Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (77) Surah: Suratu Al-Israa
سُنَّةَ مَنْ قَدْ اَرْسَلْنَا قَبْلَكَ مِنْ رُّسُلِنَا وَلَا تَجِدُ لِسُنَّتِنَا تَحْوِیْلًا ۟۠
আপোনাক বহিষ্কাৰ কৰাৰ পিছত সিহঁত যে কেৱল কেইটামান দিনহে টিকিব পাৰিব, এই বিধানটো পূৰ্বৱৰ্তী ৰাছুলসকলৰ দিনত কাৰ্যকৰি হোৱা আল্লাহৰ এটা সাধাৰণ নিয়মৰ অন্তৰ্গত বিধান। কাৰণ পূৰ্বৱৰ্তী যুগত যি সম্প্ৰদায়েই সিহঁতৰ ৰাছুলক বহিষ্কাৰ কৰিছে, সিহঁতৰ ওপৰত আল্লাহে শাস্তি অৱতীৰ্ণ কৰিছে। হে ৰাছুল! আপুনি কদাপিও আমাৰ নীতি-নিয়মত পৰিবৰ্তন নাপাব। বৰং আপুনি ইয়াক প্ৰতিষ্ঠিত তথা কাৰ্যকৰী হিচাপে পাব।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• في الآيات دليل على شدة افتقار العبد إلى تثبيت الله إياه، وأنه ينبغي له ألا يزال مُتَمَلِّقًا لربه أن يثبته على الإيمان.
উক্ত আয়াতবোৰত প্ৰমাণ পোৱা গ'ল যে, আল্লাহে যাতে বান্দাক দৃঢ় তথা অটল ৰাখে ইয়াৰ প্ৰতি বান্দা অত্যন্ত অমুখাপেক্ষী। তথা বান্দাই সদায় আল্লাহৰ ওচৰত দুআ কৰা উচিত যে, তেওঁ যেন তাক ঈমানৰ ওপৰত দৃঢ় ৰাখে।

• عند ظهور الحق يَضْمَحِل الباطل، ولا يعلو الباطل إلا في الأزمنة والأمكنة التي يكسل فيها أهل الحق.
সত্য প্ৰকাশ পোৱাৰ লগে লগে অসত্য বিলুপ্ত হয়। আৰু অসত্য সেই সময়তেই আৰু সেই স্থানতেই আত্মপ্ৰকাশ কৰে, য’ত সত্যবাদীসকলে অৱহেলা কৰে।

• الشفاء الذي تضمنه القرآن عام لشفاء القلوب من الشُّبَه، والجهالة، والآراء الفاسدة، والانحراف السيئ والمقاصد السيئة.
কোৰআনত যি প্ৰতিষেধক আছে, সেয়া হৈছেঃ সন্দেহ, মুৰ্খতা, ভ্ৰান্ত ধাৰণা, কুসংস্কাৰ আৰু বেয়া উদ্দেশ্য আদিৰ।

• في الآيات دليل على أن المسؤول إذا سئل عن أمر ليس في مصلحة السائل فالأولى أن يعرض عن جوابه، ويدله على ما يحتاج إليه، ويرشده إلى ما ينفعه.
উক্ত আয়াতবোৰত এই কথাৰো প্ৰমাণ আছে যে, যদি কোনো ব্যক্তিয়ে এনেকুৱা কোনো প্ৰশ্ন কৰে যি প্ৰশ্নত তাৰ বাবে কোনো কল্যাণ নাই, তেনেক্ষেত্ৰত এনেকুৱা প্ৰশ্নৰ উত্তৰ নিদিয়াই ভাল, আৰু তাক সেই দিশত মাৰ্গদৰ্শন কৰা উচিত যিটো তাৰ বাবে আৱশ্যক, লগতে সেইসমূহ বিষয় জনাই দিয়া উচিত যিবোৰ তাৰ বাবে লাভদায়ক।

 
Tradução dos significados Versículo: (77) Surah: Suratu Al-Israa
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar