Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (41) Surah: Suratu Al-Qassas
وَجَعَلْنٰهُمْ اَىِٕمَّةً یَّدْعُوْنَ اِلَی النَّارِ ۚ— وَیَوْمَ الْقِیٰمَةِ لَا یُنْصَرُوْنَ ۟
আমি সিহঁতক পাষণ্ড দুৰাচাৰী লোকৰ নেতা বনাইছিলোঁ, সিহঁতে কুফৰী আৰু ভ্ৰান্ত মতবাদৰ দ্বাৰা মানুহক জাহান্নামৰ পিনে আহ্বান কৰিছিল। কিয়ামতৰ দিনা সিহঁতে শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো ধৰণৰ সহায় বিচাৰি নাপাব। বৰং সিহঁতক দ্বিগুণ শাস্তি প্ৰদান কৰা হ’ব, কাৰণ সিহঁতে পাপকৰ্মৰ পৰম্পৰা সৃষ্টি কৰিছিল আৰু মানুহক বিভ্ৰান্ত মতবাদৰ পিনে আহ্বান কৰিছিল। সেইকাৰণে সিহঁতে নিজৰ আমলৰ শাস্তিও ভোগ কৰিব, লগতে সিহঁতৰ কথা মতে আমল কৰা লোকৰ পাপ কৰ্মৰ শাস্তিৰ অংশীদাৰো সিহঁতে হ’ব।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• رَدُّ الحق بالشبه الواهية شأن أهل الطغيان.
ভিত্তিহীন সন্দেহৰ বশৱৰ্তী হৈ সত্যক পৰিত্যাগ কৰাটো হৈছে দূৰাচাৰী লোকৰ লক্ষণ।

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে।

• سوء نهاية المتكبرين من سنن رب العالمين.
অহংকাৰীসকলৰ পৰিণাম অত্যন্ত বেয়া, এইটো আল্লাহৰ সাধাৰণ নিয়মৰ অন্তৰ্ভু্ক্ত।

• للباطل أئمته ودعاته وصوره ومظاهره.
অসত্যৰো কিছুমান নেতা, প্ৰচাৰক, বিভিন্ন ৰূপ আৰু আকাৰ থাকে।

 
Tradução dos significados Versículo: (41) Surah: Suratu Al-Qassas
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar