Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (68) Surah: Suratu Maryam
فَوَرَبِّكَ لَنَحْشُرَنَّهُمْ وَالشَّیٰطِیْنَ ثُمَّ لَنُحْضِرَنَّهُمْ حَوْلَ جَهَنَّمَ جِثِیًّا ۟ۚ
হে ৰাছুল! আপোনাৰ প্ৰতিপালকৰ শপত! নিশ্চয় আমি সিহঁতক কবৰৰ পৰা উঠাই হাচৰৰ ময়দানত একত্ৰিত কৰিম। সিহঁতৰ লগত সেই চয়তানো থাকিব, যিয়ে সিহঁতক পথভ্ৰষ্ট কৰিছিল। ইয়াৰ পিচত আমি সিহঁতক অপমানজনক অৱস্থাত আঁঠু কঢ়াই জাহান্নামৰ ফালে খেদি লৈ যাম।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• على المؤمنين الاشتغال بما أمروا به والاستمرار عليه في حدود المستطاع.
মুমিনসকলক যি আদেশ দিয়া হৈছে সেইটো তেওঁলোকে পালন কৰা উচিত আৰু যথাসম্ভৱ সেয়া অব্যাহত ৰখা উচিত।

• وُرُود جميع الخلائق على النار - أي: المرور على الصراط، لا الدخول في النار - أمر واقع لا محالة.
সকলো মানুহেই জাহান্নামৰ ওপৰেৰে পাৰ হ'ব লাগিব, এইটো নিশ্চিত। অৰ্থাৎ জাহান্নামৰ ওপৰত স্থাপিত সেঁতুৰে পাৰ হ'ব লাগিব। কিন্তু সকলোৱে জাহান্নামত প্ৰৱেশ নকৰিব।

• أن معايير الدين ومفاهيمه الصحيحة تختلف عن تصورات الجهلة والعوام.
ধৰ্মৰ সঠিক মূল্যায়ন তথা ইয়াৰ সঠিক অৱধাৰণাসমূহ মুৰ্খ তথা সাধাৰণ লোকৰ ধাৰণাতকৈ পৃথক।

• من كان غارقًا في الضلالة متأصلًا في الكفر يتركه الله في طغيان جهله وكفره، حتى يطول اغتراره، فيكون ذلك أشد لعقابه.
যি ব্যক্তি পথভ্ৰষ্টতাত নিমজ্জিত আৰু কুফৰীত অটল, আল্লাহে তাক তাৰ সেই মুৰ্খতা আৰু কুফৰীৰ মাজত বিভ্ৰান্ত হৈ ঘূৰি ফুৰিবলৈ এৰি দিয়ে। যাতে সি প্ৰতাৰণাৰ গহীন গহ্বৰত সোমাই যায় আৰু অধিক কঠিন শাস্তিৰ সন্মুখীন হয়।

• يثبّت الله المؤمنين على الهدى، ويزيدهم توفيقًا ونصرة، وينزل من الآيات ما يكون سببًا لزيادة اليقين مجازاةً لهم.
আল্লাহে মুমিনসকলক সত্যৰ পথত দৃঢ়তাৰ সৈতে প্ৰতিষ্ঠিত কৰে, তেওঁলোকক অধিক তাওফীক প্ৰদান কৰে তথা সহায় কৰে। এনেকুৱা এনেকুৱা নিদৰ্শন অৱতীৰ্ণ কৰে যিবোৰে তেওঁলোকৰ বিশ্বাস বৃদ্ধি কৰাত সহায়ক সাব্যস্ত হয়।

 
Tradução dos significados Versículo: (68) Surah: Suratu Maryam
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar