Ibisobanuro bya qoran ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
25 : 29

وَقَالَ اِنَّمَا اتَّخَذْتُمْ مِّنْ دُوْنِ اللّٰهِ اَوْثَانًا ۙ— مَّوَدَّةَ بَیْنِكُمْ فِی الْحَیٰوةِ الدُّنْیَا ۚ— ثُمَّ یَوْمَ الْقِیٰمَةِ یَكْفُرُ بَعْضُكُمْ بِبَعْضٍ وَّیَلْعَنُ بَعْضُكُمْ بَعْضًا ؗ— وَّمَاْوٰىكُمُ النَّارُ وَمَا لَكُمْ مِّنْ نّٰصِرِیْنَ ۟ۗۖ

ইব্ৰাহীম আলাইহিচ্ছালামে তেওঁৰ জাতিক ক'লেঃ তোমালোকে আজি মূৰ্ত্তিবোৰক উপাস্য বনাই লৈ সেইবোৰক উপাসনা কৰি আছা, যাতে পাৰ্থিৱ জীৱনত পাৰস্পৰিক প্ৰেম আৰু পৰিচয় গঢ়ি তুলিব পাৰা। কিন্তু কিয়ামতৰ দিনা তোমালোকৰ মাজৰ এই গভীৰ সম্পৰ্ক বিচ্ছিন্ন হৈ যাব। লগতে শাস্তি প্ৰত্যক্ষ কৰাৰ পিছত ইজনে সিজনৰ লগত সম্পৰ্কচ্ছেদ কৰিব, তথা পৰস্পৰে পৰস্পৰক ধিক্কাৰ জনাব। আৰু তোমালোকৰ আশ্ৰয়স্থল হ’ব জাহান্নাম। আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ তোমালোকৰ কোনো সহায়ক নাথাকিব। এই উপাস্যবোৰৰ মাজৰ পৰাও নাথাকিব যিবোৰৰ তোমালোকে উপাসনা কৰিছিলা, লগতে ইয়াৰ বাহিৰেও কোনো নাথাকিব। info
التفاسير:
Inyungu dukura muri ayat kuri Uru rupapuro:
• عناية الله بعباده الصالحين حيث ينجيهم من مكر أعدائهم.
আল্লাহে তেওঁৰ সদাচাৰী বান্দাসকলৰ প্ৰতি বিশেষ মনোযোগ প্ৰদান কৰে, তথা তেওঁলোকক তেওঁলোকৰ শত্ৰুৰ চক্ৰান্তৰ পৰা সুৰক্ষা প্ৰদান কৰে। info

• فضل الهجرة إلى الله.
আল্লাহৰ বাবে হিজৰত কৰাৰ গুৰুত্ব। info

• عظم منزلة إبراهيم وآله عند الله تعالى.
ইব্ৰাহীম আলাইহিচ্ছালাম আৰু তেওঁৰ সন্তানসকলৰ বাবে আল্লাহৰ ওচৰত আছে মহান মৰ্যাদা। info

• تعجيل بعض الأجر في الدنيا لا يعني نقص الثواب في الآخرة.
কিছুমান কৰ্মৰ প্ৰতিদান পৃথিৱীত লাভ কৰাৰ অৰ্থ এইটো নহয় যে, আখিৰাতত সেইটোৰ ছোৱাব হ্ৰাস পাব। info

• قبح تعاطي المنكرات في المجالس العامة.
সাধাৰণ বৈঠকত অশ্লীল কৰ্ম কৰাটোও এটা জঘন্য কাম। info