বাবে কেৱল সেইসকল লোকেই কৃতজ্ঞতা স্বীকাৰ কৰে, যিসকলে আল্লাহৰ হিদায়ত লাভ কৰিছে।

• مساواة المُضِلِّ للضال في جريمة الضلال؛ إذ لولا إضلاله إياه لاهتدى بنظره أو بسؤال الناصحين.
বিভ্ৰান্তকাৰীও বিভ্ৰান্ত হোৱা ব্যক্তিৰ দৰে সমান পাপী। কাৰণ যদি সি বিভ্ৰান্ত নকৰিলেহেঁতেন তেন্তে হয়তো সি চিন্তা-চৰ্চা কৰি অথবা কোনো শুভাকাংক্ষী ব্যক্তিক সুধি হিদায়ত লাভ কৰিব পাৰিলেহেঁতেন।

• أَخْذ الله للمجرمين فجأة أشد نكاية؛ لما يصحبه من الرعب الشديد، بخلاف الشيء الوارد تدريجيًّا.
আল্লাহে অপৰাধীক আকস্মিক গ্ৰেপ্তাৰ কৰাটোও এটা ডাঙৰ শাস্তি। কাৰণ লাহে লাহে অহা শাস্তিৰ তুলনাত ইয়াৰ ভয়-ভীতি অধিক থাকে।

 
د معناګانو ژباړه آیت: (19) سورت: النحل
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه - د ژباړو فهرست (لړلیک)

اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه، د قرآن علومو مرکز، تفسیر لخوا خپره شوې ده.

بندول