Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão * - Índice de tradução


Tradução dos significados Versículo: (164) Surah: Suratu An-Nisaa
وَرُسُلًا قَدْ قَصَصْنٰهُمْ عَلَیْكَ مِنْ قَبْلُ وَرُسُلًا لَّمْ نَقْصُصْهُمْ عَلَیْكَ ؕ— وَكَلَّمَ اللّٰهُ مُوْسٰی تَكْلِیْمًا ۟ۚ
আৰু আমি কিছুমান এনেকুৱা ৰাছুল প্ৰেৰণ কৰিছো যিসকলৰ বৰ্ণনা আমি কোৰআনত উল্লেখ কৰিছো, আনহাতে কিছুমান ৰাছুল এনেকুৱা প্ৰেৰণ কৰিছো যিসকলৰ বৰ্ণনা আমি আপোনাৰ ওচৰত কৰা নাই, বিশেষ হিকমত থকাৰ বাবেই কোৰআনত উল্লেখ কৰা নাই। আৰু মূছা আলাইহিছ ছালামক নুবুওৱত প্ৰদান কৰি আল্লাহে কোনো মাধ্যমত নোহোৱাকৈ প্ৰত্যক্ষভাৱে কথা কৈছিল যিদৰে তেওঁ কথা কব লাগে সেইদৰে কথা কৈছিল। দৰাচলতে এইটো আছিল মূছা আলাইহিছ ছালামে পোৱা এবিধ সন্মান।
Os Tafssir em língua árabe:
Das notas do versículo nesta página:
• إثبات النبوة والرسالة في شأن نوح وإبراهيم وغيرِهما مِن ذرياتهما ممن ذكرهم الله وممن لم يذكر أخبارهم لحكمة يعلمها سبحانه.
নূহ, ইব্ৰাহীম তথা তেওঁলোকৰ বংশধৰ সকলক নবুওৱত আৰু ৰিছালত প্ৰদানৰ প্ৰমাণ। তেওঁলোকৰ মাজৰ কিছুমানৰ বৰ্ণনা আল্লাহে কৰিছে, কিন্তু আন কিছুমানৰ বিষয়ে আল্লাহে কিবা বিশেষ কাৰণত বৰ্ণনা কৰা নাই, যিটো কেৱল তেৱেঁই জানে।

• إثبات صفة الكلام لله تعالى على وجه يليق بذاته وجلاله، فقد كلّم الله تعالى نبيه موسى عليه السلام.
আল্লাহে কথা কোৱাৰ প্ৰমাণ, কিন্তু তেওঁ তেনেকৈয়ে কথা কয় যিটো তেওঁৰ উচ্চ আৰু পৱিত্ৰ সত্ত্বাৰ অনুকূল। কিয়নো নিশ্চয় আল্লাহে তেওঁৰ নবী মূছাৰ লগত প্ৰত্যক্ষভাৱে কথা কৈছে।

• تسلية النبي محمد عليه الصلاة والسلام ببيان أن الله تعالى يشهد على صدق دعواه في كونه نبيًّا، وكذلك تشهد الملائكة.
নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক এই কথাৰ দ্বাৰা সান্তনা প্ৰদান কৰিছে যে, স্বয়ং আল্লাহে নিজেই তেওঁৰ নবুওৱতৰ সত্যতা প্ৰদান কৰি সাক্ষ্য দিছে। এইদৰে ফিৰিস্তাসকলেও সাক্ষ্য প্ৰদান কৰিছে।

 
Tradução dos significados Versículo: (164) Surah: Suratu An-Nisaa
Índice de capítulos Número de página
 
Tradução dos significados do Nobre Qur’an. - Tradução Assamese de Explicação Abreviada do Alcorão - Índice de tradução

Tradução Assamese de "Explicação Abreviada do Alcorão" por Tafsir Center of Quranic Studies

Fechar