Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය වාක්‍යය: (249) පරිච්ඡේදය: අල් බකරා
فَلَمَّا فَصَلَ طَالُوْتُ بِالْجُنُوْدِ ۙ— قَالَ اِنَّ اللّٰهَ مُبْتَلِیْكُمْ بِنَهَرٍ ۚ— فَمَنْ شَرِبَ مِنْهُ فَلَیْسَ مِنِّیْ ۚ— وَمَنْ لَّمْ یَطْعَمْهُ فَاِنَّهٗ مِنِّیْۤ اِلَّا مَنِ اغْتَرَفَ غُرْفَةً بِیَدِهٖ ۚ— فَشَرِبُوْا مِنْهُ اِلَّا قَلِیْلًا مِّنْهُمْ ؕ— فَلَمَّا جَاوَزَهٗ هُوَ وَالَّذِیْنَ اٰمَنُوْا مَعَهٗ ۙ— قَالُوْا لَا طَاقَةَ لَنَا الْیَوْمَ بِجَالُوْتَ وَجُنُوْدِهٖ ؕ— قَالَ الَّذِیْنَ یَظُنُّوْنَ اَنَّهُمْ مُّلٰقُوا اللّٰهِ ۙ— كَمْ مِّنْ فِئَةٍ قَلِیْلَةٍ غَلَبَتْ فِئَةً كَثِیْرَةً بِاِذْنِ اللّٰهِ ؕ— وَاللّٰهُ مَعَ الصّٰبِرِیْنَ ۟
যেতিয়া তালূতে তেওঁৰ সৈন্য বাহিনী লৈ ৰাৱানা হল, তেতিয়া তেওঁ নিজৰ সৈন্য বাহিনীক উপদেশ দি কলেঃ নিশ্চয় আল্লাহে তোমালোকক এটা নদীৰ দ্বাৰা পৰীক্ষা কৰিব। যিয়ে সেই নদীৰ পৰা পানী পান কৰিব সি মোৰ পথৰ পদাচাৰী নহয় লগতে সি মোৰ লগত থাকি যুদ্ধও কৰিব নোৱাৰিব। আনহাতে যিয়ে তাৰ পৰা পানী পান নকৰিব সি মোৰ পথৰ অনুসাৰী লগতে সি মোৰ লগত থাকি যুদ্ধ কৰিব পাৰিব। কিন্তু কোনোবাই যদি বাধ্য হৈ এচলু পানী পান কৰে তেন্তে কোনো অসুবিধা নাই। এতেকে সৈন্যবাহিনীৰ কেৱল কিছু সংখ্যক লোকেহে প্ৰচণ্ড গৰমত ধৈৰ্য ধাৰণ কৰিছিল আৰু বাকী সকলোৱে তাৰ পৰা পানী পান কৰিছিল। যেতিয়া তালূত আৰু মুমিনসকলে নদী পাৰ কৰিলে তেতিয়া কিছুমান সৈন্যই কলেঃ আজি আমাৰ ওচৰত জালূত আৰু তাৰ সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ শক্তি নাই। কিন্তু সেই সময়ত কিছুমান এনেকুৱা ব্যক্তিয়ে যিসকলে ক্বিয়ামতৰ দিনা আল্লাহৰ লগত সাক্ষাৎ সম্পৰ্কে বিশ্বাস পোষণ কৰিছিল তেওঁলোকে কলেঃ তোমালোকে জানানে, ঈমান্দাৰসকলৰ বহুতো সৰু-সুৰা দলে আল্লাহৰ অনুমতি আৰু তেওঁৰ সহায়ত কাফিৰসকলৰ ডাঙৰ ডাঙৰ দলক পৰাজিত কৰিছে। এতেকে সহায়-সহযোগিতাৰ মূল উত্স হৈছে ঈমান, সংখ্যাগৰিষ্ঠতা নহয়। আৰু আল্লাহে তেওঁৰ ধৈৰ্যশীল বান্দাসকলক লগ দিয়াৰ লগতে সহায়- সহযোগিতা আৰু সমৰ্থন প্ৰদান কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• من حكمة القائد أن يُعرِّض جيشه لأنواع الاختبارات التي يتميز بها جنوده ويعرف الثابت من غيره.
এয়া সেনাপতিৰ দুৰদৰ্শিতা, নিজৰ সেনাবাহিনীক বিভিন্ন ধৰণৰ পৰীক্ষা কৰি সিহঁতক চিহ্নিত কৰা যে, কোনে ৰণক্ষেত্ৰত অটল থাকিব পাৰিব আৰু কোনে পলায়ন কৰিব।

• العبرة في النصر ليست بمجرد كثرة العدد والعدة فقط، وإنما معونة الله وتوفيقه أعظم الأسباب للنصر والظَّفَر.
সফলতা কেৱল সংখ্যাগৰিষ্ঠতা আৰু অস্ত্ৰবলৰ ফলত সম্ভৱ নহয়। বৰং আল্লাহৰ সহায় আৰু তেওঁৰ সমৰ্থন হৈছে মূল।

• لا يثبت عند الفتن والشدائد إلا من عَمَرَ اليقينُ بالله قلوبَهم، فمثل أولئك يصبرون عند كل محنة، ويثبتون عند كل بلاء.
কঠিন পৰীক্ষা আৰু বিপদৰ সময়ত কেৱল সেই সকল লোকেই অবিচল থাকিব পাৰে যিসকলৰ অন্তৰত আল্লাহৰ বিশ্বাস আছে। এনেকুৱা লোকেই প্ৰত্যেক পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণ কৰে আৰু বিপদ-আপদৰ সময়ত অবিচল থাকে।

• الضراعة إلى الله تعالى بقلب صادق متعلق به من أعظم أسباب إجابة الدعاء، ولا سيما في مواطن القتال.
দুআ কবুল হোৱাৰ অন্যতম এটা কাৰণ হৈছে আন্তৰিকতাৰে বিনয়পূৰ্বকভাৱে দুআ কৰা। বিশেষকৈ ৰণক্ষেত্ৰত।

• من سُنَّة الله تعالى وحكمته أن يدفع شر بعض الخلق وفسادهم في الأرض ببعضهم.
আল্লাহৰ অন্যতম এটা নিয়ম এই যে, তেওঁ কিছুমান বান্দাৰ জৰিয়তে আন কিছুমান বান্দাৰ অন্যায়-অত্যাচাৰ আৰু উপদ্ৰৱক প্ৰতিৰোধ কৰে।

 
අර්ථ කථනය වාක්‍යය: (249) පරිච්ඡේදය: අල් බකරා
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න