Check out the new design

ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. * - පරිවර්තන පටුන


අර්ථ කථනය පරිච්ඡේදය: අල් මආරිජ්   වාක්‍යය:
یُّبَصَّرُوْنَهُمْ ؕ— یَوَدُّ الْمُجْرِمُ لَوْ یَفْتَدِیْ مِنْ عَذَابِ یَوْمِىِٕذٍ بِبَنِیْهِ ۟ۙ
প্ৰত্যেকে নিজৰ ওচৰ সম্বন্ধ আৰু বন্ধুক দেখিব আৰু কোনেও কাৰো পৰা গোপন নাথাকিব। ইয়াৰোপৰি পৰিস্থিতি ইমান ভয়াৱহ হ’ব যে, কোনেও কাকো সোধ-পোচ কৰাৰ সময় নাপাব। তথা যিয়ে জাহান্নামৰ অধিকাৰী হ’ব, সি নিজৰ পৰিৱৰ্তে নিজ সন্তানক শাস্তিৰ বাবে দিব বিচাৰিব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَصَاحِبَتِهٖ وَاَخِیْهِ ۟ۙ
আৰু তাৰ স্ত্ৰী তথা ভাতৃক শাস্তিৰ বিনিময়ত দিব বিচাৰিব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَفَصِیْلَتِهِ الَّتِیْ تُـْٔوِیْهِ ۟ۙ
আৰু তাৰ নিকটৱৰ্তী আত্মীয় স্বজনক শাস্তিৰ পৰিবৰ্তে দিব বিচাৰিব। যিয়ে কঠিন পৰিস্থিতিত তাৰ লগত থিয় দিছিল।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَمَنْ فِی الْاَرْضِ جَمِیْعًا ۙ— ثُمَّ یُنْجِیْهِ ۟ۙ
আৰু পৃথিৱীত থকা মানুহ, জিন আদিক শাস্তিৰ বিনিময়ত দিব বিচাৰিব যাতে ইয়াৰ বিনিময়ত সি শাস্তিৰ পৰা ৰক্ষা পায় আৰু জাহান্নামৰ শাস্তিৰ পৰা মু্ক্তি প্ৰদান কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
كَلَّا ؕ— اِنَّهَا لَظٰی ۟ۙ
ঘটনা তেনে নহয় যিদৰে এই অপৰাধীবিলাকে কামনা কৰে। এইটো জাহান্নামৰ লেলিহান জুই।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
نَزَّاعَةً لِّلشَّوٰی ۟ۚۖ
যাৰ তাপে মূৰৰ ছাল খহাই পেলাব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
تَدْعُوْا مَنْ اَدْبَرَ وَتَوَلّٰی ۟ۙ
জাহান্নামে তাক মাতিব যিয়ে সত্যৰ প্ৰতি পৃষ্ঠ প্ৰদৰ্শন কৰিছিল আৰু মুখ ঘূৰাই আঁতৰি গৈছিল। সত্যক মানি লোৱা নাছিল আৰু তাৰ প্ৰতি আমলো কৰা নাছিল।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَجَمَعَ فَاَوْعٰی ۟
আৰু ধন সঞ্চয় কৰিছিল আৰু তাৰ পৰা আল্লাহৰ পথত ব্যয় কৰাত কৃপণালি কৰিছিল।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اِنَّ الْاِنْسَانَ خُلِقَ هَلُوْعًا ۟ۙ
নিশ্চয় মানুহক অতি লোভী হিচাপে সৃষ্টি কৰা হৈছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اِذَا مَسَّهُ الشَّرُّ جَزُوْعًا ۟ۙ
যেতিয়া বেমাৰ বা দৰিদ্ৰতা আদিৰ ৰূপত কোনো দুখ পায়, তেতিয়া অধৈৰ্যশীল হৈ পৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَّاِذَا مَسَّهُ الْخَیْرُ مَنُوْعًا ۟ۙ
আৰু যেতিয়া স্বচল আৰু ধনী ৰূপে কোনো আনন্দময় বস্তু পায়, তেতিয়া আল্লাহৰ পথত খৰচ কৰিবলৈ কৃপণালী কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اِلَّا الْمُصَلِّیْنَ ۟ۙ
কিন্তু ছালাত আদায়কাৰী সকলৰ বাহিৰে। এতেকে তেওঁলোক এই কু আচৰণৰ পৰা সুৰক্ষিত।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
الَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ دَآىِٕمُوْنَ ۟
যিসকলে নিয়মিত ছালাত আদায় কৰে। কেতিয়াও তাৰ প্ৰতি অৱহেলা নকৰে। তেওঁলোকে সদায় সেয়া নিৰ্ধাৰিত সময়তে আদায় কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ فِیْۤ اَمْوَالِهِمْ حَقٌّ مَّعْلُوْمٌ ۟
আৰু যিসকলৰ ধন- সম্পদত অনিবাৰ্য আৰু নিশ্চিত ভাগ আছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
لِّلسَّآىِٕلِ وَالْمَحْرُوْمِ ۟
যিটো তেওঁ মগনীয়াক দি দিয়ে আৰু তাকো দিয়ে যিয়ে কোনো কাৰণ বশতঃ ধনৰ পৰ বঞ্চিত বা নিৰ্ধন হৈছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ یُصَدِّقُوْنَ بِیَوْمِ الدِّیْنِ ۟
আৰু যিয়ে ক্বিয়ামতৰ দিনক সত্য বুলি মানে। যিদিনাখন প্ৰত্যেক ব্যক্তিক আল্লাহে সেই পৰিণাম দিব যাৰ তেওঁ অধীকাৰী বা হক্বদাৰ।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ هُمْ مِّنْ عَذَابِ رَبِّهِمْ مُّشْفِقُوْنَ ۟ۚ
আৰু যিয়ে নিজ প্ৰতিপালকৰ শাস্তিক ভয় কৰে। লগতে তেওঁ সত্কৰ্মও কৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اِنَّ عَذَابَ رَبِّهِمْ غَیْرُ مَاْمُوْنٍ ۪۟
নিশ্চয় তেওঁলোকৰ প্ৰতিপালকৰ শাস্তি ভয়াৱহ। কোনো জ্ঞানী ব্যক্তি তেওঁৰ শাস্তিৰ পৰা নিশ্চিন্তিত হব নোৱাৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ هُمْ لِفُرُوْجِهِمْ حٰفِظُوْنَ ۟ۙ
আৰু যিসকলে নিজৰ যৌনাঙ্গসমূহৰ হিফাজত কৰে। সেয়া উলঙ্গ কৰাৰ পৰা বিৰত থাকে আৰু নিৰ্লজ্জতাৰ কৰ্মবোৰৰ পৰা বিৰত থাকে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اِلَّا عَلٰۤی اَزْوَاجِهِمْ اَوْ مَا مَلَكَتْ اَیْمَانُهُمْ فَاِنَّهُمْ غَیْرُ مَلُوْمِیْنَ ۟ۚ
কিন্তু সিহঁতৰ পত্নী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে। কিয়নো সিহঁতৰ সৈতে মিলনৰ মাধ্যমত উপকৃত হোৱা কোনো নিন্দনীয় বিষয় নহয়।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَمَنِ ابْتَغٰی وَرَآءَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْعٰدُوْنَ ۟ۚ
এতেকে যিসকলে নিজ স্ত্ৰী আৰু অধিকাৰভুক্ত দাসীৰ বাহিৰে আন কাৰোবাৰ সৈতে মনোকামনা পূৰণ কৰিব বিচাৰে বা লাভান্বিত হব বিচাৰে, তেন্তে সিহঁতেই আল্লাহৰ সীমালঙ্ঘনকাৰী।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ هُمْ لِاَمٰنٰتِهِمْ وَعَهْدِهِمْ رٰعُوْنَ ۟
আৰু যিসকলে ধন- সম্পদ, গোপন কথা, প্ৰতিশ্ৰুতি আদি আমানত ৰক্ষা কৰে। লগতে মানুহৰ লগত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰে। আমানতৰ খিয়ানত বা বিৰুদ্ধাচৰণ নকৰে আৰু প্ৰতিশ্ৰুতিও ভংগ নকৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ هُمْ بِشَهٰدٰتِهِمْ قَآىِٕمُوْنَ ۟
আৰু যিসকলে সঠিকৰূপে নিজৰ সাক্ষ্যদানত অটল থাকে। যাৰ সাক্ষ্যদানত কোনো আত্মীয়-স্বজন তথা শত্ৰুৰ প্ৰভাৱ নপৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
وَالَّذِیْنَ هُمْ عَلٰی صَلَاتِهِمْ یُحَافِظُوْنَ ۟ؕ
আৰু যিসকলে নিজৰ ছালাতৰ হিফাজত কৰে, আৰু সময় মতে আদায় কৰে। পৱিত্ৰতাৰ প্ৰতি পৰিপূৰ্ণ মনোযোগ দিয়ে। ধৈৰ্য আৰু শান্তিপূৰ্ণভাৱে আদায় কৰে। কোনো বস্তুৱেই তেওঁলোকক ছালাতৰ প্ৰতি অৱহেলা, ব্যস্ততা বা অমনোযোগী কৰিব নোৱাৰে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اُولٰٓىِٕكَ فِیْ جَنّٰتٍ مُّكْرَمُوْنَ ۟ؕ۠
এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলক জান্নাতত সন্মানিত হৈ থাকিব। কিয়নো তেওঁলোকে চিৰস্থায়ী অনুগ্ৰহসমূহ প্ৰাপ্ত হব। আৰু আল্লাহৰ চেহেৰা বা মুখ মণ্ডল চাবলৈ সৌভাগ্য প্ৰাপ্ত হ’ব।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَمَالِ الَّذِیْنَ كَفَرُوْا قِبَلَكَ مُهْطِعِیْنَ ۟ۙ
হে ৰাছুল, আপোনাৰ সম্প্ৰদায়ৰ এই মুশ্বৰিক বিলাকক কিহে টানি আনিছে যে, সিহঁতে আপোনাৰ ফালে দৌৰি আহি আছে, আপোনাক অস্বীকাৰ কৰিবলৈ?
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
عَنِ الْیَمِیْنِ وَعَنِ الشِّمَالِ عِزِیْنَ ۟
সিহঁতে সোঁ ফালৰ পৰা আৰু বাওঁ ফালৰ পৰা দলে দলে আহি আপোনাক আৱৰি ধৰিছে।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
اَیَطْمَعُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّدْخَلَ جَنَّةَ نَعِیْمٍ ۟ۙ
সিহঁতৰ প্ৰত্যেকেই এই আশা কৰে নেকি যে, আল্লাহ তাআলাই সিহঁতক কুফুৰীৰ প্ৰতি অটুট থকাৰ পাছতো অনুগ্ৰহমূলক জান্নাতত প্ৰৱেশ কৰাব আৰু সিহঁতে তাৰ ভিতৰত চিৰস্থায়ী অনুগ্ৰহসমূহৰ দ্বাৰা লাভান্বিত হ’ব?
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
كَلَّا ؕ— اِنَّا خَلَقْنٰهُمْ مِّمَّا یَعْلَمُوْنَ ۟
বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাবিছে। আমি সিহঁতক যিটোৰে সৃষ্টি কৰিছো সেইটো সিহঁতে জানে। কিয়নো আমি সিহঁতক তুচ্ছ পানীৰে সৃষ্টি কৰিছো। গতিকে সিহঁত অতি দূৰ্বল। নিজৰ লাভ- ক্ষতিৰো গৰাকী নহয়। গতিকে সিহঁতে গৌৰৱ কেনেকৈ কৰে?
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
فَلَاۤ اُقْسِمُ بِرَبِّ الْمَشٰرِقِ وَالْمَغٰرِبِ اِنَّا لَقٰدِرُوْنَ ۟ۙ
আল্লাহে স্বয়ং নিজৰেই শপত খাইছে, সূৰ্য আৰু চন্দ্ৰৰ উদয়স্থলসমূহ আৰু অস্তাচলসমূহৰ তেৱেঁই প্ৰতিপালক, আৰু গোটেই তাৰকাৰাজিৰ প্ৰতিপালক। (এইবোৰৰ শপত খাই তেওঁ কৈছে) নিশ্চয় আমি সক্ষম।
අල්කුර්ආන් අරාබි අර්ථ විවරණ:
මෙ⁣ම පිටුවේ තිබෙන වැකිවල ප්‍රයෝජන:
• شدة عذاب النار حيث يود أهل النار أن ينجوا منها بكل وسيلة مما كانوا يعرفونه من وسائل الدنيا.
জাহান্নামৰ শাস্তি ইমান কঠোৰ হ’ব যে, জাহান্নামী বিলাকে তাৰ পৰা ওলাবলৈ সকলো ধৰণৰ প্ৰয়াস কৰিব। যিবোৰৰ মাধ্যমৰ বিষয়ে সিহঁতে পৃথিৱীত পৰিচিত আছিল।

• الصلاة من أعظم ما تكفَّر به السيئات في الدنيا، ويتوقى بها من نار الآخرة.
ছালাত হৈছে পৃথিৱীত মানুহক পাপ মোচন কৰা আৰু পৰকালত জাহান্নামৰ পৰা বচোৱাৰ এক মহত্বপূৰ্ণ আমল বা কৰ্ম।

• الخوف من عذاب الله دافع للعمل الصالح.
আল্লাহৰ শাস্তিৰ ভয়ে মানুহক সত্কৰ্মৰ প্ৰেৰণা দিয়ে।

 
අර්ථ කථනය පරිච්ඡේදය: අල් මආරිජ්
සූරා පටුන පිටු අංක
 
ශුද්ධවූ අල් කුර්ආන් අර්ථ කථනය - ශුද්ධ වූ අල්කුර්ආන් අර්ථ විවරණයේ සංෂිප්ත අනුවාදය - ඇසෑමි පරිවර්තනය. - පරිවර්තන පටුන

අල්කුර්ආන් අධ්‍යයන සඳහා වූ තෆ්සීර් මධ්‍යස්ථානය විසින් නිකුත් කරන ලදී.

වසන්න