Check out the new design

د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن * - د ژباړو فهرست (لړلیک)

PDF XML CSV Excel API
Please review the Terms and Policies

د معناګانو ژباړه سورت: نمل   آیت:
وَجَحَدُوْا بِهَا وَاسْتَیْقَنَتْهَاۤ اَنْفُسُهُمْ ظُلْمًا وَّعُلُوًّا ؕ— فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الْمُفْسِدِیْنَ ۟۠
সিহঁতে অন্যায় আৰু উদ্ধতভাৱে নিদৰ্শনসমূহ প্ৰত্যাখ্যান কৰিলে, যদিও সিহঁতৰ অন্তৰে এইবোৰক নিশ্চিত সত্য বুলি গ্ৰহণ কৰিছিল। এতেকে চোৱা, বিপৰ্যয় সৃষ্টিকাৰীবিলাকৰ পৰিণাম কেনেকুৱা আছিল!
عربي تفسیرونه:
وَلَقَدْ اٰتَیْنَا دَاوٗدَ وَسُلَیْمٰنَ عِلْمًا ۚ— وَقَالَا الْحَمْدُ لِلّٰهِ الَّذِیْ فَضَّلَنَا عَلٰی كَثِیْرٍ مِّنْ عِبَادِهِ الْمُؤْمِنِیْنَ ۟
আৰু নিশ্চয় আমি দাউদ আৰু ছুলাইমানক জ্ঞান দান কৰিছিলোঁ আৰু তেওঁলোকে উভয়ে কৈছিল, ‘সকলো ধৰণৰ প্ৰশংসা কেৱল আল্লাহৰ বাবে যিজনে আমাক তেওঁৰ বহুতো মুমিন বান্দাসকলৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’।
عربي تفسیرونه:
وَوَرِثَ سُلَیْمٰنُ دَاوٗدَ وَقَالَ یٰۤاَیُّهَا النَّاسُ عُلِّمْنَا مَنْطِقَ الطَّیْرِ وَاُوْتِیْنَا مِنْ كُلِّ شَیْءٍ ؕ— اِنَّ هٰذَا لَهُوَ الْفَضْلُ الْمُبِیْنُ ۟
আৰু ছুলাইমান আছিল দাউদৰ উত্তৰাধিকাৰী আৰু তেওঁ কৈছিল, ‘হে মানৱজাতি! আমাক চৰাই-চিৰিকটিৰ ভাষা শিক্ষা দিয়া হৈছে আৰু আমাক সকলো বস্তু দান কৰা হৈছে, নিশ্চয় এয়া সুস্পষ্ট অনুগ্ৰহ’।
عربي تفسیرونه:
وَحُشِرَ لِسُلَیْمٰنَ جُنُوْدُهٗ مِنَ الْجِنِّ وَالْاِنْسِ وَالطَّیْرِ فَهُمْ یُوْزَعُوْنَ ۟
আৰু ছুলাইমানৰ সন্মুখত তেওঁৰ গোটেই সেনাবাহিনীক সমবেত কৰা হ’ল, জিন, মানৱ আৰু চৰাই-চিৰিকটিবোৰক। তাৰ পিছত সিহঁতক বিন্যস্ত কৰা হ’ল বিভিন্ন ব্যূহত।
عربي تفسیرونه:
حَتّٰۤی اِذَاۤ اَتَوْا عَلٰی وَادِ النَّمْلِ ۙ— قَالَتْ نَمْلَةٌ یّٰۤاَیُّهَا النَّمْلُ ادْخُلُوْا مَسٰكِنَكُمْ ۚ— لَا یَحْطِمَنَّكُمْ سُلَیْمٰنُ وَجُنُوْدُهٗ ۙ— وَهُمْ لَا یَشْعُرُوْنَ ۟
অৱশেষত যেতিয়া তেওঁলোক (এটা অভিযানত) পৰুৱা অধ্যূষিত উপত্যকাত উপনীত হ’ল তেতিয়া এটা পৰুৱাই ক’লে, ‘হে পৰুৱা বাহিনী! তোমালোকে নিজ নিজ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে’।
عربي تفسیرونه:
فَتَبَسَّمَ ضَاحِكًا مِّنْ قَوْلِهَا وَقَالَ رَبِّ اَوْزِعْنِیْۤ اَنْ اَشْكُرَ نِعْمَتَكَ الَّتِیْۤ اَنْعَمْتَ عَلَیَّ وَعَلٰی وَالِدَیَّ وَاَنْ اَعْمَلَ صَالِحًا تَرْضٰىهُ وَاَدْخِلْنِیْ بِرَحْمَتِكَ فِیْ عِبَادِكَ الصّٰلِحِیْنَ ۟
এই কথা শুনি ছুলাইমানে মিচিকিয়া হাঁহিলে আৰু ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি মোক সামৰ্থ দিয়া যাতে মই তোমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰোঁ, মোৰ প্ৰতি আৰু মোৰ পিতৃ-মাতৃৰ প্ৰতি তুমি যি অনুগ্ৰহ কৰিছা তাৰ বাবে, লগতে মই যাতে এনেকুৱা সৎকৰ্ম কৰিব পাৰোঁ যিটোক তুমি পছন্দ কৰা। লগতে তোমাৰ অনুগ্ৰহেৰে মোক তোমাৰ সৎকৰ্মপৰায়ণ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰা’।
عربي تفسیرونه:
وَتَفَقَّدَ الطَّیْرَ فَقَالَ مَا لِیَ لَاۤ اَرَی الْهُدْهُدَ ۖؗ— اَمْ كَانَ مِنَ الْغَآىِٕبِیْنَ ۟
আৰু তেওঁ (ছুলাইমানে) চৰাইবোৰৰ খা-খবৰ ল’লে, আৰু ক’লে, ‘কি হ’ল, মই হুদহুদক দেখা পোৱা নাই যে? সি অনুপস্থিত নেকি?
عربي تفسیرونه:
لَاُعَذِّبَنَّهٗ عَذَابًا شَدِیْدًا اَوْ لَاَاذْبَحَنَّهٗۤ اَوْ لَیَاْتِیَنِّیْ بِسُلْطٰنٍ مُّبِیْنٍ ۟
‘নিশ্চয় তাক মই কঠিন শাস্তি বিহিম, নহ’লে জবেহ কৰিম, অন্যথা মোৰ ওচৰলৈ উপযুক্ত কাৰণ দৰ্শাব লাগিব’।
عربي تفسیرونه:
فَمَكَثَ غَیْرَ بَعِیْدٍ فَقَالَ اَحَطْتُّ بِمَا لَمْ تُحِطْ بِهٖ وَجِئْتُكَ مِنْ سَبَاٍ بِنَبَاٍ یَّقِیْنٍ ۟
ক্ষন্তেক পিছতেই হুদহুদ আহি পালে, আৰু ক’লে, ‘আপুনি যিটো জ্ঞান আয়ত্ব কৰিব পৰা নাই মই সেই জ্ঞান আয়ত্ব কৰিছোঁ। মই আপোনাৰ বাবে ‘চাবা’ৰ পৰা সুনিশ্চিত সংবাদ লৈ আহিছোঁ।
عربي تفسیرونه:
 
د معناګانو ژباړه سورت: نمل
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن - د ژباړو فهرست (لړلیک)

ژباړوونکی: رفيق الإسلام حبيب الرحمن.

بندول