Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (35) Surah: Suratu Ar-Raad
مَثَلُ الْجَنَّةِ الَّتِیْ وُعِدَ الْمُتَّقُوْنَ ؕ— تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ— اُكُلُهَا دَآىِٕمٌ وَّظِلُّهَا ؕ— تِلْكَ عُقْبَی الَّذِیْنَ اتَّقَوْا ۖۗ— وَّعُقْبَی الْكٰفِرِیْنَ النَّارُ ۟
সেই জান্নাতৰ বৈশিষ্ট্য যিটোৰ প্ৰতিশ্ৰুতি আল্লাহে মুত্তাক্বীসকলক অৰ্থাৎ যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰে সেইসকল লোকক প্ৰদান কৰিছে, তাৰ বৈশিষ্ট্য হৈছে যে, সেই জান্নাতৰ অট্টালিকাসমূহ আৰু গছ-গছনিৰ তলদেশত প্ৰবাহমান নদী থাকিব। পৃথিৱীৰ ফলমূলতকৈ ব্যতিক্ৰম, সেই জান্নাতৰ ফলমূল হ'ব চিৰস্থায়ী, নিৰবিচ্ছিন্ন। তাৰ ছাঁবোৰো হ'ব চিৰস্থায়ী, কেতিয়াও অন্ত নপৰিব। এয়া হৈছে সেইসকল লোকৰ পৰিণাম যিসকলে আল্লাহৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্ৱৱা অৱলম্বন কৰে। আনহাতে কাফিৰসকলৰ পৰিণাম হৈছে জাহান্নাম, য’ত সিহঁতে প্ৰৱেশ কৰিব আৰু সিহঁতে তাত চিৰকাল থাকিব।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• الترغيب في الجنة ببيان صفتها، من جريان الأنهار وديمومة الرزق والظل.
জান্নাতৰ বৈশিষ্ট্য বৰ্ণনা কৰি তাৰ প্ৰতি উদ্ধদ্ধ কৰা হৈছে। যেনে- চিৰস্থায়ী ছাঁ, নিৰবিচ্ছিন্ন জীৱিকা আৰু প্ৰবাহমান নদী।

• خطورة اتباع الهوى بعد ورود العلم وأنه من أسباب عذاب الله.
প্ৰকৃত জ্ঞান অহাৰ পিছত প্ৰবৃত্তিৰ অনুসৰণ কৰাৰ ভয়াৱহতা, এইটো আল্লাহৰ শাস্তিৰ সন্মুখীন হোৱাৰ এটা অন্যতম কাৰণ।

• بيان أن الرسل بشر، لهم أزواج وذريات، وأن نبينا صلى الله عليه وسلم ليس بدعًا بينهم، فقد كان مماثلًا لهم في ذلك.
এই কথাৰ বৰ্ণনা যে, ৰাছুলসকলো আছিল একো একোজন মানৱ। তেওঁলোকৰো আছিল পত্নী আৰু সন্তান-সন্ততি। এতেকে আমাৰ নবীও কোনো নতুন নবী নহয়। কাৰণ এই ক্ষেত্ৰত তেওঁ পূৰ্বৱৰ্তী নবীসকলৰ দৰেই এজন।

 
Tradução dos significados Versículo: (35) Surah: Suratu Ar-Raad
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar