Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
37 : 24

رِجَالٌ ۙ— لَّا تُلْهِیْهِمْ تِجَارَةٌ وَّلَا بَیْعٌ عَنْ ذِكْرِ اللّٰهِ وَاِقَامِ الصَّلٰوةِ وَاِیْتَآءِ الزَّكٰوةِ— یَخَافُوْنَ یَوْمًا تَتَقَلَّبُ فِیْهِ الْقُلُوْبُ وَالْاَبْصَارُ ۟ۙ

তেওঁলোক হৈছে এনেকুৱা লোক, যিসকলক ব্যৱসায়-বাণিজ্যই কেতিয়াও আল্লাহৰ স্মৰণৰ পৰা আৰু সম্পূৰ্ণৰূপে চালাত আদায়ৰ পৰা, লগতে উপযুক্ত শিতানত যাকাত আদায়ৰ পৰা অমনোযোগী নকৰে। তেওঁলোকে কিয়ামত দিৱসক ভয় কৰে। সেইদিনা মানুহৰ অন্তৰ মুক্তি লাভৰ আশাত আৰু শাস্তিৰ ভয়ত কম্পমান থাকিব। লগতে সিহঁতে ইপিনে সিপিনে চাই থাকিব যে, ক’লৈ যাব আজি। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• موازنة المؤمن بين المشاغل الدنيوية والأعمال الأخروية أمر لازم.
মুমিনসকলৰ বাবে পাৰ্থিৱ কৰ্ম আৰু আখিৰাতৰ কৰ্মক তুলনামূলকভাৱে লক্ষ্য কৰা অতি আৱশ্যক। info

• بطلان عمل الكافر لفقد شرط الإيمان.
কাফিৰসকলৰ সৎকৰ্ম বিফল হ'ব। কিয়নো সিহঁতৰ ওচৰত ঈমান নাই, ঈমান হৈছে সৎকৰ্ম গ্ৰহণযোগ্য হোৱাৰ এটা অন্যতম চৰ্ত। info

• أن الكافر نشاز من مخلوقات الله المسبِّحة المطيعة.
আল্লাহৰ সকলো আনুগত্যশীল আৰু গুণগান কৰা সৃষ্টিৰ বিপৰীতে কাফিৰসকল হৈছে অৱজ্ঞাকাৰী। info

• جميع مراحل المطر من خلق الله وتقديره.
বৰষুণৰ সকলো পৰ্যায় হৈছে আল্লাহৰ সৃষ্টি, আৰু তেওঁৰ পূৰ্বসিদ্ধান্ত। info