Check out the new design

Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Ajeti: (203) Surja: El Bekare
وَاذْكُرُوا اللّٰهَ فِیْۤ اَیَّامٍ مَّعْدُوْدٰتٍ ؕ— فَمَنْ تَعَجَّلَ فِیْ یَوْمَیْنِ فَلَاۤ اِثْمَ عَلَیْهِ ۚ— وَمَنْ تَاَخَّرَ فَلَاۤ اِثْمَ عَلَیْهِ ۙ— لِمَنِ اتَّقٰی ؕ— وَاتَّقُوا اللّٰهَ وَاعْلَمُوْۤا اَنَّكُمْ اِلَیْهِ تُحْشَرُوْنَ ۟
নিৰ্দিষ্ট কেইটামান দিনত তকবীৰ আৰু তাহলীলৰ জৰিয়তে আল্লাহক স্মৰণ কৰা। ইয়াত কেইটামান দিনৰ দ্বাৰা জুলহিজ্জা মাহৰ ১১, ১২ আৰু ১৩ তাৰিখক বুজোৱা হৈছে। যদি কোনোবাই আগতীয়াকৈ শিল দলিয়াই ১২ তাৰিখে মিনা ত্যাগ কৰিব বিচাৰে তেন্তে কৰিব পাৰে, এনে কৰাত কোনো গুনাহ নহব। কিয়নো এই সুবিধা আল্লাহে প্ৰদান কৰিছে। আনহাতে যিয়ে ১৩ তাৰিখ লৈকে অপেক্ষা কৰি শিল দলিয়াই মিনা ত্যাগ কৰিব বিচাৰে, তাৰ অপেক্ষা কৰাত কোনো অসুবিধা নাই। বৰং তেওঁ উত্তম কৰ্মহে কৰিছে আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণ কৰিছে। এই সকলো বিধান তাৰ বাবে যিয়ে হজ্জৰ ক্ষেত্ৰত আল্লাহৰ তাক্বৱা অৱলম্বন কৰে আৰু আল্লাহৰ আদেশ মতে হজ্জ আদায় কৰিব বিচাৰে। এতেকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা, লগতে এই বিশ্বাস পোষণ কৰা যে, নিশ্চয় তোমালোক তেওঁৰ পিনেই উভতি যাবা আৰু তেওঁ তোমালোকক তোমালোকৰ আমলৰ প্ৰতিদান দিব।
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• التقوى حقيقة لا تكون بكثرة الأعمال فقط، وإنما بمتابعة هدي الشريعة والالتزام بها.
দৰাচলতে অধিক আমল কৰিলেই তাক্বৱা অৰ্জন নহয়। বৰং চৰীয়তৰ পূৰ্ণ অনুসৰণ আৰু সেই মুতাবিক চলিলেহে অৰ্জন হয়।

• الحكم على الناس لا يكون بمجرد أشكالهم وأقوالهم، بل بحقيقة أفعالهم الدالة على ما أخفته صدورهم.
মানুহৰ আকাৰ-আকৃতি আৰু কথাৰ ওপৰত ভিত্তি কৰি তাৰ বিষয়ে ফয়চালা কৰা নহয়, বৰং তাৰ বাস্তৱ কৰ্মৰ ওপৰত ভিত্তি কৰি ফয়চালা কৰা হয় যি কৰ্মই দৰাচলতে তাৰ অন্তৰৰ অৱস্থা বৰ্ণনা কৰে।

• الإفساد في الأرض بكل صوره من صفات المتكبرين التي تلازمهم، والله تعالى لا يحب الفساد وأهله.
পৃথিৱীত সকলো ধৰণৰ উপদ্ৰৱ সৃষ্টি কৰা অহংকাৰীসকলৰ বিশেষ বৈশিষ্ট্য। আৰু আল্লাহে বিপৰ্যয় আৰু বিপৰ্যয় সৃষ্টিকাৰীক পছন্দ নকৰে।

• لا يكون المرء مسلمًا حقيقة لله تعالى حتى يُسَلِّم لهذا الدين كله، ويقبله ظاهرًا وباطنًا.
কোনো ব্যক্তি তেতিয়ালৈকে প্ৰকৃত মুছলিম হব নোৱাৰে যেতিয়ালৈকে সি ইছলামক পূৰ্ণৰূপে গ্ৰহণ নকৰিব লগতে প্ৰকাশ্য আৰু অপ্ৰকাশ্যৰূপে স্বীকাৰ নকৰিব।

 
Përkthimi i kuptimeve Ajeti: (203) Surja: El Bekare
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) - Përmbajtja e përkthimeve

Botuar nga Qendra e Tefsirit për Studime Kuranore.

Mbyll