Check out the new design

Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (24) Surah: Sad
قَالَ لَقَدْ ظَلَمَكَ بِسُؤَالِ نَعْجَتِكَ اِلٰی نِعَاجِهٖ ؕ— وَاِنَّ كَثِیْرًا مِّنَ الْخُلَطَآءِ لَیَبْغِیْ بَعْضُهُمْ عَلٰی بَعْضٍ اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَقَلِیْلٌ مَّا هُمْ ؕ— وَظَنَّ دَاوٗدُ اَنَّمَا فَتَنّٰهُ فَاسْتَغْفَرَ رَبَّهٗ وَخَرَّ رَاكِعًا وَّاَنَابَ ۟
তেতিয়া দাঊদ আলাইহিচ্ছালামে দুয়ো পক্ষৰ মাজত মীমাংসা কৰি দিলে আৰু গোচৰ ৰুজু কৰা ব্যক্তিক সম্বোধন কৰি ক’লেঃ তোমাৰ ভাতৃয়ে তোমাৰ দুম্বাজনীক কাঢ়িলৈ নিজৰ দুম্বাবোৰৰ লগত একত্ৰিত কৰিব বিচাৰি তোমাৰ প্ৰতি অন্যায় কৰিছে। প্ৰকৃততে বহুতো অংশীদাৰে ইজনে সিজনৰ অধিকাৰ খৰ্ব কৰি তথা ন্যায়ৰ পৰা বিমুখ হৈ অন্যায়-অত্যাচাৰত লিপ্ত হয়। আনহাতে সৎকৰ্ম কৰা মুমিনসকলৰ বিষয়টো সুকীয়া। তেওঁলোকে নিজৰ অংশীদাৰসকলৰ লগত ন্যায় কৰে, সিহঁতৰ প্ৰতি অন্যায় নকৰে। যদিও এনেকুৱা লোকৰ সংখ্যা অতি তাকৰ। ইপিনে দাঊদ আলাইহিচ্ছালামে বুজি পালে যে, এই বিবাদৰ দ্বাৰা আমি তেওঁক ফিতনাত পতিত কৰিছোঁ। সেয়ে তেওঁ নিজ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিলে। আল্লাহৰ নৈকট্য অৰ্জন কৰিবলৈ ছাজদাৱনত হ’ল আৰু তেওঁৰ ওচৰত তাওবা কৰিলে।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• بيان فضائل نبي الله داود وما اختصه الله به من الآيات.
আল্লাহৰ নবী দাঊদ আলাইহিচ্ছালামৰ ফজিলত আৰু তেওঁ লাভ কৰা বিভিন্ন নিদৰ্শনৰ বৰ্ণনা।

• الأنبياء - صلوات الله وسلامه عليهم - معصومون من الخطأ فيما يبلغون عن الله تعالى؛ لأن مقصود الرسالة لا يحصل إلا بذلك، ولكن قد يجري منهم بعض مقتضيات الطبيعة بنسيان أو غفلة عن حكم، ولكن الله يتداركهم ويبادرهم بلطفه.
আল্লাহে নবীসকলক যি পৌঁচাই দিবলৈ নিৰ্দেশ দিছে, সেইক্ষেত্ৰত তেওঁলোক সম্পূৰ্ণৰূপে ত্ৰুটিমুক্ত। কিয়নো ইয়াৰ অবিহনে ৰিছালতৰ উদ্দেশ্য পূৰণ নহ’ব। যদিও মানৱ হিচাপে কেতিয়াবা কেতিয়াবা ভুলবশতঃ অথবা বিধানৰ পৰা অমনোযোগিতাৰ কাৰণে কিছুমান ভুল হোৱাটো স্বাভাৱিক। কিন্তু আল্লাহে নিজ অনুগ্ৰহৰে লগে লগে সেই বিষয়ে তেওঁক সাৱধান কৰি দিয়ে।

• استدل بعض العلماء بقوله تعالى: ﴿ وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَى بَعْضٍ ﴾ على مشروعية الشركة بين اثنين وأكثر.
কিছুমান উলামাই ﴿وَإِنَّ كَثِيرًا مِّنَ اْلْخُلَطَآءِ لَيَبْغِي بَعْضُهُمْ عَلَىٰ بَعْضٍ﴾ এই আয়াতৰ দ্বাৰা প্ৰমাণ লৈছে যে, দুজন অথবা দুজনতকৈ অধিক ব্যক্তিৰ মাজত অংশীদাৰিত্ব কৰাটো চৰিয়ত সন্মত।

• ينبغي التزام الأدب في الدخول على أهل الفضل والمكانة.
উচ্চ-পদস্থ বিষয়াৰ লগত সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়ত শিষ্টাচাৰ অৱলম্বন কৰা অনিবাৰ্য।

 
Tradução dos significados Versículo: (24) Surah: Sad
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

emitido pelo Centro de Tafssir para Estudos do Alcorão

Fechar