د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
21 : 47

طَاعَةٌ وَّقَوْلٌ مَّعْرُوْفٌ ۫— فَاِذَا عَزَمَ الْاَمْرُ ۫— فَلَوْ صَدَقُوا اللّٰهَ لَكَانَ خَیْرًا لَّهُمْ ۟ۚ

সিহঁতে আল্লাহৰ আনুগত্য কৰিব লাগিছিল আৰু উত্তম কথা ক’ব লাগিছিল, এইটোৱে তেওঁলোকৰ পক্ষে কল্যাণকৰ আছিল। এতেকে যেতিয়া যুদ্ধ অনিবাৰ্য কৰা হৈছিল, তেতিয়া যদি সিহঁতে সঠিক ঈমানৰ বহিঃপ্ৰকাশ কৰিলেহেঁতেন তথা আল্লাহৰ আনুগত্য কৰিলেহেঁতেন তেন্তে নিশ্চয় এইটো সিহঁতৰ বাবে নিফাক আৰু আল্লাহৰ অৱজ্ঞাৰ পৰা শত গুণে উত্তম হ’লহেঁতেন। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• التكليف بالجهاد في سبيل الله يميّز المنافقين من صفّ المؤمنين.
আল্লাহৰ পথত কৰা যুদ্ধই মুনাফিকসকলৰ শাৰীৰ পৰা মুমিনসকলক পৃথক কৰাত সহায় কৰে। info

• أهمية تدبر كتاب الله، وخطر الإعراض عنه.
আল্লাহৰ কিতাব চৰ্চা কৰাৰ গুৰুত্ব, তথা ইয়াৰ পৰা বিমুখ হোৱাৰ ভয়াৱহতা। info

• الإفساد في الأرض وقطع الأرحام من أسباب قلة التوفيق والبعد عن رحمة الله.
পৃথিৱীত উপদ্ৰৱ সৃষ্টি কৰা, লগতে আত্মীয়তাৰ বন্ধন ছিন্ন কৰা আদি হৈছে আল্লাহৰ তাওফীক আৰু তেওঁৰ ৰহমতৰ পৰা বঞ্চিত হোৱাৰ অন্যতম কাৰণ। info