د قرآن کریم د معناګانو ژباړه - آسامي ژباړه - رفیق الاسلام حبیب الرحمن

external-link copy
155 : 7

وَاخْتَارَ مُوْسٰی قَوْمَهٗ سَبْعِیْنَ رَجُلًا لِّمِیْقَاتِنَا ۚ— فَلَمَّاۤ اَخَذَتْهُمُ الرَّجْفَةُ قَالَ رَبِّ لَوْ شِئْتَ اَهْلَكْتَهُمْ مِّنْ قَبْلُ وَاِیَّایَ ؕ— اَتُهْلِكُنَا بِمَا فَعَلَ السُّفَهَآءُ مِنَّا ۚ— اِنْ هِیَ اِلَّا فِتْنَتُكَ ؕ— تُضِلُّ بِهَا مَنْ تَشَآءُ وَتَهْدِیْ مَنْ تَشَآءُ ؕ— اَنْتَ وَلِیُّنَا فَاغْفِرْ لَنَا وَارْحَمْنَا وَاَنْتَ خَیْرُ الْغٰفِرِیْنَ ۟

আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰজন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ প্ৰতিপালক! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে তাৰকাৰণে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা কৰা বিপথগামী কৰা আৰু যাক ইচ্ছা কৰা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’। info
التفاسير: