د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (97) سورت: البقرة
قُلْ مَنْ كَانَ عَدُوًّا لِّجِبْرِیْلَ فَاِنَّهٗ نَزَّلَهٗ عَلٰی قَلْبِكَ بِاِذْنِ اللّٰهِ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ وَهُدًی وَّبُشْرٰی لِلْمُؤْمِنِیْنَ ۟
হে নবী! আপুনি সেইসকল ইয়াহুদীক জনাই দিয়ক যিসকলে কয়ঃ “ফিৰিস্তাসকলৰ ভিতৰত জিব্ৰীল হৈছে আমাৰ শত্ৰু”। যিয়ে জিব্ৰীলৰ লগত শত্ৰুতা পোষণ কৰে, সিহঁতে জানি থোৱা উচিত যে, তেৱেঁই আল্লাহৰ আদেশত আপোনাৰ অন্তৰত কোৰআন অৱতীৰ্ণ কৰিছে, যি কোৰআনে তাওৰাত, ইঞ্জীলৰ দৰে পূৰ্বৱৰ্তী সকলো পুথিৰ সত্যায়ন কৰে। সত্কৰ্মৰ সন্ধান দিয়ে আৰু মুমিনসকলক সেইসমূহ নিয়ামতৰ সুসংবাদ দিয়ে যিবোৰ আল্লাহে তেওঁলোকৰ বাবে প্ৰস্তুত কৰি ৰাখিছে। এতেকে যিয়ে এনেকুৱা বৈশিষ্ট্যৰ অধিকাৰী সত্ত্বাৰ লগত শত্ৰুতা পোষণ কৰে, নিশ্চয় সি পথভ্ৰষ্টসকলৰ অন্তৰ্ভুক্ত।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• المؤمن الحق يرجو ما عند الله من النعيم المقيم، ولهذا يفرح بلقاء الله ولا يخشى الموت.
প্ৰকৃত মুমিনে আল্লাহৰ ওচৰত পাবলগীয়া স্থায়ী নিয়ামতৰ আশা পোষণ কৰে। সেই কাৰণে তেওঁ আল্লাহৰ সাক্ষাতত আনন্দ প্ৰকাশ কৰে আৰু মৃত্যুক ভয় নকৰে।

• حِرص اليهود على الحياة الدنيا حتى لو كانت حياة حقيرة مهينة غير كريمة.
পাৰ্থিৱ জীৱনৰ প্ৰতি ইয়াহুদীসকলৰ লোভ-লালসা অধিক। যদিও সেই জীৱন তুচ্ছ আৰু নিকৃষ্ট নহওঁক কিয়।

• أنّ من عادى أولياء الله المقربين منه فقد عادى الله تعالى.
আল্লাহৰ নিকটৱৰ্তী আওলিয়াসকলৰ লগত শত্ৰুতা পোষণ কৰা দৰাচলতে আল্লাহৰ লগত শত্ৰুতা পোষণ কৰা বুজায়।

• إعراض اليهود عن نبوة محمد صلى الله عليه وسلم بعدما عرفوا تصديقه لما في أيديهم من التوراة.
ইয়াহুদীবিলাকে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নুবুওৱতৰ পৰা মুখ ঘূৰাই লৈছিল, এই কথা জনাৰ পিছতো যে, তেখেতে সিহঁতৰ ওচৰত থকা তাওৰাতৰো সত্যায়ন কৰে।

• أنَّ من لم ينتفع بعلمه صح أن يوصف بالجهل؛ لأنه شابه الجاهل في جهله.
যিয়ে নিজৰ জ্ঞানৰ দ্বাৰা উপকৃত নহয় সি মুৰ্খৰ ন্যায়। কাৰণ সি জ্ঞানৰ দ্বাৰা উপকৃত নহৈ মুৰ্খৰ পৰিচয় দিয়ে।

 
د معناګانو ژباړه آیت: (97) سورت: البقرة
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه - د ژباړو فهرست (لړلیک)

اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه، د قرآن علومو مرکز، تفسیر لخوا خپره شوې ده.

بندول