د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (115) سورت: النساء
وَمَنْ یُّشَاقِقِ الرَّسُوْلَ مِنْ بَعْدِ مَا تَبَیَّنَ لَهُ الْهُدٰی وَیَتَّبِعْ غَیْرَ سَبِیْلِ الْمُؤْمِنِیْنَ نُوَلِّهٖ مَا تَوَلّٰی وَنُصْلِهٖ جَهَنَّمَ ؕ— وَسَآءَتْ مَصِیْرًا ۟۠
সত্য স্পষ্ট হোৱাৰ পিছতো যিয়ে ৰাছুলৰ লগত শত্ৰুতা পোষণ কৰিব, তেওঁ লৈ অহা চৰীয়তৰ বিৰোধিতা কৰিব লগতে মুমিনসকলৰ পথৰ বাহিৰে আন কোনো পথ অৱলম্বন কৰিব, আমি তাক সেই পথৰে পথিক বনাই দিম যিটো সি নিজৰ বাবে পছন্দ কৰিছে। আৰু জানি বুজি সত্যৰ পৰা বিমুখ হোৱাৰ কাৰণে, আমি তাক সত্যৰ পথত আহিবলৈ তাওফীক প্ৰদান নকৰিম। আমি তাক জাহান্নামত প্ৰৱেশ কৰাম, য’ত সি প্ৰচণ্ড গৰম অনুভৱ কৰিব আৰু এইটো ইয়াৰ অধিবাসীসকলৰ বাবে বৰ নিকৃষ্ট ঠাই।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• أكثر تناجي الناس لا خير فيه، بل ربما كان فيه وزر، وقليل من كلامهم فيما بينهم يتضمن خيرًا ومعروفًا.
মানুহৰ অধিকাংশ গোপন কথাপোকথনত কোনো কল্যাণ নাথাকে। বৰং কেতিয়াবা কেতিয়াবা তাত গোনাহে হয়। বহুত কম এনেকুৱা হয় য’ত পাৰস্পাৰিক গোপন কথাপোকথনত কল্যাণ তথা ভাল কামৰ আলোচনা হয়।

• معاندة الرسول صلى الله عليه وسلم ومخالفة سبيل المؤمنين نهايتها البعد عن الله ودخول النار.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত শত্ৰুতা আৰু মুমিনসকলৰ পথৰ বিৰোধিতা কৰাৰ পৰিণাম হৈছে আল্লাহৰ পৰা দূৰত্ব আৰু জাহান্নামত প্ৰৱেশ।

• كل الذنوب تحت مشيئة الله، فقد يُغفر لصاحبها، إلا الشرك، فلا يغفره الله أبدًا، إذا لم يتب صاحبه ومات عليه.
প্ৰত্যেক গুনাহ আল্লাহৰ ইচ্ছাধীন থাকে, তেওঁ ইচ্ছা কৰিলে ক্ষমা কৰি দিব পাৰে। কিন্তু যদি শ্বিৰ্ক কৰা ব্যক্তিয়ে তাওবা নকৰাকৈ সেই অৱস্থাতে মৃত্যুবৰণ কৰে তেন্তে তেওঁ কেতিয়াও সেই শ্বিৰ্ক গুনাহ ক্ষমা নকৰে।

• غاية الشيطان صرف الناس عن عبادة الله تعالى، ومن أعظم وسائله تزيين الباطل بالأماني الغرارة والوعود الكاذبة.
চয়তানৰ আচল উদ্দেশ্য হৈছে মানুহক আল্লাহৰ ইবাদতৰ পৰা দূৰ কৰা। আৰু তাৰ ডাঙৰ উপায়টো হৈছে অসত্যক প্ৰতাৰণামূলক আশাৰে আৰু মিছা প্ৰতিশ্ৰুতিৰে সুসজ্জিত কৰি দাঙি ধৰা।

 
د معناګانو ژباړه آیت: (115) سورت: النساء
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه - د ژباړو فهرست (لړلیک)

اسامي ژبې ته د قرآن کریم د لنډ تفسیر ژباړه، د قرآن علومو مرکز، تفسیر لخوا خپره شوې ده.

بندول