Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه آیت: (101) سورت: مائده
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَسْـَٔلُوْا عَنْ اَشْیَآءَ اِنْ تُبْدَ لَكُمْ تَسُؤْكُمْ ۚ— وَاِنْ تَسْـَٔلُوْا عَنْهَا حِیْنَ یُنَزَّلُ الْقُرْاٰنُ تُبْدَ لَكُمْ ؕ— عَفَا اللّٰهُ عَنْهَا ؕ— وَاللّٰهُ غَفُوْرٌ حَلِیْمٌ ۟
হে মুমিনসকল! ৰাছুলক তোমালোকে এনেকুৱা বস্তু সম্পৰ্কে প্ৰশ্ন নকৰিবা, যিবোৰ তোমালোকৰ প্ৰয়োজনীয় নহয়, আনকি কোনো ধৰ্মীয় বিষয়তো সেয়া কোনো সহায়ক নহয়। আনহাতে সেই বিষয়ে তোমালোকক জনোৱা হ'লে তোমালোকৰ অন্তৰেই কষ্ট পাব। কাৰণ তাত কষ্ট আছে। লগতে অহী অৱতৰণৰ সময়ত তোমালোকে এনেকুৱা প্ৰশ্ন কৰিলে, সেই বিষয়ে জনাই দিয়া হ'ব, আৰু এয়া আল্লাহৰ বাবে তেনেই উজু। কিছুমান বিষয় আল্লাহে ক্ষমা কৰিছে, সেয়ে কোৰআনেও সেই সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে। সেয়ে এনেকুৱা বিষয় সম্পৰ্কে প্ৰশ্ন নকৰিবা, অন্যথা তোমালোকক সেইবোৰ বিধানৰ ওপৰত আমল কৰিবলৈ বাধ্য কৰোৱা হ'ব। নিশ্চয় আল্লাহ ক্ষমাশীল, যদি বান্দাই তাওবা কৰে তেন্তে তেওঁ ক্ষমা কৰি দিয়ে; লগতে তেওঁ সহনশীল, শাস্তি প্ৰদানত খৰধৰ নকৰে।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• الأصل في شعائر الله تعالى أنها جاءت لتحقيق مصالح العباد الدنيوية والأخروية، ودفع المضار عنهم.
আল্লাহ তাআলাৰ ধৰ্মীয় প্ৰতীকৰ উদ্দেশ্য হৈছে, বান্দাৰ ধৰ্মীয় তথা পাৰ্থিৱ প্ৰয়োজনীয়তা পূৰণ কৰা লগতে ক্ষতিকৰ বস্তুবোৰ দূৰ কৰা।

• عدم الإعجاب بالكثرة، فإنّ كثرة الشيء ليست دليلًا على حِلِّه أو طِيبه، وإنما الدليل يكمن في الحكم الشرعي.
সংখ্যাগৰিষ্ঠতাক লৈ আনন্দিত হোৱা উচিত নহয়, কিয়নো সংখ্যাগৰিষ্ঠতা কোনো বস্তুৰ ভাল অথবা হালাল হোৱাৰ প্ৰমাণ নহয়। বৰং ইয়াৰ বাবে চৰীয়তৰ দলীলৰ প্ৰয়োজন।

• من أدب المُسْتفتي: تقييد السؤال بحدود معينة، فلا يسوغ السؤال عما لا حاجة للمرء ولا غرض له فيه.
প্ৰশ্ন কৰাৰ এটা নীতি এই যে, প্ৰশ্নৰ নিৰ্দিষ্ট সীমা হোৱা উচিত, এনেকুৱা প্ৰশ্ন কৰা উচিত নহয়, যিটোত কোনো উদ্দেশ্য নাই বা কোনো প্ৰয়োজন নাই।

• ذم مسالك المشركين فيما اخترعوه وزعموه من محرمات الأنعام ك: البَحِيرة، والسائبة، والوصِيلة، والحامي.
মুশ্বৰিকসকলৰ নীতিক ভৰ্ত্সনা কৰিছে, কিয়নো সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি কৈছে যে, আল্লাহে বাহীৰা, ছায়েবা, অছীলা তথা হামী আদি জন্তুক হাৰাম কৰিছে।

 
د معناګانو ژباړه آیت: (101) سورت: مائده
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول