Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (35) Surah: Suratu Maryam
مَا كَانَ لِلّٰهِ اَنْ یَّتَّخِذَ مِنْ وَّلَدٍ ۙ— سُبْحٰنَهٗ ؕ— اِذَا قَضٰۤی اَمْرًا فَاِنَّمَا یَقُوْلُ لَهٗ كُنْ فَیَكُوْنُ ۟ؕ
সন্তান গ্ৰহণ কৰা আল্লাহৰ মৰ্যাদাৰ পক্ষে অনুচিত। তেওঁ ইয়াৰ পৰা পৱিত্ৰ তথা পাক। তেওঁ যেতিয়া কোনো এটা কাম কৰিব বিচাৰে তেতিয়া পৱিত্ৰ আল্লাহৰ বাবে কেৱল এইখিনি কথাই যথেষ্ট যে ‘হ’ ফলত সেইটো অনিবাৰ্যৰূপে হৈ পৰে। এতেকে এনেকুৱা ক্ষমতাধাৰী সত্ত্বাৰ সন্তানৰ কি প্ৰয়োজন, তেওঁ ইয়াৰ পৰা পৱিত্ৰ।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• في أمر مريم بالسكوت عن الكلام دليل على فضيلة الصمت في بعض المواطن .
মৰিয়মৰ কথা কোৱাৰ পৰা বিৰত থকা বিষয়টোৱে প্ৰমাণ কৰে যে, কেতিয়াবা কেতিয়াবা মৌনতা অৱলম্বন কৰাটোৱে আৱশ্যক বা উত্তম।

• نذر الصمت كان جائزًا في شرع من قبلنا، أما في شرعنا فقد دلت السنة على منعه.
মৌনতাৰ মান্নত আমাৰ পূৰ্বৰ চৰীয়তসমূহত যদিও বৈধ আছিল, কিন্তু আমাৰ এই চৰীয়তত নিষিদ্ধ কৰা হৈছে এইটো হাদীছৰ দ্বাৰা প্ৰমাণিত।

• أن ما أخبر به القرآن عن كيفية خلق عيسى هو الحق القاطع الذي لا شك فيه، وكل ما عداه من تقولات باطل لا يليق بالرسل.
ঈছা আলাইহিচ্ছালামৰ সৃষ্টি যি বিৱৰণ কোৰআনে বৰ্ণনা কৰিছে, সেইটোৱেই বাস্তৱ সত্য, যি বিষয়ে সন্দেহৰ কোনো অৱকাশ নাই। ইয়াৰ বাহিৰে যি যি কোৱা হয় সেই সকলোবোৰ অসত্য আৰু সেয়া ৰাছুলৰ মৰ্যাদাৰ পক্ষে অনুপোযুক্ত।

• في الدنيا يكون الكافر أصم وأعمى عن الحق، ولكنه سيبصر ويسمع في الآخرة إذا رأى العذاب، ولن ينفعه ذلك.
পৃথিৱীত কাফিৰে সত্য সঠিকভাৱে শুনাৰ আৰু দেখাৰ পৰা বঞ্চিত থাকে। কিন্তু আখিৰাতত যেতিয়া শাস্তি তাৰ সন্মুখত থাকিব তেতিয়া সত্য শুনিবও পাৰিব আৰু দেখিবও পাৰিব, কিন্তু তেতিয়া সেইটো কোনো কামত নাহিব।

 
Tradução dos significados Versículo: (35) Surah: Suratu Maryam
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar