Check out the new design

Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) * - Përmbajtja e përkthimeve


Përkthimi i kuptimeve Ajeti: (143) Surja: Ali Imran
وَلَقَدْ كُنْتُمْ تَمَنَّوْنَ الْمَوْتَ مِنْ قَبْلِ اَنْ تَلْقَوْهُ ۪— فَقَدْ رَاَیْتُمُوْهُ وَاَنْتُمْ تَنْظُرُوْنَ ۟۠
হে মুমিনসকল! তোমালোকে দেখুন মৃত্যু আৰু ইয়াৰ কঠিন মূহূৰ্তৰ সন্মুখীন হোৱাৰ পূৰ্বে কাফিৰসকলৰ লগত মুখামখী হোৱাৰ কামনা কৰিছিলা, যাতে তোমালোকেও নিজৰ সেই ভাতৃসকলৰ দৰে আল্লাহৰ পথত শ্বহীদ হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰা, যিসকলে বদৰৰ যুদ্ধত শ্বহীদ হৈছিল। চোৱা, এতিয়া তোমালোকে উহুদৰ ময়দানত সেই দৃশ্য নিজ চকুৰে দেখিলা যিটো তোমালোকে কামনা কৰিছিলা।
Tefsiret në gjuhën arabe:
Dobitë e ajeteve të kësaj faqeje:
• الابتلاء سُنَّة إلهية يتميز بها المجاهدون الصادقون الصابرون من غيرهم.
পৰীক্ষা লোৱাটো আল্লাহৰ সাধাৰণ নিয়ম, যাৰ জৰিয়তে সত্যবাদী আৰু ধৈৰ্যশীল মুজাহিদসকলৰ পৰিচয় পোৱা যায়।

• يجب ألا يرتبط الجهاد في سبيل الله والدعوة إليه بأحد من البشر مهما علا قدره ومقامه.
আল্লাহৰ পথত কৰা যুদ্ধ তথা তেওঁৰ পিনে আহ্বান কৰা কাৰ্যক কোনো এজন ব্যক্তিৰ লগত সম্পৃক্ত কৰা ঠিক নহয়, তাৰ মৰ্যদা আৰু সন্মান যিমানেই উচ্চ নহওঁক কিয়।

• أعمار الناس وآجالهم ثابتة عند الله تعالى، لا يزيدها الحرص على الحياة، ولا ينقصها الإقدام والشجاعة.
মানুহৰ আয়ু তথা মৃত্যুৰ সময় আল্লাহৰ ওচৰত নিৰ্ধাৰিত। মানুহৰ জীয়াই থকাৰ আকাংক্ষাই তাৰ আয়ু বৃদ্ধি কৰিব নোৱাৰে আৰু ক্ষমতাৰ বলতো ইয়াক হ্ৰাস কৰিব নোৱাৰে।

• تختلف مقاصد الناس ونياتهم، فمنهم من يريد ثواب الله، ومنهم من يريد الدنيا، وكلٌّ سيُجازَى على نيَّته وعمله.
মানুহৰ উদ্দেশ্যে আৰু সংকল্প ভিন ভিন। কোনোবাই আল্লাহৰ প্ৰতিফল বিচাৰে আকৌ আন কোনোবাই বিচাৰে পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰী। এতেকে প্ৰত্যেককে তাৰ কৰ্ম আৰু নিয়্যত অনুযায়ী প্ৰতিদান দিয়া হ’ব।

 
Përkthimi i kuptimeve Ajeti: (143) Surja: Ali Imran
Përmbajtja e sureve Numri i faqes
 
Përkthimi i kuptimeve të Kuranit Fisnik - Përkthimi asamisht - tefsiri i përmbledhur i Kuranit Fisnik (El Muhtesar) - Përmbajtja e përkthimeve

Botuar nga Qendra e Tefsirit për Studime Kuranore.

Mbyll