Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
21 : 14

وَبَرَزُوْا لِلّٰهِ جَمِیْعًا فَقَالَ الضُّعَفٰٓؤُا لِلَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا كُنَّا لَكُمْ تَبَعًا فَهَلْ اَنْتُمْ مُّغْنُوْنَ عَنَّا مِنْ عَذَابِ اللّٰهِ مِنْ شَیْءٍ ؕ— قَالُوْا لَوْ هَدٰىنَا اللّٰهُ لَهَدَیْنٰكُمْ ؕ— سَوَآءٌ عَلَیْنَاۤ اَجَزِعْنَاۤ اَمْ صَبَرْنَا مَا لَنَا مِنْ مَّحِیْصٍ ۟۠

নিৰ্ধাৰিত সময়ত সকলো সৃষ্টিয়ে কবৰৰ পৰা উঠি আল্লাহৰ সন্মুখত উপস্থিত হ'ব। তেতিয়া অনুসাৰী দুৰ্বল লোকসকলে নিজ নিজ নেতৃবৃন্দক উদ্দেশ্যি ক'বঃ হে নেতৃবৃন্দ! নিশ্চয় আমি তোমালোকৰ অনুসৰণ কৰিছিলো, তোমালোকৰ আদেশ পালন কৰিছিলো, তোমালোকে নিষেধ কৰা বিষয়ৰ পৰা দূৰত থাকিছিলো। এতিয়া তোমালোকে আমাৰ ওপৰত আল্লাহৰ এই শাস্তিৰ কিছু অংশ দূৰ কৰিব পাৰিবানে, তেতিয়া সেই নেতাসকলে ক'বঃ যদি আল্লাহে আমাক হিদায়ত প্ৰদান কৰিলেহেঁতেন তেন্তে তোমালোককো আমি সেই পথ দেখুৱালোহেঁতেন আৰু আমি সকলোৱে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা পালোহেঁতেন। কিন্তু যিহেতু আমি পথভ্ৰষ্ট আছিলো, সেয়ে তোমালোককো পথভ্ৰষ্ট কৰিছিলো। গতিকে এতিয়া আমাৰ আৰু তোমালোকৰ একেই অৱস্থা, নত হৈ শাস্তি সহ্য কৰা নাইবা শাস্তি সহিবলৈ ধৈৰ্য ধাৰণ কৰা। শাস্তিৰ পৰা পলায়ন কৰাৰ কোনো সুযোগ নাই। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• بيان سوء عاقبة التابع والمتبوع إن اجتمعا على الباطل.
অনুসৰণকাৰী আৰু অনুসৰণকৃত ব্যক্তি যদি উভয়ে বাতিল পথৰ পথিক হয় তেন্তে সিহঁতৰ যি বেয়া পৰিণাম হ'ব তাৰ বৰ্ণনা। info

• بيان أن الشيطان أكبر عدو لبني آدم، وأنه كاذب مخذول ضعيف، لا يملك لنفسه ولا لأتباعه شيئًا يوم القيامة.
এই কথাৰ বৰ্ণনা যে, আদম সন্তানৰ আটাইতকৈ ডাঙৰ শত্ৰু হৈছে চয়তান। নিশ্চয় সি মিছলীয়া, নিৰ্লজ্জ আৰু অতি দুৰ্বল। ক্বিয়ামতৰ দিনা নিজৰ অথবা তাৰ অনুসাৰী কাকোৱে একো উপকাৰ কৰিব নোৱাৰিব। info

• اعتراف إبليس أن وعد الله تعالى هو الحق، وأن وعد الشيطان إنما هو محض الكذب.
ইবলীছে এই কথা স্বীকাৰ কৰিব যে, নিশ্চয় আল্লাহৰ প্ৰতিশ্ৰুতি হৈছে সত্য। পক্ষান্তৰে চয়তানৰ প্ৰতিশ্ৰুতি হৈছে অসত্য। info

• تشبيه كلمة التوحيد بالشجرة الطيبة الثمر، العالية الأغصان، الثابتة الجذور.
কলিমায়ে তাওহীদক এনেকুৱা এজোপা গছৰ দ্বাৰা সাদৃশ্য দিয়া হৈছে, যাৰ ফল হৈছে সোৱাদলগা। ঠাল-ঠেঙুলিবোৰ ওখ ওখ, মূল হৈছে প্ৰতিষ্ঠিত। info