Check out the new design

د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن * - د ژباړو فهرست (لړلیک)

PDF XML CSV Excel API
Please review the Terms and Policies

د معناګانو ژباړه سورت: فرقان   آیت:
وَالَّذِیْنَ لَا یَدْعُوْنَ مَعَ اللّٰهِ اِلٰهًا اٰخَرَ وَلَا یَقْتُلُوْنَ النَّفْسَ الَّتِیْ حَرَّمَ اللّٰهُ اِلَّا بِالْحَقِّ وَلَا یَزْنُوْنَ ۚؕ— وَمَنْ یَّفْعَلْ ذٰلِكَ یَلْقَ اَثَامًا ۟ۙ
আৰু তেওঁলোকে আল্লাহৰ লগত আন কোনো ইলাহক আহ্বান নকৰে; আৰু আল্লাহে যি প্ৰাণ হত্যা কৰিবলৈ নিষেধ কৰিছে, যথাৰ্থ কাৰণবিহীন তাক হত্যা নকৰে। তেওঁলোকে ব্যভিচাৰ নকৰে; যিয়ে এইবোৰ কৰিব সি (অৱশ্যে) শাস্তি ভোগ কৰিব।
عربي تفسیرونه:
یُّضٰعَفْ لَهُ الْعَذَابُ یَوْمَ الْقِیٰمَةِ وَیَخْلُدْ فِیْهٖ مُهَانًا ۟ۗۖ
কিয়ামতৰ দিনা তাক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব আৰু তাত সি অপমানিত অৱস্থাত স্থায়ী হ’ব।
عربي تفسیرونه:
اِلَّا مَنْ تَابَ وَاٰمَنَ وَعَمِلَ عَمَلًا صَالِحًا فَاُولٰٓىِٕكَ یُبَدِّلُ اللّٰهُ سَیِّاٰتِهِمْ حَسَنٰتٍ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
কিন্তু যিয়ে তাওবা কৰিছে, ঈমান পোষণ কৰিছে আৰু সৎকৰ্ম কৰিছে, আল্লাহে তেওঁলোকৰ গুণাহসমূহক পূণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব। আল্লাহ ক্ষমাশীল, পৰম দয়ালু।
عربي تفسیرونه:
وَمَنْ تَابَ وَعَمِلَ صَالِحًا فَاِنَّهٗ یَتُوْبُ اِلَی اللّٰهِ مَتَابًا ۟
আৰু যিয়ে তাওবা কৰে আৰু সৎকৰ্ম কৰে, নিশ্চয় তেওঁ সম্পূৰ্ণৰূপে আল্লাহৰ অভিমুখী হয়।
عربي تفسیرونه:
وَالَّذِیْنَ لَا یَشْهَدُوْنَ الزُّوْرَ ۙ— وَاِذَا مَرُّوْا بِاللَّغْوِ مَرُّوْا كِرَامًا ۟
আৰু তেওঁলোকে মিছা কথাৰ সাক্ষী নিদিয়ে আৰু তেওঁলোকে অসাৰ কাৰ্যকলাপৰ সন্মুখীন হ’লে নিজৰ মৰ্যাদা ৰক্ষাৰ্থে সেয়া পৰিহাৰ কৰি গুচি যায়।
عربي تفسیرونه:
وَالَّذِیْنَ اِذَا ذُكِّرُوْا بِاٰیٰتِ رَبِّهِمْ لَمْ یَخِرُّوْا عَلَیْهَا صُمًّا وَّعُمْیَانًا ۟
আৰু তেওঁলোকক নিজ প্ৰতিপালকৰ আয়াতসমূহ স্মৰণ কৰাই দিলে তেওঁলোকে অন্ধ আৰু বধিৰৰ দৰে আচৰণ নকৰে।
عربي تفسیرونه:
وَالَّذِیْنَ یَقُوْلُوْنَ رَبَّنَا هَبْ لَنَا مِنْ اَزْوَاجِنَا وَذُرِّیّٰتِنَا قُرَّةَ اَعْیُنٍ وَّاجْعَلْنَا لِلْمُتَّقِیْنَ اِمَامًا ۟
আৰু তেওঁলোকে প্ৰাৰ্থনা কৰি কয়, ‘হে আমাৰ প্ৰতিপালক! আমাক এনেকুৱা স্ত্ৰী আৰু সন্তান-সন্ততি দান কৰা, যাৰ দ্বাৰা আমাৰ চকু জুৰ পৰি যায়। লগতে তুমি আমাক মুত্তাক্বীসকলৰ বাবে অনুসৰণযোগ্য বনাই দিয়া’।
عربي تفسیرونه:
اُولٰٓىِٕكَ یُجْزَوْنَ الْغُرْفَةَ بِمَا صَبَرُوْا وَیُلَقَّوْنَ فِیْهَا تَحِیَّةً وَّسَلٰمًا ۟ۙ
তেওঁলোককেই জান্নাতৰ সুউচ্চ কক্ষ প্ৰতিদান হিচাপে প্ৰদান কৰা হ’ব। যিহেতু তেওঁলোক আছিল ধৈৰ্য্যশীল। তেওঁলোকক তাত অভিবাদন আৰু ছালামৰ দ্বাৰা সম্বৰ্ধনা জনোৱা হ’ব।
عربي تفسیرونه:
خٰلِدِیْنَ فِیْهَا ؕ— حَسُنَتْ مُسْتَقَرًّا وَّمُقَامًا ۟
তাত তেওঁলোকে স্থায়ী হ’ব। অৱস্থানস্থল আৰু বাসস্থান হিচাপে সেয়া কিমান যে উৎকৃষ্ট!
عربي تفسیرونه:
قُلْ مَا یَعْبَؤُا بِكُمْ رَبِّیْ لَوْلَا دُعَآؤُكُمْ ۚ— فَقَدْ كَذَّبْتُمْ فَسَوْفَ یَكُوْنُ لِزَامًا ۟۠
কোৱা, ‘যদি তোমালোকে তেওঁক আহ্বান নকৰিলাহেঁতেন তেন্তে মোৰ প্ৰতিপালকে তোমালোকৰ প্ৰতি অকণো ভ্ৰুক্ষেপ নকৰিলেহেঁতেন। তাৰ পিছতো তোমালোকে অস্বীকাৰ কৰিছা, সেয়ে অচিৰেই অপৰিহাৰ্য হ’ব শাস্তি’।
عربي تفسیرونه:
 
د معناګانو ژباړه سورت: فرقان
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن - د ژباړو فهرست (لړلیک)

ژباړوونکی: رفيق الإسلام حبيب الرحمن.

بندول