Përkthimi i kuptimeve të Kuranit Fisnik - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Ajeti: (53) Surja: Suretu En Nahl
وَمَا بِكُمْ مِّنْ نِّعْمَةٍ فَمِنَ اللّٰهِ ثُمَّ اِذَا مَسَّكُمُ الضُّرُّ فَاِلَیْهِ تَجْـَٔرُوْنَ ۟ۚ
হে মানৱ! তোমালোকৰ ওচৰত দ্বীন আৰু দুনিয়া সম্পৰ্কীয় যিমান নিয়ামত আছে, সেই সকলো আল্লাহেই প্ৰদান কৰিছে। তেওঁৰ বাহিৰে আন কাৰো নহয়। এতেকে যেতিয়া তোমালোকৰ ওপৰত কোনো বিপদ, বেমাৰ অথবা দুৰ্ভিক্ষ নামি আহে, তেতিয়া তোমালোকে কেৱল তেওঁৰ ওচৰতেই নত হৈ দুআ কৰা, যাতে তোমালোকৰ সেই কষ্ট দূৰ হয়। এতেকে যিয়ে নিয়ামত প্ৰদান কৰে আৰু কষ্ট দূৰ কৰে, কেৱল তেৱেঁই ইবাদত বন্দেগীৰ যোগ্য।
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• على المجرم أن يستحي من ربه أن تكون نعم الله عليه نازلة في جميع اللحظات ومعاصيه صاعدة إلى ربه في كل الأوقات.
পাপিষ্ঠসকলে নিজ প্ৰতিপালকৰ পৰা লাজ কৰা উচিত, কিয়নো এফালে আল্লাহৰ ফালৰ পৰা সিহঁতৰ বাবে সদায় নিয়ামত অৱতীৰ্ণ হৈ আছে, আনফালে সিহঁতৰ অপকৰ্ম অহৰহ আল্লাহৰ ফালে ঊৰ্দ্ধগামী হৈ আছে।

• ينبغي لأهل الكفر والتكذيب وأنواع المعاصي الخوف من الله تعالى أن يأخذهم بالعذاب على غِرَّة وهم لا يشعرون.
কাফিৰসকল, অস্বীকাৰকাৰীসকল আৰু বিভিন্ন গুনাহত লিপ্ত লোকসকলে ভয় কৰা উচিত যে, যিকোনো সময়ত সিহঁতৰ ওপৰত আল্লাহৰ শাস্তি আহিব পাৰে, ফলত সিহঁতে গমেই নাপাব।

• جميع النعم من الله تعالى، سواء المادية كالرّزق والسّلامة والصّحة، أو المعنوية كالأمان والجاه والمنصب ونحوها.
সকলো নিয়ামত আল্লাহৰ ফালৰ পৰাই আহে। সেয়া ভৌতিক নিয়ামত হওক, যেনেঃ জীৱিকা, নিৰাপত্তা আৰু স্বাস্থ্য, অথবা অভৌতিক যেনেঃ শান্তি, সন্মান আৰু পদ-মৰ্যাদা আদি।

• لا يجد الإنسان ملجأً لكشف الضُّرِّ عنه في وقت الشدائد إلا الله تعالى فيضجّ بالدّعاء إليه؛ لعلمه أنه لا يقدر أحد على إزالة الكرب سواه.
মানুহে বিপদৰ সময়ত কষ্টৰ পৰা পৰিত্ৰাণ পাবলৈ আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয় বিচাৰি নাপায়। সেয়ে তেওঁৰ ওচৰতেই অশ্ৰুসিক্ত হৈ দুআ কৰে, কাৰণ সি জানে যে, তেওঁৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই।

 
Përkthimi i kuptimeve Ajeti: (53) Surja: Suretu En Nahl
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Përmbajtja e përkthimeve

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Mbyll