د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه

external-link copy
30 : 53

ذٰلِكَ مَبْلَغُهُمْ مِّنَ الْعِلْمِ ؕ— اِنَّ رَبَّكَ هُوَ اَعْلَمُ بِمَنْ ضَلَّ عَنْ سَبِیْلِهٖ وَهُوَ اَعْلَمُ بِمَنِ اهْتَدٰی ۟

এই মুশ্বৰিকসকলে ফিৰিস্তাসকলক যিদৰে নাৰীবাচক নাম দি আছে, দৰাচলতে সিহঁতৰ জ্ঞানৰ সীমা সিমানেই, কাৰণ সিহঁত হৈছে মুৰ্খ। সিহঁত ইয়াক্বীনত উপনীত হ’ব পৰা নাই। হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে সেই ব্যক্তিক ভালকৈয়ে জানে, যিয়ে সত্যৰ পথৰ পৰা আঁতৰি গৈছে, আনহাতে সেই ব্যক্তিকো ভালকৈ জানে, যিয়ে হিদায়তৰ পথত পৰিচালিত হৈছে। এইবোৰৰ একোৱেই তেওঁৰ পৰা গোপন নহয়। info
التفاسير:
په دې مخ کې د ایتونو د فایدو څخه:
• انقسام الذنوب إلى كبائر وصغائر.
গুনাহ হৈছে দুই প্ৰকাৰঃ ডাঙৰ আৰু সৰু। info

• خطورة التقوُّل على الله بغير علم.
জ্ঞান নোহোৱাকৈ আল্লাহৰ প্ৰতি মিছা আৰোপ কৰাৰ পৰিণাম অতি ভয়াৱহ। info

• النهي عن تزكية النفس.
নিজেই নিজৰ প্ৰশংসা কৰা নিন্দনীয়। info