Check out the new design

Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (71) Surah: Al-Israa
یَوْمَ نَدْعُوْا كُلَّ اُنَاسٍ بِاِمَامِهِمْ ۚ— فَمَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ فَاُولٰٓىِٕكَ یَقْرَءُوْنَ كِتٰبَهُمْ وَلَا یُظْلَمُوْنَ فَتِیْلًا ۟
হে ৰাছুল! সেই দিৱসটোক স্মৰণ কৰক, যিদিনা আমি প্ৰত্যেক দলক সিহঁতৰ প্ৰতিনিধিৰ সৈতে আহ্বান কৰিম, যাক সিহঁতে পৃথিৱীত অনুসৰণ কৰিছিল। এতেকে যিসকলক কৰ্মপুথি সোঁ হাতত প্ৰদান কৰা হ'ব, তেওঁলোকে সন্তুষ্ট হৈ নিজৰ কৰ্মপুথি পঢ়িব। তেওঁলোকক প্ৰতিদান দিওঁতে অকণো হ্ৰাস কৰা নহ'ব। যদিও সেয়া খেজুৰৰ গুটিত থকা সুতাৰ সমানে নহওঁক কিয়।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• الإنسان كفور للنعم إلا من هدى الله.
মানুহ প্ৰকৃততে নিয়ামত অস্বীকাৰকাৰী, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে হিদায়ত প্ৰদান কৰে।

• كل أمة تُدْعَى إلى دينها وكتابها، هل عملت به أو لا؟ والله لا يعذب أحدًا إلا بعد قيام الحجة عليه ومخالفته لها.
প্ৰত্যেক উম্মতক সিহঁতৰ দ্বীন আৰু গ্ৰন্থৰ পিনে আহ্বান কৰা হ'ব, সিহঁতে সেই গ্ৰন্থ মতে আমল কৰিছিল নে নাই। আল্লাহে কোনো ব্যক্তিৰ বিৰুদ্ধাচৰণ প্ৰমাণিত নকৰাকৈ শাস্তি প্ৰদান নকৰে।

• عداوة المجرمين والمكذبين للرسل وورثتهم ظاهرة بسبب الحق الذي يحملونه، وليس لذواتهم.
ৰাছুল আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলৰ লগত অপৰাধী আৰু অস্বীকাৰকাৰী সকলে সেই সত্যৰ কাৰণে শত্ৰুতা পোষণ কৰে যিটো তেওঁলোকৰ ওচৰত আছে। তেওঁলোকৰ লগত ব্যক্তিগত কোনো শত্ৰুতা নাই।

• الله تعالى عصم النبي من أسباب الشر ومن البشر، فثبته وهداه الصراط المستقيم، ولورثته مثل ذلك على حسب اتباعهم له.
আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সকলো প্ৰকাৰ অনিষ্টৰ মাধ্যমৰ পৰা তথা মানুহৰ পৰা সুৰক্ষা প্ৰদান কৰিছিল। এতেকে তেখেতক সঠিক পথত অটল ৰাখিছিল আৰু পোন পথৰ হিদায়ত প্ৰদান কৰিছিল। আৰু তেখেতৰ অনুসাৰীসকলকো তেখেতৰ অনুসৰণ অনুপাতে সেইদৰেই সুৰক্ষা প্ৰদান কৰিব।

 
Tradução dos significados Versículo: (71) Surah: Al-Israa
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

emitido pelo Centro de Tafssir para Estudos do Alcorão

Fechar