Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
13 : 14

وَقَالَ الَّذِیْنَ كَفَرُوْا لِرُسُلِهِمْ لَنُخْرِجَنَّكُمْ مِّنْ اَرْضِنَاۤ اَوْ لَتَعُوْدُنَّ فِیْ مِلَّتِنَا ؕ— فَاَوْحٰۤی اِلَیْهِمْ رَبُّهُمْ لَنُهْلِكَنَّ الظّٰلِمِیْنَ ۟ۙ

ৰাছুলসকলৰ সম্প্ৰদায়ৰ কাফিৰসকলে যেতিয়া তেওঁলোকৰ কথাৰ উত্তৰ দিব নোৱাৰিলে তেতিয়া সিহঁতে ক'লেঃ আমি তোমালোকক অৱশ্যে আমাৰ দেশৰ পৰা বহিষ্কাৰ কৰিম, অন্যথা তোমালোকে নিজৰ ধৰ্ম ত্যাগ কৰি আমাৰ ধৰ্মলৈ ধৰ্মান্তৰিত হ'ব লাগিব। তেতিয়া আল্লাহে তেওঁৰ ৰাছুলসকলক সান্তনা প্ৰদান কৰি অহী কৰিলে যে, আমি এই অন্যায়কাৰী সকলক অৱশ্যে ধ্বংস কৰিম, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত কুফুৰী কৰিছে। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• أن الأنبياء والرسل بشرٌ من بني آدم، غير أن الله تعالى فضلهم بحمل الرسالة واصطفاهم لها من بين بني آدم.
নিশ্চয় নবী আৰু ৰাছুলসকলো আদম সন্তান তথা মানৱ। যদিও আল্লাহে তেওঁলোকক নবুওৱত প্ৰদান কৰি শ্ৰেষ্ঠতা প্ৰদান কৰিছে, তথা আদম সন্তানৰ মাজৰ পৰা তেওঁলোকক এই কৰ্মৰ বাবে নিৰ্বাচিত কৰিছে। info

• على الداعية الذي يريد التغيير أن يتوقع أن هناك صعوبات جَمَّة سوف تقابله، ومنها الطرد والنفي والإيذاء القولي والفعلي.
সমাজত পৰিবৰ্তন কামী দাঈসকলে এইটো মনত ৰখা উচিত যে, তেওঁলোক নিশ্চিতভাৱে কিছুমান বাধাৰ সন্মুখীন হ'ব, যেনে- একাঘৰীয়া, দেশৰ পৰা বহিষ্কাৰ, কথা আৰু কৰ্মৰ দ্বাৰা নিৰ্যাতন আদি। info

• أن الدعاة والصالحين موعودون بالنصر والاستخلاف في الأرض.
দাঈ আৰু পূণ্যৱান লোকসকলক সহায়ৰ আৰু পৃথিৱীৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। info

• بيان إبطال أعمال الكافرين الصالحة، وعدم اعتبارها بسبب كفرهم.
কাফিৰসকলৰ কুফুৰীৰ কাৰণে সিহঁতৰ যাৱতীয় নেক আমল ব্যৰ্থ তথা মূল্যহীন। info