Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
79 : 2

فَوَیْلٌ لِّلَّذِیْنَ یَكْتُبُوْنَ الْكِتٰبَ بِاَیْدِیْهِمْ ۗ— ثُمَّ یَقُوْلُوْنَ هٰذَا مِنْ عِنْدِ اللّٰهِ لِیَشْتَرُوْا بِهٖ ثَمَنًا قَلِیْلًا ؕ— فَوَیْلٌ لَّهُمْ مِّمَّا كَتَبَتْ اَیْدِیْهِمْ وَوَیْلٌ لَّهُمْ مِّمَّا یَكْسِبُوْنَ ۟

এতেকে কঠিন শাস্তি সিহঁতৰ বাবে প্ৰতীক্ষা কৰি আছে, যিসকলে নিজ হাতে পুথি লিখি মিছাৰ আশ্ৰয় লৈ কয় যে, এয়া আল্লাহৰ তৰফৰ অৱতীৰ্ণ। যাতে সত্য আৰু হিদায়তৰ অনুসৰণৰ পৰিবৰ্তে পৃথিৱীত ধন-সম্পদ আৰু পদৰ দৰে তুচ্ছ মূল্য সংগ্ৰহ কৰিব পাৰে। সেয়ে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে মিছা কথা লিখি আল্লাহৰ লগত সম্পৃক্ত কৰে। লগতে সিহঁতৰ বাবে ধ্বংস আৰু শাস্তি কিয়নো সিহঁতে ইয়াৰ পৰিবৰ্তে ধন-সম্পত্তি আৰু পদ অৰ্জন কৰে। info
التفاسير: |
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• بعض أهل الكتاب يدّعي العلم بما أنزل الله، والحقيقة أن لا علم له بما أنزل الله، وإنما هو الوهم والجهل.
কিছুমান আহলে কিতাবে সিহঁতৰ ওচৰত আল্লাহৰ পুথিৰ জ্ঞান আছে বুলি দাবী কৰে কিন্তু সিহঁতৰ ওচৰত ভ্ৰম আৰু অজ্ঞতাৰ বাহিৰে আন একো নাই। info

• من أعظم الناس إثمًا من يكذب على الله تعالى ورسله ؛ فينسب إليهم ما لم يكن منهم.
আটাইতকৈ ডাঙৰ পাপীসকলৰ ভিতৰত এজন সেই ব্যক্তি যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিছা আৰোপ কৰি এনেকুৱা কথা তেওঁলোকৰ লগত সম্পৃক্ত কৰে যিটো তেওঁলোকে কোৱা নাই। info

• مع عظم المواثيق التي أخذها الله تعالى على اليهود وشدة التأكيد عليها، لم يزدهم ذلك إلا إعراضًا عنها ورفضًا لها.
আল্লাহে ইয়াহুদীসকলৰ পৰা ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি লৈছিল আৰু সেইবোৰ পালন কৰিবলৈ তাগিদ কৰিছিল কিন্তু সিহঁতৰ বিমুখতা আৰু প্ৰতিশ্ৰুতি ভঙ্গ কৰা কাৰ্যহে বৃদ্ধি পালে। info