Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
164 : 2

اِنَّ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ وَاخْتِلَافِ الَّیْلِ وَالنَّهَارِ وَالْفُلْكِ الَّتِیْ تَجْرِیْ فِی الْبَحْرِ بِمَا یَنْفَعُ النَّاسَ وَمَاۤ اَنْزَلَ اللّٰهُ مِنَ السَّمَآءِ مِنْ مَّآءٍ فَاَحْیَا بِهِ الْاَرْضَ بَعْدَ مَوْتِهَا وَبَثَّ فِیْهَا مِنْ كُلِّ دَآبَّةٍ ۪— وَّتَصْرِیْفِ الرِّیٰحِ وَالسَّحَابِ الْمُسَخَّرِ بَیْنَ السَّمَآءِ وَالْاَرْضِ لَاٰیٰتٍ لِّقَوْمٍ یَّعْقِلُوْنَ ۟

নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিত আৰু এই দুয়োৰ মাজত থকা অদ্ভূত সৃষ্টিৰ মাজত লগতে দিন ৰাতিৰ আৱৰ্তনত আৰু খাদ্য, বস্ত্ৰ আৰু ব্যৱসায়-বাণিজ্যৰ পণ্য আদি মানুহৰ লাগতীয়াল বস্তু লৈ সাগৰত চলাচল কৰা জাহাজৰ মাজত আৰু আল্লাহে আকাশৰ পৰা অৱতীৰ্ণ কৰা পানীৰ মাজত, যাৰ দ্বাৰা আল্লাহে পৃথিৱীক সজীৱ কৰি তোলে আৰু যাৰ দ্বাৰা উত্পাদন হয় শস্য আৰু ঘাঁহ-বন লগতে পৃথিৱীত বসবাস কৰা বিভিন্ন প্ৰকাৰৰ প্ৰাণীৰ মাজত আৰু বতাহক ইমূৰৰ পৰা সিমূৰলৈ ঘূৰাই দিয়াৰ মাজত আৰু আকাশত উৰি ফুৰা মেঘৰ মাজত, এই সকলোবোৰৰ মাজত আছে আল্লাহৰ একত্ববাদৰ স্পষ্ট প্ৰমাণ। সেই ব্যক্তিৰ বাবে যিয়ে প্ৰমাণ বুজি পায়। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• المؤمنون بالله حقًّا هم أعظم الخلق محبة لله؛ لأنهم يطيعونه على كل حال في السراء والضراء، ولا يشركون معه أحدًا.
আল্লাহৰ প্ৰতি প্ৰকৃত ঈমান পোষণ কৰা মুমিনে আল্লাহক আটাইতকৈ বেছি ভালপায়। কিয়নো এনেকুৱা ব্যক্তিয়ে সুখ-দুখ উভয় অৱস্থাতেই আল্লাহৰ আদেশ পালন কৰে আৰু তেওঁৰ লগত কাকো অংশী স্থাপন নকৰে। info

• في يوم القيامة تنقطع كل الروابط، ويَبْرَأُ كل خليل من خليله، ولا يبقى إلا ما كان خالصًا لله تعالى.
কিয়ামতৰ দিনা সকলো ধৰণৰ সম্পৰ্ক বিচ্ছিন্ন হব। কোনো প্ৰিয় বন্ধুৱে আন কোনো বন্ধুৰ কোনো উপকাৰত নাহিব। অৱশেষত কেৱল বাকী থাকিব সেই আমল যিটো নিৰ্ভেজাল ভাৱে আল্লাহৰ বাবে কৰা হৈছিল। info

• التحذير من كيد الشيطان لتنوع أساليبه وخفائها وقربها من مشتهيات النفس.
চয়তানৰ প্ৰৱঞ্চনাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো সি বিভিন্ন প্ৰকাৰৰ ষড়যন্ত্ৰ কৰে। যিবোৰ অদৃশ্য আৰু মানৱ প্ৰকৃতিৰ অনুকূল হয়। info