Ibisobanuro bya Quran Ntagatifu - Ibisobanuro bya Qur'an Ntagatifu mu rurimi rw'iki Asamess, incamacye y'ibisobanuro bya Qur'an Ntagatifu.

external-link copy
20 : 5

وَاِذْ قَالَ مُوْسٰی لِقَوْمِهٖ یٰقَوْمِ اذْكُرُوْا نِعْمَةَ اللّٰهِ عَلَیْكُمْ اِذْ جَعَلَ فِیْكُمْ اَنْۢبِیَآءَ وَجَعَلَكُمْ مُّلُوْكًا ۗ— وَّاٰتٰىكُمْ مَّا لَمْ یُؤْتِ اَحَدًا مِّنَ الْعٰلَمِیْنَ ۟

হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া মুছা আলাইহিছ ছালামে নিজ সম্প্ৰদায় বনী ইছৰাঈলক কৈছিলঃ হে মোৰ জাতি ভাইসকল! তোমালোকে অন্তৰেৰে আৰু মুখেৰে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা যে, আল্লাহে তোমালোকৰ মাজৰ পৰাই কিছুমানক নবী বনাইছিল, যিসকলে তোমালোকক সত্যৰ পিনে আহ্বান কৰিছিল, আৰু তোমালোকক স্বাধীন কৰিছিল অথচ তোমালোক দাস হৈ আছিলা, আৰু তোমালোকক এনেকুৱা অনুগ্ৰহ প্ৰদান কৰিছিল, যিবোৰ অনুগ্ৰহ তোমালোকৰ যুগত আন কাকো দিয়া নাছিল। info
التفاسير:
Zimwe mu nyungu dukura muri Ayat kuri iyi paji.:
• تعذيب الله تعالى لكفرة بني إسرائيل بالمسخ وغيره يوجب إبطال دعواهم في كونهم أبناء الله وأحباءه.
বনী ইছৰাঈলৰ কাফিৰসকলৰ ওপৰত মুখমণ্ডল বিকৃত কৰা শাস্তিয়ে সিহঁতে কৰা এই যিটো দাবী যে, সিহঁত আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ, সেইটোক খণ্ডন কৰে। info

• التوكل على الله تعالى والثقة به سبب لاستنزال النصر.
আল্লাহৰ ওপৰত ভৰসা কৰিলে তেওঁৰ সহায় পোৱা যায়। info

• جاءت الآيات لتحذر من الأخلاق الرديئة التي كانت عند بني إسرائيل.
এইবোৰে আয়াতে সেইসমূহ বেয়া চৰিত্ৰৰ পৰা সাৱধান কৰিছে, যিবোৰ বনী ইছৰাঈলৰ মাজত আছিল। info

• الخوف من الله سبب لنزول النعم على العبد، ومن أعظمها نعمة طاعته سبحانه.
আল্লাহক ভয় কৰাৰ ফলত বান্দাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ হয়। আৰু আটাইতকৈ ডাঙৰ অনুগ্ৰহটো হৈছে আল্লাহৰ আনুগত্য কৰাৰ তাওফীক প্ৰাপ্ত হোৱা। info